অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

যোগীজান

যোগীজান হৈছে অসমৰ হোজাই জিলাৰ অন্তৰ্গত এখন গাঁও। এই গাঁওখন কপিলী নদীৰ পাৰত অৱস্থিত। শিলালিপি তাম্ৰলিপিসমূহত ভূমিদান প্ৰসংগত সিদ্ধযোগীসকলৰ প্ৰসংগৰ অৱতাৰণা কৰিছে। এসময়ত কপিল মুনিয়ে মধ্যঅসমত আশ্ৰম প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ প্ৰচলিত আছে।

হালনাগাদ: ৫ জুন ২০২৫ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

যোগীজান হৈছে অসমৰ হোজাই জিলাৰ অন্তৰ্গত এখন গাঁও। এই গাঁওখন কপিলী নদীৰ পাৰত অৱস্থিত।

শিলালিপি তাম্ৰলিপিসমূহত ভূমিদান প্ৰসংগত সিদ্ধযোগীসকলৰ প্ৰসংগৰ অৱতাৰণা কৰিছে। এসময়ত কপিল মুনিয়ে মধ্যঅসমত আশ্ৰম প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ প্ৰচলিত আছে। যোগী সন্ন্যাসীসকলে জনসাধাৰণৰ পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে এটা বিশেষ জান খান্দিছিল। পিছত ই নদীৰ ৰূপ লাভ কৰে। কালক্ৰমত সেই অঞ্চলটো যোগীজান নামেৰে জনাজাত হয়।১

যোগীজানৰ বিভিন্ন অঞ্চলত আৱিষ্কৃত দশভূজা, অষ্টভূজা দুৰ্গা, কালী, মনসা আদিৰ প্ৰস্তৰ মূৰ্তিসমূহৰ পৰা অতি প্ৰাচীন কালৰে পৰাই অসমত শক্তি পূজা চলি অহাৰ ইংগিত পোৱা যায়। পুৰাতত্ত্ববিদসকলৰ মতে এই মূৰ্তিসমূহ ৭ম-৮ম শতিকাৰ।২ ৩

প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথে এই সন্দৰ্ভত বিতংকৈ তেওঁৰ দ্বাৰা লিখিত The background of Assamese Culture নামৰ কিতাপখনত উল্লেখ কৰিছে।৪

ভাৰতীয় ৰে'লৱেইৰ গুৱাহাটী-লামডিং ৰে'ল লাইনটো যোগীজানৰ ওপৰেদি পাৰ হৈছে। ইয়াতে যোগীজান ৰে'ল ষ্টেচন বুলি এখন ষ্টেচন আছে।৫

তথ্যসূত্ৰ

  1. ↑ mahabahu.com/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B
  2. ↑ nilacharai.com/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A6
  3. ↑ archaeology.assam.gov.in/as/information-services link|date=June 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
  4. ↑ www.assam.awazthevoice.in/india-news/unique-engi
  5. ↑ indiarailinfo.com/station/map/jugijan-jgjn/8299

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগীজান” প্ৰবন্ধৰ সংশোধন ৫১৫০৩৬ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।