সৰলপাৰা এফ.ভি (Saralpara) অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন গাঁও। এই গাঁওখন কোকৰাঝাৰ চহৰৰ পৰা ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰৈত, ভাৰত-ভূটান সীমান্তৰ ওচৰত অৱস্থিত।১২৩৪ সৰলপাৰা ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে পৰিচিত। সাম্প্ৰতিক সময়ত গাঁওখন এক স্থানীয় পৰ্যটন কেন্দ্ৰ তথা বনভোজস্থলীলৈ পৰিণত হৈছে।
ভূগোল
সৰলপাৰা গাঁওখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। গাঁওখনৰ মুঠ ভৌগোলিক আয়তন ২.৭৬ বৰ্গকিলোমিটাৰ (১.০৭ বৰ্গমাইল)। ভাৰত-ভূটান সীমান্তৱৰ্তী, এই গাঁওখন গুৱাহাটী চহৰৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ২২৬ কিলোমিটাৰ নিলগত অৱস্থিত।
জনগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি৫ সৰলপাৰাৰ জনসংখ্যা ৯৪২ জন, ইয়াৰে ৬৪৪জন পুৰুষ আৰু ২৯৮জনী মহিলা। ০ৰ পৰা ৬ বছৰ বয়সৰ শিশুৰ জনসংখ্যা ৫১জন, ই মুঠ জনসংখ্যাৰ ৫.৪১%।
ৰাজ্যৰ গড় (লিংগ অনুপাত) ৯৫৮ জনৰ তুলনাত সৰলপাৰা গাঁৱৰ লিংগ অনুপাত প্ৰায় ৪৬৩। সৰলপাৰাত সাক্ষৰতাৰ হাৰ ৮৬.৮৪%, যাৰ ৯৩.৯৪% পুৰুষৰ আৰু ৭১.৪৮% মহিলাৰ। সৰলপাৰাৰ মুঠ জনসংখ্যাৰ ০.৯৬% অনুসূচিত জাতি আৰু ৫১.০৬% অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰলপাৰা” প্ৰবন্ধৰ সংশোধন ৫২১৭৬৭ (১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।