অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য নিউ এডভেঞ্চাৰছ অৱ স্নো হোৱাইট

দ্য নিউ এডভেঞ্চাৰছ অৱ স্নো হোৱাইট (জাৰ্মান: Grimms Märchen von lüsternen Pärchen) হৈছে ১৯৬৯ চনৰ এখন পশ্চিম জাৰ্মান যৌন হাস্যৰসাত্মক চলচ্চিত্ৰ। ৰল্ফ থিলেৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত মেৰী লিজডাল, ইভা ৰুয়েবাৰ-ষ্টায়েৰ আৰু ইনগ্ৰিড ভান বাৰ্গেনে অভিনয় কৰিছে।

হালনাগাদ: ১৭ মাৰ্চ ২০২৬ ৩১৮ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

দ্য নিউ এডভেঞ্চাৰছ অৱ স্নো হোৱাইট (জাৰ্মান ভাষা: Grimms Märchen von lüsternen Pärchen) হৈছে ১৯৬৯ চনৰ এখন পশ্চিম জাৰ্মান যৌন হাস্যৰসাত্মক চলচ্চিত্ৰ। ৰল্ফ থিলেৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত মেৰী লিজডাল, ইভা ৰুয়েবাৰ-ষ্টায়েৰ আৰু ইনগ্ৰিড ভান বাৰ্গেনে অভিনয় কৰিছে। চলচ্চিত্ৰখনে তিনিটা ক্লাছিক সাধুকথা স্নো হোৱাইট, চিণ্ডেৰেলা আৰু শ্লিপিং বিউটিক এক কামোদ্দীপক ৰূপত উপস্থাপন কৰিছে। ই পৰিচালক থিলেৰ কেৰিয়াৰৰ নিম্নগামী যাত্ৰাক প্ৰতিফলিত কৰে, যিয়ে দশকটোৰ আৰম্ভণিতে এগৰাকী মূলসুঁতিৰ পৰিচালক আছিল যদিও ক্ৰমান্বয়ে কম বাজেটৰ যৌন হাস্যৰসাত্মক ছবি নিৰ্মাণ কৰিবলৈ লৈছিল।১ ছবিখন মিউনিখৰ ইমেলকা ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল।

কাহিনীভাগ

ছবিখন ভ্ৰমণত থকা দুজন পৰিব্ৰাজকৰ কাহিনীৰে আগবাঢ়িছে। তেওঁলোকে স্নো হোৱাইটক লগ পায়, যি নগ্ন হৈ এটা পাহাৰত উঠি আছে আৰু তেওঁক পম খেদি ফুৰিছে এগৰাকী দুষ্ট ৰঙা চুলিৰ ৰাণীয়ে, যিগৰাকীও প্ৰায়ে নগ্ন হৈ থাকে।

পৰৱৰ্তী গন্তব্যস্থান হ’ল স্লিপিং বিউটিৰ মায়াবী দুৰ্গ। এই টোপনি যোৱা ছোৱালীজনীক কেৱল চুমা এটাৰ জৰিয়তেহে সাময়িকভাৱে সাৰ পোৱাব পাৰি আৰু কেৱল যৌন সম্ভোগৰ দ্বাৰাহে স্থায়ীভাৱে জগাই তুলিব পাৰি। যিহেতু পৰিব্ৰাজক দুজনৰ কোনোৱেই তাইৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম নহয়, সেয়েহে দুৰ্ভগীয়া ছোৱালীজনীয়ে সাধুকথাৰ হাবিখনত ঘূৰি ফুৰে আৰু মানুহ তথা জীৱ-জন্তু উভয়কে এই ক্ষেত্ৰত সহায় কৰিবলৈ বা তাইৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ কাকূতি কৰি ফুৰে।

তৃতীয়টো গুৰুত্বপূৰ্ণ কাহিনী হ’ল চিন্ডাৰেলা আৰু তাইৰ ভগ্নীসকলৰ। মূল কাহিনীটোৰ উপৰিও ছবিখনত ডাইনী, অলৌকিক ফুল আৰু জন্তুলৈ ৰূপান্তৰিত হোৱা ৰাজকুমাৰী আদি সাধুকথাৰ বহুতো উপাদান সংযোজন কৰা হৈছে।

অভিনয় শিল্পী

  • মেৰী লিজডাল (স্নো হোৱাইট হিচাপে)
  • ইভা ৰুয়েবাৰ-ষ্টায়েৰ (চিন্ডাৰেলা হিচাপে)
  • ইনগ্ৰিড ভান বাৰ্গেন (ৰাণী হিচাপে)
  • গ্যাবি ফুচ (স্লিপিং বিউটি হিচাপে)
  • কিটি কিনো (চিন্ডাৰেলাৰ প্ৰথম সতীয়া ভগ্নী হিচাপে)
  • ইভেলিন ডুট্ৰি (চিন্ডাৰেলাৰ দ্বিতীয় সতীয়া ভগ্নী হিচাপে)
  • ৱাল্টাৰ গিলাৰ (হান্স ১ হিচাপে)
  • পিটাৰ হহবাৰ্গাৰ (হেইনজ হিচাপে)
  • হুগো লিণ্ডিগাৰ (খেতিয়ক হিচাপে)
  • আইচোল্ড ষ্টিগলাৰ (বৃদ্ধা মহিলা হিচাপে)
  • ৰোছৱিথা বাৰ্কলে (জৰিণ্ডে হিচাপে)
  • মিলোস গভোজডিচ (ৰাজকুমাৰ হিচাপে)
  • ষ্টিফেন চেইটজ (জৰিংগেল হিচাপে)

মুক্তি

উত্তৰ আমেৰিকাত ছবিখন Grimm's Fairy Tales for Adults নামেৰে বহুলভাৱে মুক্তি দিয়া হৈছিল। ই আমেৰিকা আৰু কানাডাত ১.১ নিযুত ডলাৰ উপাৰ্জন কৰিছিল।২

নিউয়ৰ্ক টাইমছে ছবিখনৰ সমালোচনা কৰি কৈছিল যে, "এইখন আজিৰ দিনত আমি পাই থকা যিকোনো যৌন ছবি বা ষ্ট্ৰিপটিজৰ দৰেই পূৰ্ণবয়স্কসকলৰ বাবে উপযোগী।"৩

তথ্যসূত্ৰ

  1. ↑ Hake, Sabine. (2009). The Concise Cinegraph: Encyclopaedia of German Cinema. Berghahn Books. পৃ. 471. ISBN 978-1571816559
  2. ↑ Donahue, Suzanne Mary. (1987). American film distribution: the changing marketplace. UMI Research Press. পৃ. 298. ISBN 9780835717762 Please note figures are for rentals in US and Canada
  3. ↑ Weiler., A. H. (25 March 1971). Film: 'Grimm's Fairy Tales'. পৃ. 46

সম্পৰ্কিত শ্ৰেণী

সাধুকথাইংৰাজী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য নিউ এডভেঞ্চাৰছ অৱ স্নো হোৱাইট” প্ৰবন্ধৰ সংশোধন ৫৮৯৫৩০ (১৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।