দ্য ষ্টাৰী নাইট হৈছে ডাচ পোষ্ট-ইম্প্ৰেছনিষ্ট চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ দ্বাৰা তৈল মাধ্যমত কৰা এখন কেনভাচ চিত্ৰ।এই চিত্ৰ খন ১৮৮৯ চনৰ জুন মাহত অংকিত কৰা হৈছিল, ইয়াত সূৰ্যোদয়ৰ ঠিক আগতে ছেইণ্ট-ৰেমি-ডি-প্ৰভেন্সত থকা তেওঁৰ আশ্ৰয় কোঠাৰ পূব দিশৰ খিৰিকীৰ পৰা দৃশ্যটো দেখুওৱা হৈছে, য'ত এখন কাল্পনিক গাওঁ যোগ দিয়া হৈছে।১২এই চিত্ৰ খন ১৯৪১ চনৰ পৰা নিউয়ৰ্ক মহানগৰ চহৰৰ আধুনিক কলা সংগ্ৰহালয়ৰ স্থায়ী সংগ্ৰহত আছে, যি লিলি পি ব্লিছ বেকুৱেষ্টৰ জৰিয়তে অধিগ্ৰহণ কৰা হৈছে। এই চিত্ৰক ভেন গঘৰ প্ৰসিদ্ধ ৰচনা হিচাপে ব্যাপকভাৱে গণ্য কৰা হয়, দ্য ষ্টাৰী নাইট হৈছে পাশ্চাত্য কলাৰ আটাইতকৈ স্বীকৃত চিত্ৰসমূহৰ ভিতৰত এখন।৩৪
আশ্ৰয়স্থল
১৮৮৮ চনৰ ২৩ ডিচেম্বৰৰ পিছৰ এদিনত গঘে তেওঁৰ বাওঁ কাণৰ স্ব-বিকৃতকৰণ কৰে,৫৬ ইয়াৰ পিছত তেওঁ স্বেচ্ছাই ১৮৮৯ চনৰ ৮ মে তাৰিখে ছেইণ্ট-পল-ডি-মাউচোল মানসিক বিকাৰৰ আশ্ৰয় স্থলত ভৰ্তি হয়। ৭৮ ছেইণ্ট-পল-ডি-মাউচোলত সাধাৰণতে সম্পদশীল লোকসকলক সেৱা আগবঢ়াইছিল আৰু ভেন গঘ ভৰ্তি হোৱাৰ সময়ত ইয়াত আধাতকৈও কম মানুহ আছিল,৯ সেয়ে তেওঁক কেৱল দ্বিতীয় মহলাৰ শোৱনি কোঠাৰ বাদেও পেইণ্টিং ষ্টুডিঅ' হিচাপে ব্যৱহাৰৰ বাবে তলৰ মহলাৰ কোঠাও দখল কৰিবলৈ অনুমতি দিয়া হৈছিল।১০
ছেইণ্ট-ৰেমি-ডি-প্ৰভেন্সৰ আশ্ৰয়স্থলত থকা সময়ছোৱাত গঘে আৰ্লেছত আৰম্ভ কৰা চিত্ৰসমূহৰ চৰ্চা অব্যাহত আছিল। ১১ এই সময়ছোৱাত তেওঁ তেওঁৰ কেৰিয়াৰৰ কেইখনমান সৰ্বশ্ৰেষ্ঠ চিত্ৰ অংকন কৰে, যি সমূহৰ ভিতৰত আছে ১৮৮৯ চনৰ মে মাহৰ পৰা অংকন আৰম্ভ কৰা আইৰিছ (বৰ্তমান জে পল গেটি সংগ্ৰহালয়ত সংৰক্ষণ হৈ আছে)আৰু ১৮৮৯ চনৰ ছেপ্টেম্বৰত আৰম্ভ কৰা তেওঁ ব্লু আত্ম-প্ৰতিকৃতি। ষ্টাৰী নাইট জুনৰ মাজভাগত প্ৰায় ১৮ জুনৰ ভিতৰত অংকন কৰা হৈছিল। সেই তাৰিখত তেওঁ তেওঁৰ ভায়েক থিঅ'লৈ এটা বাৰ্তা লিখি কৈছিল যে তেওঁ এখন তাৰকাযুক্ত আকাশ সম্পৰ্কে নতুনকৈ অধ্যয়ন কৰি আছে।১১২
তথ্যসূত্ৰ
- ↑ Pickvance 1986, পৃ. 103
- ↑ Naifeh Smith 2011, পৃ. 747
- ↑ Moyer, Edward. (14 February 2012). Interactive canvas lets viewers stir Van Gogh's 'Starry Night'. CNET News
- ↑ Kim, Hannah. (27 May 2010). Vincent van Gogh's The Starry Night, now pocket-sized!. MoMA
- ↑ Naifeh Smith 2011, পৃ. 701–7
- ↑ Pickvance 1984, পৃ. 159
- ↑ Naifeh Smith 2011, পৃ. 741–3
- ↑ Pickvance 1986, পৃ. 25–6
- ↑ Naifeh Smith 2011, পৃ. 746
- ↑ Naifeh Smith 2011, পৃ. 754
- ↑ Naifeh Smith 2011, পৃ. 592, 778
- ↑ Naifeh Smith 2011, পৃ. 759–61
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ষ্টাৰী নাইট” প্ৰবন্ধৰ সংশোধন ৩১০০৫১ (২ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।