অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

সাতপখলী

সাতপখলী (Satpakhali) অসমৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও। ২০১৪ চনত গুৱাহাটী লোকসভা সমষ্টিৰ তেতিয়াৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সাতপখলীক এখন আদৰ্শ গাঁও হিচাপে নিৰ্বাচন কৰে। জনশ্ৰুতিমতে, গাঁওখনৰ দক্ষিণে বৰভিঠা নামেৰে ঠাইত সাতটা পখলী আছিল।

হালনাগাদ: ২৫ আগষ্ট ২০২৪ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

সাতপখলী (Satpakhali) অসমৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও।১ ২০১৪ চনত গুৱাহাটী লোকসভা সমষ্টিৰ তেতিয়াৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সাতপখলীক এখন আদৰ্শ গাঁও হিচাপে নিৰ্বাচন কৰে।২ জনশ্ৰুতিমতে, গাঁওখনৰ দক্ষিণে বৰভিঠা নামেৰে ঠাইত সাতটা পখলী আছিল। সেই পখলী সাতোটাৰ নাম অনুসৰি গাঁওখনৰ নাম সাতপখলী হয়।৩ ২০১১ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ মুঠ পৰিয়ালৰ সংখ্যা ৯৪৬ আৰু মুঠ জনসংখ্যা ৪,৫৯৭ জন। মুঠ জনসংখ্যাৰ ২৫.২১ শতাংশ অনুসূচীত জাতি আৰু ০.০৭ শতাংশ অনুসূচীত জনজাতিৰ অন্তৰ্গত। সাক্ষৰতাৰ হাৰ ৮১.১৬ শতাংশ।৪ গাঁওখনৰ মুঠ মাটিকালি ৩৭৬.৯২ হেক্টৰ।১

তথ্যসূত্ৰ

  1. ↑ Satpakhali. Indian Village Directory
  2. ↑ Sansad Adarsh Gram Yojana. Maps of India
  3. ↑ মালব্য মালী. (২০০৬). সপ্তশিলা. পলাশবাৰী সাহিত্য সভা
  4. ↑ Satpakhali - Kamrup, Assam. Census 2011

সম্পৰ্কিত শ্ৰেণী

কামৰূপ জিলাঅসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাতপখলী” প্ৰবন্ধৰ সংশোধন ৪২৯৬৮০ (২৫ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।