অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মাকচুদান

মাকচুদান (ইংৰাজী: Maksudan) হ'ল ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ চুলতানপুৰ জিলাৰ লম্ভুৱা মণ্ডলৰ ধোপাপৰ সমীপৰ গোমতি নদীৰ পাৰৰ এখন গাঁও। গাঁওখনৰ মুঠ জনসংখ্যা প্ৰায় ১০ হাজাৰ। ইয়াৰে ৫৫০০ জন পুৰুষ আৰু ৪৫০০ জনী মহিলা। মাকচুদান ইয়াৰ মণ্ডল মূল চহৰ লম্ভুৱাৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

হালনাগাদ: ১৭ নৱেম্বৰ ২০২৫ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মাকচুদান (ইংৰাজী ভাষা: Maksudan) হ'ল ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ চুলতানপুৰ জিলাৰ লম্ভুৱা মণ্ডলৰ ধোপাপৰ সমীপৰ গোমতি নদীৰ পাৰৰ এখন গাঁও।১

গাঁওখনৰ মুঠ জনসংখ্যা প্ৰায় ১০ হাজাৰ। ইয়াৰে ৫৫০০ জন পুৰুষ আৰু ৪৫০০ জনী মহিলা। মাকচুদান ইয়াৰ মণ্ডল মূল চহৰ লম্ভুৱাৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ই জিলাৰ মূল চহৰ চুলতানপুৰৰ পৰা ২৫ কিলোমিটাৰ আৰু ৰাজধানী লক্ষ্ণৌৰ পৰা ১৫৫ কিলোমিটাৰ দূৰত অৱস্থিত৷ দূৰত্বৰ সৈতে এই গাঁৱৰ ওচৰৰ গাঁওসমূহ হ'ল নৰেন্দ্ৰপুৰ (০.৬ কিল'মিটাৰ), ৰামপুৰ (২ কিল'মিটাৰ), শোভিপুৰ (২.২ কিল'মিটাৰ), মামপুৰ (১.৮ কিল'মিটাৰ), ধোপাপ (২.৯ কিল'মিটাৰ)। নিকটতম চহৰসমূহ হ’ল ভদিয়ান (৯.৪ কিল'মিটাৰ), লম্ভুৱা (৫ কিল'মিটাৰ), চন্দা (১৫ কিল'মিটাৰ), ধোপাপ (৩ কিল'মিটাৰ)। জাফৰাপুৰ, জিয়ানপুৰ, মিশ্ৰপুৰ, ৰলহি কা পুৰা, খৰহনা আদি হ'ল একেটা লম্ভুৱা মণ্ডলৰ অন্তৰ্গত গাঁও।

তথ্যসূত্ৰ

  1. ↑ (2011). Basic Population Figures of India, States, Districts, Sub-District and Village, 2011. censusindia.gov.in. Ministry of Home Affairs

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাকচুদান” প্ৰবন্ধৰ সংশোধন ৫৫২৫৬৪ (১৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।