দ্য লিটল মাৰমেইড (ইংৰাজী ভাষা: The Little Mermaid; জন্ম: ২০২৩) — হ’ল এখন আমেৰিকা যুক্তৰাষ্ট্ৰন মিউজিকেল ফেণ্টাচী চলচ্চিত্ৰ। এইখন ১৯৮৯ চনৰ একে নামৰ এনিমেটেড ছবিখনৰ এটা লাইভ-একচন সংস্কৰণ, যিখন ১৮৩৭ চনৰ হান্স ক্ৰীষ্টিয়ান এণ্ডাৰছনৰ সাধুকথাৰ ওপৰত আধাৰিত। ওৱাল্ট ডিজনি পিকচাৰ্ছ, ডিলুকা মাৰ্শ্বাল আৰু মাৰ্ক প্লেট প্ৰডাকচনচৰদ্বাৰা নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছে ৰব মাৰ্শ্বালে। হেলি বেইলীয়ে মৎস্যকন্যা ৰাজকুমাৰী এৰিয়েলৰ চৰিত্ৰত অভিনয় কৰিছে আৰু সহায়ক চৰিত্ৰত জোনা হাউৱাৰ-কিং, ডেভিদ ডিগছ, অকৱাফিনা, জেকব ট্ৰেম্বলৈ, নোমা ডুমেজৱেনি, আৰ্ট মালিক, জাভিয়াৰ বাৰডেম আৰু মেলিনা মেককাৰ্থীয়ে অভিনয় কৰিছে। ছবিখনৰ কাহিনীভাগ মৎস্যকন্যা এৰিয়েলক লৈ আগবাঢ়িছে, যিয়ে মানুহৰ পৃথিৱীখনৰ প্ৰতি আকৰ্ষিত হৈ পৰে আৰু ৰাজকুমাৰ এৰিকক জাহাজ দুৰ্ঘটনাৰপৰা ৰক্ষা কৰাৰ পাছত পৃথিৱীত খোজ দিয়াৰ বাবে সাগৰীয় ডাইনী উৰ্চুলাৰ সৈতে এক চুক্তিত আবদ্ধ হয়।
২০১৬ চনৰ মে’ মাহত ১৯৮৯ চনৰ ছবিখনৰ এই ৰিমেকৰ পৰিকল্পনা নিশ্চিত কৰা হৈছিল। ২০১৭ চনৰ ডিচেম্বৰত ডিজনীয়ে ঘোষণা কৰে যে মাৰ্শ্বালক পৰিচালনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। ২০১৯ চনৰ জুলাই মাহৰপৰা নৱেম্বৰ মাহৰ ভিতৰত ছবিখনৰ কলা-কুশলীসকল নিৰ্বাচন কৰা হৈছিল। লণ্ডনত ২০২০ চনৰ মাৰ্চ মাহৰপৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কথা আছিল যদিও ক’ভিড-১৯ মহামাৰীৰ বাবে ই পলম হয়। অৱশেষত ২০২১ চনৰ জানুৱাৰী মাহৰপৰা জুলাই মাহলৈ ইংলেণ্ডৰ পাইনউড ষ্টুডিঅ’ আৰু ইটালীৰ চাৰ্ডিনিয়া দ্বীপত দৃশ্যগ্ৰহণ সম্পন্ন হয়। সুৰকাৰ এলান মেনকেনে ছবিখনৰ সংগীতৰ বাবে উভতি আহে আৰু লিন-মেনুৱেল মিৰাণ্ডাৰ সৈতে নতুন গীতসমূহ ৰচনা কৰে। এই ছবিখন মূল ছবিখনৰ সহ-প্ৰযোজক তথা গীতৰ সহ-লেখক প্ৰয়াত হাৱাৰ্ড এশ্বমেনৰ নামত উৎসৰ্গা কৰা হৈছে।
২০২৩ চনৰ ৮ মে’ত লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত দ্য লিটল মাৰমেইডৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়১ আৰু ২৬ মে’ত ওৱাল্ট ডিজনি ষ্টুডিঅ’ মোচন পিকচাৰ্ছৰদ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি দিয়া হয়। ছবিখনে সমালোচকৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে আৰু ২৪০.২ নিযুত ডলাৰৰ বাজেটৰ বিপৰীতে সমগ্ৰ বিশ্বতে ৫৬৯.৬ নিযুত ডলাৰ উপাৰ্জন কৰিছে। এইখন এতিয়ালৈকে নিৰ্মিত ডিজনীৰ তেইছখন আটাইতকৈ ব্যয়-বহুল ছবিৰ ভিতৰত অন্যতম।
কাহিনী
কেৰিবিয়ান সাগৰৰ তলত থকা আটলাণ্টিকা ৰাজ্যৰ মৎস্যকন্যা ৰাজকুমাৰী এৰিয়েল মানুহৰ পৃথিৱীখনৰ প্ৰতি অত্যন্ত আকৰ্ষিত। তাই কেতিয়াও মানুহ দেখা নাই যদিও সাগৰৰ তলিত থকা তাইৰ এটা গুপ্ত স্থানত মানুহৰ বিভিন্ন বস্তু সংগ্ৰহ কৰি ৰাখে। তাইৰ পিতৃ তথা আটলাণ্টিকাৰ শাসক ৰজা ট্ৰাইটনে সকলো মৎস্যমানৱক সাগৰৰ পৃষ্ঠলৈ যোৱাটো নিষিদ্ধ কৰিছে, কিয়নো এৰিয়েলৰ মাকক এজন মানুহে হত্যা কৰিছিল। তাইৰ প্ৰিয় বন্ধু ফ্লাউণ্ডাৰৰ সৈতে তাই মাজে মাজে স্কাটল নামৰ এটা সামুদ্ৰিক চৰাইৰ ওচৰলৈ যায়, যিয়ে তাইক মানুহৰ বিষয়ে ভুল তথ্য প্ৰদান কৰে।
এদিন নিশা এৰিয়েলে সাগৰৰ ওপৰত আতচবাজী দেখা পায় আৰু সেয়া ভালদৰে চাবলৈ ওপৰলৈ আহে। সেই আতচবাজীবোৰ ওচৰৰ দ্বীপ এটাৰ ৰাজকুমাৰ এৰিকৰ জাহাজৰপৰা আহিছিল। তেনেতে এটা প্ৰচণ্ড ধুমুহা আহে আৰু জাহাজখন শিলত খুন্দা খাই ভাঙি যায়। এৰিয়েলে এৰিকক পানীত ডুবি যোৱাৰপৰা ৰক্ষা কৰি পাৰলৈ লৈ আহে আৰু তেওঁৰ বাবে গান গায়। এৰিকৰ সম্পূৰ্ণ জ্ঞান ঘূৰি অহাৰ আগতেই তাই তাৰপৰা পলাই যায়।
এৰিয়েলৰ আচৰণত অস্বাভাৱিকতা লক্ষ্য কৰি ট্ৰাইটনে তেওঁৰ উপদেষ্টা কেঁকোৰা চেবাষ্টিয়ানৰপৰা জানিব পাৰে যে এৰিয়েলে এজন মানুহৰ জীৱন ৰক্ষা কৰিছে। ইয়াতে ক্ৰোধিত হৈ ট্ৰাইটনে এৰিয়েলৰ সেই গুপ্ত স্থানটোলৈ গৈ তাইক কেতিয়াও ওপৰলৈ নাযাবলৈ আদেশ দিয়ে আৰু তাই সংগ্ৰহ কৰা মানুহৰ সকলো বস্তু ধ্বংস কৰি পেলায়। পিছত এৰিয়েলক সাগৰীয় ডাইনী উৰ্চুলাৰদ্বাৰা পঠোৱা দুটা মোৰে ইল (একপ্ৰকাৰৰ মাছ) লগ ধৰে। উৰ্চুলা হ’ল ট্ৰাইটনৰ ভগ্নী আৰু এৰিয়েলৰ মাহীয়েক, যাক পোন্ধৰ বছৰ আগতে আটলাণ্টিকাৰপৰা নিৰ্বাসিত কৰা হৈছিল।
এৰিয়েলে উৰ্চুলাৰ সৈতে এটা চুক্তিত আবদ্ধ হয়। চুক্তি অনুসৰি তাই তিনিদিনৰ বাবে মানুহৰ ৰূপ পাব কিন্তু বিনিময়ত তাই নিজৰ মাতটো উৰ্চুলাক দিব লাগিব, যিটো উৰ্চুলাই এটা শামুকৰ খোলাত বন্দী কৰি ৰাখিব। এই তিনিদিনৰ ভিতৰত এৰিয়েলে এৰিকৰপৰা "প্ৰেমৰ প্ৰথম চুমা" লাভ কৰিব লাগিব যাতে তাই চিৰকালৰ বাবে মানুহ হৈ থাকিব পাৰে। যদি তাই বিফল হয়, তেন্তে তাই পুনৰ মৎস্যকন্যা হ’ব আৰু তাইৰ আত্মা উৰ্চুলাৰ হাতলৈ যাব। মানুহৰ ভৰি লাভ কৰাৰ পাছত তাই চেবাষ্টিয়ান আৰু ফ্লাউণ্ডাৰৰ সৈতে সাগৰৰ পৃষ্ঠলৈ আহে। মানুহৰ পৃথিৱীত তাইক উদ্ধাৰ কৰি এৰিকৰ ৰাজপ্ৰাসাদলৈ লৈ যোৱা হয়। নিজৰ জীৱন ৰক্ষা কৰা ছোৱালীজনীক বিচাৰি থকা এৰিকে এৰিয়েলক লগ পায়। ৰাজপ্ৰাসাদ ভ্ৰমণ কৰি থকাৰ সময়ত এৰিয়েলে এৰিকে তেওঁৰ ভ্ৰমণৰ সময়ত সংগ্ৰহ কৰা বস্তুসমূহ দেখা পায় আৰু দুয়োৱে একেলগে কিছুসময় পাৰ কৰে।
পাছদিনা এৰিকে এৰিয়েলক নিজৰ ৰাজ্যখন ঘূৰাই দেখুৱায়। এৰিয়েলক অনুসৰণ কৰি অহা চেবাষ্টিয়ানে আৱিষ্কাৰ কৰে যে উৰ্চুলাই যাদুটোত এনেকুৱা এটা সালসলনি কৰিছে যাৰ ফলত এৰিয়েলে এৰিকক চুমা খাব লাগে বুলি পাহৰি যায়। গতিকে চেবাষ্টিয়ান, স্কাটল আৰু ফ্লাউণ্ডাৰে মিলি দুয়োৰে মাজত মিলন ঘটাবলৈ চেষ্টা কৰে। তেওঁলোক প্ৰায় সফল হৈছিল যদিও উৰ্চুলাৰ ইল দুটাই বাধা দিয়ে। এৰিয়েল সফল হোৱাৰ উপক্ৰম হোৱা দেখি উৰ্চুলাই ভানেছা নামৰ এগৰাকী সুন্দৰী যুৱতীৰ ৰূপ ধৰে আৰু এৰিয়েলৰ মাতটো ব্যৱহাৰ কৰি এৰিকক সন্মোহিত কৰে। আটলাণ্টিকাত ট্ৰাইটনে এৰিয়েলক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিয়ে আৰু তাইৰ সৈতে কৰা দুৰ্ব্যৱহাৰৰ বাবে অনুতপ্ত হয়।
পাছদিনা পুৱা এৰিয়েল আৰু তাইৰ বন্ধুসকলে গম পায় যে এৰিকে ভানেছাৰ সৈতে তেওঁৰ বাগদানৰ কথা ঘোষণা কৰিবলৈ ওলাইছে। এৰিকে বিশ্বাস কৰিছিল যে ভানেছাহে সেইগৰাকী নাৰী যিয়ে তেওঁক বচাবলৈ গান গাইছিল। স্কাটলে ভানেছাৰ আচল পৰিচয় ধৰা পেলাই এৰিয়েলক জনায়। এৰিয়েলে বাগদান অনুষ্ঠানত উপস্থিত হৈ উৰ্চুলাৰ ডিঙিত থকা শামুকৰ খোলাটো ভাঙি পেলায়। লগে লগে তাই নিজৰ মাত ঘূৰাই পায় আৰু এৰিকৰ ওপৰত থকা সন্মোহন ভাঙি যায়। কিন্তু তেওঁলোকে চুমা খোৱাৰ আগতেই সূৰ্য অস্ত যায় আৰু এৰিয়েল পুনৰ মৎস্যকন্যা হৈ পৰে। উৰ্চুলাই এৰিয়েলক টানি সাগৰৰ মাজলৈ লৈ যায়।
এৰিয়েলক বচাবলৈ ট্ৰাইটনে উৰ্চুলাৰ মুখা-মুখি হয়। কিন্তু এৰিয়েলে কৰা চুক্তিটো আছিল অখণ্ডনীয়। ট্ৰাইটনে এৰিয়েলৰ পৰিৱৰ্তে নিজকে উৰ্চুলাৰ হাতত অৰ্পণ কৰে আৰু আটলাণ্টিকাৰ ওপৰত নিজৰ ক্ষমতা হেৰুৱায়। উৰ্চুলাই নিজকে সাতখন সাগৰৰ ৰাণী বুলি ঘোষণা কৰে আৰু ট্ৰাইটনৰ ত্ৰিছূলডাল দখল কৰে। সেই সময়তে এৰিক তাত উপস্থিত হয়। উৰ্চুলাই এৰিকক হত্যা কৰিবলৈ চেষ্টা কৰোঁতে এৰিয়েলে বাধা দিয়ে। ইয়াতে ক্ৰোধিত হৈ উৰ্চুলাই ত্ৰিছূলৰ শক্তিৰে নিজৰ আকাৰ বহুত ডাঙৰ কৰি পেলায়।
সাগৰৰ পৃষ্ঠত এৰিয়েল আৰু এৰিকৰ পুনৰ মিলন ঘটে। এৰিয়েলে এখন ভগ্ন জাহাজ চলাই নিয়াৰ সুযোগ পায় আৰু জাহাজখনৰ জোঙা আগভাগটোৰে উৰ্চুলাক আঘাত কৰি তাইক হত্যা কৰে। উৰ্চুলাৰ মৃত্যুৰ লগে লগে ট্ৰাইটন পুনৰ জীয়াই উঠে। ট্ৰাইটন আৰু এৰিয়েলে অনুভৱ কৰে যে তেওঁলোকে ইজনে সিজনৰ বাবে কিমান ত্যাগ কৰিব পাৰে।
এৰিয়েল ঘৰলৈ উভতি আহে যদিও এৰিকৰ অবিহনে তাই অসুখী হৈ পৰে। চেবাষ্টিয়ানৰ পৰামৰ্শ মতে ট্ৰাইটনে এৰিয়েলক চিৰদিনৰ বাবে মানুহৰ ৰূপলৈ পৰিৱৰ্তন কৰে। এৰিয়েল আৰু এৰিকে পুনৰ লগ পায় আৰু দুয়োৰে মাক-দেউতাকৰ আশীৰ্বাদ লৈ একেলগে পৃথিৱী ভ্ৰমণ কৰাৰ সিদ্ধান্ত লয়।
বাহ্যিক সংযোগ
- The Little Mermaid at Rotten Tomatoes
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য লিটল মাৰমেইড (২০২৩ চনৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৯০৫২১ (১৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।