অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য আননোন ৱাৰ্ল্ড

দ্য আননোন ৱাৰ্ল্ড ২০১১ চনত ভাৰতৰ পৰা নাৰী শিশুহত্যা বা মহিলা ভ্ৰুণহত্যাৰ বিষয়ে নিৰ্মিত এনিমেটেড চলচ্চিত্ৰ। ইয়াৰ পৰিচালক আৰু প্ৰযোজক বৰুণ মেহতা। এইখন চলচ্চিত্ৰ ২০১১ চনত ভাৰতৰ চেন্নাইত অনুষ্ঠিত হোৱা জনসেৱা ঘোষণা চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়।

হালনাগাদ: ২৭ মাৰ্চ ২০২৫ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দ্য আননোন ৱাৰ্ল্ড ২০১১ চনত ভাৰতৰ পৰা নাৰী শিশুহত্যা বা মহিলা ভ্ৰুণহত্যাৰ বিষয়ে নিৰ্মিত এনিমেটেড চলচ্চিত্ৰ। ইয়াৰ পৰিচালক আৰু প্ৰযোজক বৰুণ মেহতা। এইখন চলচ্চিত্ৰ ২০১১ চনত ভাৰতৰ চেন্নাইত অনুষ্ঠিত হোৱা জনসেৱা ঘোষণা চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়।১

পটভূমি

এগৰাকী যুৱতীয়ে ছোৱালী জন্ম দিবলৈ ওলাইছে। মাকৰ গৰ্ভত শিশুটিয়ে নিজৰ পৃথিৱীখন স্থাপন কৰে য’ত তাই খেলা-ধূলা কৰে, নাচি থাকে, দোল খায় আৰু আনন্দৰে ইফালে সিফালে জঁপিয়াই থাকে। বাস্তৱ জগতৰ অজ্ঞাত এখন পৃথিৱী। শিশুটিয়ে তাইৰ বাস্তৱ জগতত আগমনৰ বাবে আনন্দৰে অপেক্ষা কৰি আছে, কিন্তু যেতিয়া তাইৰ পিতৃ-মাতৃয়ে গৰ্ভপাত কৰাৰ সিদ্ধান্ত লয় তেতিয়া সন্তানটোক গৰ্ভৰ ভিতৰতে হত্যা কৰা হয়। শিশুটিয়ে চকুৰ সন্মুখতে তাইৰ পৃথিৱীখন ধ্বংস হোৱাটোহে দেখিব পাৰে।

অভ্যৰ্থনা

চেন্নাইত অনুষ্ঠিত প্ৰথম জনসেৱা ঘোষণা (পি এছ এ) চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল দ্য আননোন ৱাৰ্ল্ড। ইয়াৰ থিম ‘মহিলা ভ্ৰুণহত্যা’ৰ বাবে বিশেষ পুৰস্কাৰ লাভ কৰে। ২০১২ চনত আমেৰিকাৰ ৱেবছাইট Buzzgoo.comৰ দ্বাৰা আয়োজিত আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত জয়ী হয়।২৩

সমগ্ৰ ভাৰতৰ বহু চহৰত এই ছবিখন প্ৰদৰ্শিত হৈছিল। ছ’চাইটি অৱ এনিমেচন ইন দিল্লী চমুকৈ এছ এ আই ডিয়ে ২০১২ চনত এক বঁটা অনুষ্ঠানত ছবিখনক সন্মান জনাইছিল।আলিগড় চৰকাৰে সামাজিক সংস্থা মানৱ উপকাৰে আয়োজন কৰা এক অনুষ্ঠানতো এই ছবিখনক সন্মান জনাইছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Interview with Varun Mehta – Wiz Animation Studio – Founder, CEO
  2. ↑ (28 May 2012). 'The Unknown World' short film by Varun Mehta wins International Short Film Contest online. Animationxpress.com
  3. ↑ buzzgoo Announces Winners of Inaugural Short Film and Photography Competitions. Prweb.com

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীচলচ্চিত্ৰহিন্দী চলচ্চিত্ৰভাৰতীয় নাৰীবাদী চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য আননোন ৱাৰ্ল্ড” প্ৰবন্ধৰ সংশোধন ৪৯৮৩৭৪ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।