মূৰ্কংচেলেক ৰেলৱে ষ্টেচন অসমৰ ধেমাজি জিলাৰ এক অন্যতম মূল ৰেলৱে ষ্টেচন। ইয়াৰ ক'ড হৈছে MZS। এই ৰেল ষ্টেচনখনে মূৰ্কংচেলেক অঞ্চল আৰু নিকটৱৰ্তী অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলৰ সেৱা আগবঢ়ায়। ষ্টেচনখনত মুঠ তিনিটা প্লেটফৰ্ম আছে। ষ্টেচনখন ষ্টেণ্ডাৰ্ড ক্লাছ ষ্টেচনলৈ উন্নীত কৰা হৈছে।১২৩৪ এইখন একমাত্ৰ ৰেলৱে ষ্টেচন যিয়ে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰে।
ষ্টেচনৰ বিৱৰণ
ষ্টেচনৰ বিন্যাস
| জি | ৰাস্তাৰ স্তৰ | প্ৰৱেশ/প্ৰস্থান আৰু টিকট্ ঘৰ |
| পি-১ | ফুট অভাৰব্ৰিজ, চাইড প্লেটফৰ্ম, বাওঁ/সোঁফালে ১ নং দুৱাৰ খোল খাব | |
| ট্ৰেক-১ | ||
| ট্ৰেক-২ | ||
| ফুট অভাৰব্ৰিজ, আইলেণ্ড প্লেটফৰ্ম, বাওঁ/সোঁফালে ২ নং দুৱাৰ খোল খাব | ||
| আইলেণ্ড প্লেটফৰ্ম, বাওঁ/সোঁফালে ৩ নং দুৱাৰ খোল খাব | ||
| ট্ৰেক-৩ | ||
| ট্ৰেক-৪ | মালবাহী ৰেলৰ বাবে | |
| ট্ৰেক-৫ | মালবাহী ৰেলৰ বাবে |
প্লেটফৰ্মসমূহ
মুঠ ৩টা প্লেটফৰ্ম আৰু ৫টা ট্ৰেক আছে। প্লেটফৰ্মসমূহ ফুট অভাৰব্ৰিজদ্বাৰা সংযুক্ত কৰা হৈছে। এই প্লেটফৰ্মসমূহ ২৪টা ডবা এক্সপ্ৰেছ ট্ৰেইনৰ বাবে নিৰ্মাণ কৰা হৈছে। মূৰ্কংচেলেক ৰেলৱে ষ্টেচনত মালবাহী (সামগ্ৰী) ৰেল উঠোৱা আৰু নমাই অনাৰ বাবে এটা সুকীয়া মঞ্চ আছে।
ঘাই ৰেলসমূহ
- গুৱহাটীৰ–মূৰ্কংচেলেক লাচিত এক্সপ্ৰেছ।
- ৰঙিয়া–মূৰ্কংচেলেক এক্সপ্ৰেছ।
- ৰঙাপাৰা উত্তৰ–মূৰ্কংচেলেক যাত্ৰীবাহী।
- ডেকাৰগাঁও–মূৰ্কংচেলেক যাত্ৰীবাহী।
- মূৰ্কংচেলেক - লেডো ডিমো এক্সপ্ৰেছ(বিশেষ)।
- কাত্ৰা-মূৰ্কংচেলেক সাপ্তাহিক এছ এফ এক্সপ্ৰেছ।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মূৰ্কংচেলেক ৰেলৱে ষ্টেচন” প্ৰবন্ধৰ সংশোধন ৫৩৪৭৪৬ (২৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।