অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

লুছাই পাহাৰ

লুছাই পাহাৰ (বৰ্তমান মিজো পাহাৰ বুলি কোৱা হয়) উত্তৰ-পূব ভাৰতৰ পাটকাই-আৰাকান যোমা পৰ্বতমালাত এটা পাহাৰীয়া অঞ্চল গঠন কৰা এটা পাহাৰ। এই পাহাৰটো বৰ্তমান মিজোৰাম ৰাজ্যত অৱস্থিত।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৫ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

লুছাই পাহাৰ (বৰ্তমান মিজো পাহাৰ বুলি কোৱা হয়) উত্তৰ-পূব ভাৰতৰ পাটকাই-আৰাকান যোমা পৰ্বতমালাত এটা পাহাৰীয়া অঞ্চল গঠন কৰা এটা পাহাৰ। এই পাহাৰটো বৰ্তমান মিজোৰাম ৰাজ্যত অৱস্থিত।

ভূগোল

সৰ্বোচ্চ শৃংগ ফাংপুইৰ উচ্চতা ২,১৫৭ মিটাৰলৈকে বিস্তৃত, যাক ব্লু মাউণ্টেইন বুলিও কোৱা হয়।১

উদ্ভিদ আৰু প্ৰাণী

পাহাৰবোৰৰ বেছিভাগ অংশই ঘন বাঁ‌হনিৰে আৰু জোপোহা তৰু-তৃণৰে আবৃত হৈ আছে। কিন্তু পূব অংশত সম্ভৱতঃ কম বৰষুণৰ প্ৰভাৱৰ বাবে মুকলি ঘাঁহেৰে আবৃত ঢাল পোৱা যায়, য'ত ৰ'ড'ডেণ্ড্ৰনৰ মাজত ওক আৰু পাইনৰ বাগিচা আছে। লুছাই পাহাৰৰ সৰ্বোচ্চ শৃংগ হৈছে ব্লু মাউণ্টেইন।২

বাসিন্দা

বৰ্তমান মিজোৰাম নামেৰে পৰিচিত লুছাই পাহাৰে বিভিন্ন জনজাতীয় জনগোষ্ঠীক আতিথ্য দিয়াৰ ইতিহাস বহু পুৰণি। ইয়াৰ ভিতৰত মিজো জনগোষ্ঠীয় লোকসকল সংখ্যাগৰিষ্ঠ আৰু বিশিষ্ট জনগোষ্ঠী হিচাপে পৰিচিত হৈ আহিছে। আন এক জনজাতীয় সম্প্ৰদায় লাই জনগোষ্ঠীয়ে লুছাই পাহাৰৰ নিৰ্দিষ্ট কিছুমান অঞ্চলত বাস কৰে।

গ্ৰন্থতালিকা

  • T. H. Lewin, Wild Races of N.E. India (1870)
  • Lushai Hills Gazetteer (Calcutta, 1906)

তথ্যসূত্ৰ

  1. ↑ Phawngpui. MizoTourism
  2. ↑ Chisholm 1911, পৃ. 130

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পাহাৰসমূহমিজোৰামত্ৰিপুৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুছাই পাহাৰ” প্ৰবন্ধৰ সংশোধন ৪৬৮৯৩৮ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।