দ্য কেৰালা ষ্ট’ৰী ২০২৩ চনৰ ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালক সুদীপ্ত সেন আৰু প্ৰযোজক বিপুল অমৃতলাল শ্বাহ।১ ছবিখনত অভিনয় কৰিছে— অদা শৰ্মা, যোগিতা বিহানী, ছোনিয়া বালানী আৰু সিদ্ধি ইদনানী। কাহিনীটোত কেৰালাৰ এদল হিন্দু মহিলাৰ কাহিনী অনুসৰণ কৰা হৈছে, যিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি ইৰাক আৰু ছিৰিয়াৰ চৰমপন্থী সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টে’টত যোগদান কৰে।
পটভূমি
‘দ্য কেৰেলা ষ্ট’ৰী’ত কেৰালাৰ বিভিন্ন অঞ্চলৰ তিনিগৰাকী যুৱতীৰ কাহিনী বৰ্ণনা কৰা হৈছে, য’ত প্ৰধানকৈ অপহৰণ কৰা আৰু পৰৱৰ্তী সময়ত জোৰ-জবৰদস্তিকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰোৱা শালিনীৰ কাহিনীৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তাৰপাছত শালিনীক উগ্ৰপন্থী কৰি তোলা হয়। আৰু সন্ত্ৰাসবাদী হিচাপে আইছিছত যোগদান কৰিবলৈ বাধ্য কৰোৱা হয়।
কলা-কুশলী
- অদা শৰ্মা - শালীনী উন্নিকৃষ্ণন/ফাতিমা
- যোগিতা বিহানী
- বেনেডিক্ট গেৰেট - পিটাৰ ৰড
- ভৱন মখিজা - ভাগ্যলক্ষ্মী
- প্ৰণয় পাচৌৰী
- সিদ্ধি ইদনানী
- চন্দ্ৰ শেখৰ দত্ত - প্ৰচাৰক
- উষা সুব্ৰমণিয়ান সক্সেনা - গীতাঞ্জলিৰ মাতৃ
- প্ৰণৱ মিশ্ৰ
- ছোনিয়া বালানী
- বিজয় কৃষ্ণ
- এলিনা কৌল - হোছনা
- ছানিয়া মিৰ - ফাৰাহ
ব্যৱসায়িক সফলতা
প্ৰথম দিনাই ভাৰতত ছবিখনে গাৰ্ডিয়ান্ছ অৱ দ্য গেলেক্সী ভলিউমৰ উপাৰ্জন অতিক্ৰম কৰি ₹৮.০৩ কোটি টকা উপাৰ্জন কৰে।২ একেদিনাই মুক্তি পোৱা গাৰ্ডিয়ান্ছ অৱ দ্য গেলাক্সীৰ তৃতীয় খণ্ডই ₹৭ কোটি উপাৰ্জন কৰে। কেৰালা ষ্ট’ৰী ২০২৩ চনৰ বাবে ভাৰতৰ পঞ্চম সৰ্বাধিক উন্মোচনী দিনত সৰ্বাধিক উপাৰ্জনকাৰী।৩
তথ্যসূত্ৰ
- ↑ ‘The Kerala Story’, starring Adah Sharma, gets release date. The Hindu
- ↑ Guardians of the Galaxy Vol. 3 Box Office: Survives steep competition from Bollywood’s The Kerala Story on Day 1. Bollywood Hungama
- ↑ The Kerala Story box office collection Day 1: Sudipto Sen’s film gets better opening than Selfiee, Shehzada, Kashmir Files; earns Rs 8.03 cr. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য কেৰালা ষ্ট’ৰী” প্ৰবন্ধৰ সংশোধন ৩৮৫২৪৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।