দ্য গ্ৰেট ইণ্ডিয়ান কিচেন ( The Great Indian Kitchen ) ২০২১ চনত জিও বেবীয়ে ৰচিত আৰু পৰিচালিত ভাৰতীয় মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী ছবি।১ ছবিখনত এগৰাকী নৱবিবাহিত মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে। যিয়ে তেওঁৰ স্বামী আৰু তেওঁৰ পৰিয়ালে আশা কৰা ধৰণে অনুগত পত্নী হ'বলৈ সংগ্ৰাম কৰে।২৩ সংগীত ৰচনা কৰিছিল সুৰজ এছ কুৰুপ আৰু মেথিউছ পুলিকনে।
২০২১ চনৰ ১৫ জানুৱাৰীত OTT প্লেটফৰ্মত মুক্তি পোৱা এই ছবিখনে[4] সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ ছবি শ্ৰেষ্ঠ চিত্ৰনাট্য (বেবী) আৰু শ্ৰেষ্ঠ শব্দ ডিজাইনাৰ (টনি বাবু)- এই তিনিটা শিতানত কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।
২০২৩ চনত একে শিৰোনামেৰে তামিল ভাষাত পুনৰ নিৰ্মাণ কৰা হয়, য’ত ঐশ্বৰ্য ৰাজেশ আৰু ৰাহুল ৰবিন্দ্ৰনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৪ ২০২৫ চনত মুক্তি পোৱা এখন হিন্দী পুনৰ্নিৰ্মাণ হৈছে মিচেছ, য'ত সন্যা মালহোত্ৰা আৰু নিশান্ত দহিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৫
মুক্তি
২০২১ চনৰ ১৫ জানুৱাৰীত ছবিখন পোনপটীয়াকৈ মালয়ালম ষ্ট্ৰীমিং প্লেটফৰ্ম নিষ্ট্ৰিমত মুক্তি দিয়া হয়।৬৭ কিন্তু আমাজন প্ৰাইম ভিডিঅ' আৰু নেটফ্লিক্সকে ধৰি কেইবাটাও মূলসুঁতিৰ অ'টিটি প্লেটফৰ্মৰ লগতে প্ৰধান টেলিভিছন চেনেলে সবৰীমালা মহিলা প্ৰৱেশৰ বিষয়টোৰ সৈতে জড়িত কিছুমান দৃশ্যৰ বাবে ছবিখন নিজৰ প্লেটফৰ্ম বা চেনেলত দেখুৱাবলৈ অমান্তি হয়।৮
তথ্যসূত্ৰ
- ↑ (2021-01-15). 'The Great Indian Kitchen' review: Brilliant take on family, religion & patriarchy. The News Minute
- ↑ Praveen, S. r. (2021-01-16). 'The Great Indian Kitchen' movie review: Makes practitioners of patriarchy squirm in their seats. The Hindu
- ↑ (12 January 2021). Suraj, Nimisha Film 'The Great Indian Kitchen' to release on January 15. The New Indian Express
- ↑ The Great Indian Kitchen: THIS leading OTT platform has bagged the digital rights of Aishwarya Rajesh's film. ottplay.com
- ↑ (12 January 2021). Suraj, Nimisha Film 'The Great Indian Kitchen' to release on January 15. The New Indian Express
- ↑ "Suraj-Nimisha's The Great Indian Kitchen to release on NeeStream on January 15" . Cinema Express. 11 January 2021. Retrieved 19 January 2021
- ↑ (12 December 2021). Upcoming Malayalam Movies on OTT Platform. sajmedia.in
- ↑ The Great Indian Kitchen · Rotten Tomatoes. www.rottentomatoes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য গ্ৰেট ইণ্ডিয়ান কিচেন” প্ৰবন্ধৰ সংশোধন ৪৯৪৭৬৯ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।