মাত্তুৰ (ইংৰাজী ভাষা: Mattur or Mathur) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ শিৱাম'গা নগৰৰ ওচৰৰ এখন গাঁও। এই গাঁওখনৰ অধিবাসীসকলে তেওঁলোকৰ দৈনিক কথোপকথনৰ বাবে সংস্কৃত ভাষা ভাষা ব্যৱহাৰ কৰে। ১২
মাত্তুৰত এটা ৰাম মন্দিৰ, এটা শিৱালয়, সোমেশ্বৰ মন্দিৰ আৰু লক্ষ্মীকেশৱ মন্দিৰ আছে।
মাত্তুৰৰ গাতে লগা থকা হ'ছাহাল্লি গাঁৱৰো বৈশিষ্ট্য মাত্তুৰৰ সৈতে প্ৰায় একেধৰণৰ। হ'ছাহাল্লি গাঁওখন টুংগা নদীৰ আনটো পাৰে অৱস্থিত। এই দুয়োখন গাঁৱকে প্ৰায়ে একেলগে বুজোৱা হয়।৩
মাত্তুৰ আৰু হ'ছাহাল্লি গাওঁদুখন গামাকা(কাহিনী কোৱা)(ইংৰাজী ভাষা:Gamaka (storytelling)) শিল্প বৰ্তাই ৰখাৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে খ্যাত। গামাকা কৰ্ণাটকৰ গীত আৰু কাহিনী পৰিবেশনৰ এক অদ্বিতীয় কলা।
এই গাঁও দুখনত স্থানীয় ভাষা হিচাপে দৈনিক কথোপকথনৰ বাবে সংস্কৃত ভাষা ব্যৱহৃত হয়। ইয়াৰ ৯০% তকৈ বেছি অধিবাসীয়ে সংস্কৃত ভাষা জানে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Omkar Nath Koul, L. Devaki, Central Institute of Indian Languages, Unesco. (2000). Linguistic heritage of India and Asia. Central Institute of Indian Languages. পৃ. 247
- ↑ Arvind Sharma. (2005). New focus on Hindu studies. D.K. Printworld (P) Ltd.,. পৃ. 65
- ↑ Rao, Subha J. (Mar 02, 2008). Keeping Sanskrit alive. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাত্তুৰ” প্ৰবন্ধৰ সংশোধন ৩৮২৫৬৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।