অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্ৰৌপদী (১৯৩১ চলচ্চিত্ৰ)

দ্ৰৌপদী ( Draupadi ) ভাৰতীয় চলচ্চিত্ৰৰ ১৯৩১ চনত মুক্তি পোৱা এখন সবাক ছবি। ভাৰতৰ প্ৰথমখন টকী আলম আৰা (১৯৩১) মুক্তিৰ পিছত আৰ্দেশিৰ ইৰানীৰ ইম্পেৰিয়েল ফিল্ম কোম্পানীয়ে নিৰ্মাণ কৰা এই ছবিখন আছিল বৃহৎ বাজেটৰ পৌৰাণিক প্ৰযোজনা।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

দ্ৰৌপদী ( Draupadi ) ভাৰতীয় চলচ্চিত্ৰৰ ১৯৩১ চনত মুক্তি পোৱা এখন সবাক ছবি। ভাৰতৰ প্ৰথমখন টকী আলম আৰা (১৯৩১) মুক্তিৰ পিছত আৰ্দেশিৰ ইৰানীৰ ইম্পেৰিয়েল ফিল্ম কোম্পানীয়ে নিৰ্মাণ কৰা এই ছবিখন আছিল বৃহৎ বাজেটৰ পৌৰাণিক প্ৰযোজনা। ১ ইয়াৰ পৰিচালক আছিল ভাগৱতী প্ৰসাদ মিশ্ৰ, যিয়ে ফটোগ্ৰাফাৰ আৰু চিত্ৰশিল্পী হিচাপে নিজৰ নাম উজলাইছিল আৰু ইৰানীৰ সৈতে তেওঁৰ ষ্টাৰ, মেজেষ্টিক, ৰয়েল আৰু ইম্পেৰিয়েল ষ্টুডিঅ'ত কাম কৰিছিল। ২ ব্যাসদেৱৰ মহাভাৰতৰ পৰা কাহিনী অভিযোজন আৰু চিত্ৰনাট্য মিশ্ৰৰ আছিল। তাৰকা অভিনেতাসকলৰ ভিতৰত আছিল কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পৃথ্বীৰাজ কাপুৰ, ৩ দ্ৰৌপদীৰ চৰিত্ৰত এৰমেলিণ্ডা আৰু কৃষ্ণৰ চৰিত্ৰত খলিল। বাকী অভিনেতাসকলৰ ভিতৰত আছিল হাদি, এলিজাৰ, ৰুস্তম ইৰানী আৰু জিল্লুবাই। চিনেমেটোগ্ৰাফাৰ আছিল আদি ইৰানী। ৪

মহাভাৰতৰ এটা খণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখনত দুৰ্যোধনে হস্তিনাপুৰ দখল কৰাৰ পৰিকল্পনা আৰু পৰৱৰ্তী সময়ত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰি পাণ্ডৱক লজ্জিত কৰাৰ প্ৰচেষ্টাক প্ৰদৰ্শন কৰা হৈছিল।

ভাৰতীয় চলচ্চিত্ৰত দ্ৰৌপদী

নাৰীৰ প্ৰসংগত হিন্দু পৌৰাণিক কাহিনীৰ ব্যৱহাৰ, বিংশ শতিকাৰ আৰম্ভণিতে নিৰ্মিত বেছিভাগ ছবিৰে এটা সাধাৰণ বৈশিষ্ট্য আছিল। লেখক প্ৰেম চৌধৰীৰ মতে, ১৯১৬ চনৰ পৰা ১৯৪৪ চনৰ ভিতৰত প্ৰায় এঘাৰবাৰ ছবিত দ্ৰৌপদীৰ উল্লেখ কৰা হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ Draupadi (1931). indiancine.ma
  2. ↑ Ashish Rajadhyaksha; Paul Willemen; Professor of Critical Studies Paul Willemen. (10 July 2014). Encyclopedia of Indian Cinema. Routledge. পৃ. 247–. ISBN 978-1-135-94318-9
  3. ↑ Ananda Lal. (2004). The Oxford Companion to Indian Theatre. Oxford University Press. পৃ. 195. ISBN 978-0-19-564446-3
  4. ↑ Draupadi 1931. citwf.com. Alan Goble
  5. ↑ Prem Chowdhry. (2000). Colonial India and the Making of Empire Cinema: Image, Ideology and Identity. Manchester University Press. পৃ. 143–. ISBN 978-0-7190-5792-2

সম্পৰ্কিত শ্ৰেণী

হিন্দু পৌৰাণিক চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্ৰৌপদী (১৯৩১ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৫৯৩৮ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।