অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য অডিচি (২০২৬)

দ্য অডিচি (The Odyssey) হৈছে ২০২৬ চনত ক্ৰিষ্টোফাৰ ন'লানৰদ্বাৰা লিখিত আৰু পৰিচালিত এখন মহাকাব্যিক ফেণ্টাচি একচন ছবি। হোমাৰৰ প্ৰাচীন গ্ৰীক মহাকাব্য অডিচিৰ অভিযোজনা হিচাপে নিৰ্মাণ কৰা এই ছবিখনত মেট ডেমনে ইথাকাৰ গ্ৰীক ৰজা অডিচিয়াছৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ট্ৰ'জান যুদ্ধৰ পিছত দীঘলীয়া আৰু বিপজ্জনক…

হালনাগাদ: ৯ জুলাই ২০২৬ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

দ্য অডিচি (The Odyssey) হৈছে ২০২৬ চনত ক্ৰিষ্টোফাৰ ন'লানৰদ্বাৰা লিখিত আৰু পৰিচালিত এখন মহাকাব্যিক ফেণ্টাচি একচন ছবি। হোমাৰৰ প্ৰাচীন গ্ৰীক মহাকাব্য অডিচিৰ অভিযোজনা হিচাপে নিৰ্মাণ কৰা এই ছবিখনত মেট ডেমনে ইথাকাৰ গ্ৰীক ৰজা অডিচিয়াছৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ট্ৰ'জান যুদ্ধৰ পিছত দীঘলীয়া আৰু বিপজ্জনক গৃহাভিমুখী যাত্ৰাক উপস্থাপন কৰিছে। এন্নে হাথাৱেই ছবিখবত পত্নী পেনেলোপৰ চৰিত্ৰত অভিনয় কৰিছে। অন্যান্য অভিনয়-শিল্পীৰ ভিতৰত আছে টম হলণ্ড, ৰবাৰ্ট পেটিনছন, লুপিটা নিয়ং'ও, চামান্থা মৰ্টন, জেণ্ডায়া, আৰু চাৰ্লিজ থেৰন। নোলান আৰু তেওঁৰ পত্নী এমা থমাছে তেওঁলোকৰ প্ৰডাকচন কোম্পানী চিনকপিৰ জৰিয়তে ছবিখন নিৰ্মাণ কৰিছে।

২০২৪ চনৰ মাৰ্চ মাহত নোলানে দ্য অডিচি লিখিবলৈ আৰম্ভ কৰে, অক্টোবৰৰ ভিতৰত ইউনিভাৰ্চেল পিকচাৰ্ছৰ সৈতে এই প্ৰকল্পটো নিশ্চিত কৰে আৰু ডিচেম্বৰ মাহত ছবিখনৰ ঘোষণা কৰা হয়। ২০২৪ চনৰ শেষৰপৰা ২০২৫ চনৰ আৰম্ভণিলৈকে কাষ্টিং হৈছিল আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ডেমনক মুখ্য চৰিত্ৰৰ বাবে নিশ্চিত কৰা হৈছিল। নোলানে অডিচিৰ কেইবাটাও অনুবাদ অধ্যয়ন কৰিছিল। তেওঁ গ্ৰীক পৌৰাণিক কাহিনীৰ বাস্তৱিক ব্যাখ্যা চিত্ৰিত কৰিছিল, মহাকাব্যিক ঐতিহাসিক ছবি আন্দ্ৰেই ৰুবলেভ (১৯৬৬) আৰু ৰান (১৯৮৫)ৰপৰা প্ৰেৰণা লৈছিল, লগতে বিশেষ প্ৰভাৱ শিল্পী ৰে হেৰীহাউজেনৰ ছবি চাইছিল। ২০২৫ চনৰ ফেব্ৰুৱাৰীৰপৰা আগষ্টলৈকে মৰক্কো, গ্ৰীচ, ইটালী, স্কটলেণ্ড, আইচলেণ্ড, পশ্চিম চাহাৰা, আৰু মাল্টাত চিত্ৰগ্ৰহণৰ লগতে লছ এঞ্জেলছৰ ইউনিভাৰ্চেল ষ্টুডিঅ’ লটত চিত্ৰগ্ৰহণ কৰা হৈছিল। অনুমাণিক ২৫০ মিলিয়ন ডলাৰৰ বাজেটৰ এই ছবিখন নোলানৰ কেৰিয়াৰৰ আটাইতকৈ ব্যয়-বহুল ছবিসমূহৰ ভিতৰত অন্যতম, আৰু সম্পূৰ্ণৰূপে আইমেক্সৰ ৭০ মিমি ফিল্ম কেমেৰাত শ্বুটিং কৰা প্ৰথমখন ছবি। ছবিখনৰ মুক্তিৰ আগতেই সাজ-পোছাক আৰু প্ৰডাকচনৰ ডিজাইন, উচ্চাৰণ, সংলাপ আৰু কাষ্টিঙৰ পছন্দই উৎস সামগ্ৰী আৰু চিত্ৰিত পৰিৱেশৰ ঐতিহাসিক সঠিকতাৰ সন্দৰ্ভত সমালোচনাত্মক আলোচনাৰ সূচনা হৈছে।

ইউনিভাৰ্চেল পিকচাৰ্ছে ১৭ জুলাইত আমেৰিকা আৰু যুক্তৰাজ্যত থিয়েটাৰত মুক্তি পোৱাৰ পূৰ্বে ২০২৬ চনৰ ৬ জুলাইত লণ্ডনত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল। ছবিখন আইমেক্স আৰু একাধিক প্ৰিমিয়াম লাৰ্জ ফৰ্মেটত উপলভ্য হ’ব।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য অডিচি (২০২৬)” প্ৰবন্ধৰ সংশোধন ৬১৬৩৬৮ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।