অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

সীতাভোগ

সীতাভোগ ( Sitabhog ) ভাৰতৰ পশ্চিম বংগৰ বৰ্ধমানৰ এবিধ বিখ্যাত মিঠাই। সীতাভোগ হৈছে এবিধ সুস্বাদু মিঠাই, যি দেখিবলৈ বগা ভাত বা চেৱৈৰ দৰে আৰু গোলাপ জামুনৰ সৰু সৰু টুকুৰা দি তৈয়াৰ কৰা হয়। কটেজ চীজ বা চানা, চাউল, আটা আৰু চেনিৰ পৰা তৈয়াৰী সীতাভোগ প্ৰায় পোলাওৰ ৰূপ পায়, যাক খাবলৈ মিঠা লাগে।

হালনাগাদ: ১৩ মে’ ২০২৫ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সীতাভোগ ( Sitabhog ) ভাৰতৰ পশ্চিমবংগৰ বৰ্ধমানৰ এবিধ বিখ্যাত মিঠাই। সীতাভোগ হৈছে এবিধ সুস্বাদু মিঠাই, যি দেখিবলৈ বগা ভাত বা চেৱৈৰ দৰে আৰু গোলাপ জামুনৰ সৰু সৰু টুকুৰা দি তৈয়াৰ কৰা হয়। কটেজ চীজ বা চানা, চাউল, আটা আৰু চেনিৰ পৰা তৈয়াৰী সীতাভোগ প্ৰায় পোলাওৰ ৰূপ পায়, যাক খাবলৈ মিঠা লাগে।১

ইতিহাস

প্ৰয়াত নগেন্দ্ৰনাথ নাগৰ মতে, মহাৰাজ মহতাবচান্দ বাহাদুৰৰ শাসনকালত ক্ষেত্ৰনাথ নাগে বৰ্ধমানত প্ৰথমে বিশেষ সীতাভোগ আৰু মিহিদান আৱিষ্কাৰ কৰিছিল। এই উদ্ভাৱনৰ বাসত্তৰ বছৰৰ পাছত লৰ্ড কাৰ্জন বৰ্ধমানলৈ আহোঁতে সীতাভোগ আৰু মিহিদানাৰ তেওঁৰ মূল্যায়নৰ পিছত সমগ্ৰ ভাৰততে এই মিঠাই দুবিধে সুনাম অৰ্জন কৰে।২৩

ভৌগোলিক সূচক

বৰ্ধমানৰ সীতাভোগে ২০১৭ চনৰ ২৯ এপ্ৰিলত পশ্চিম বংগৰ ভৌগোলিক সূচক (GI) লাভ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ বাংলাৰ খাদ্য
  2. ↑ (2014-11-04). Famous Foods of Burdwan – Traditional Cuisine of Burdwan - West Bengal - TravelKhana. -Food
  3. ↑ GI report and certificate of Sitabhog and Mihidana, ipindiaservices.gov.in/GI_DOC/526/526
  4. ↑ Details · Geographical Indications · Intellectual Property India. ipindiaservices.gov.in

সম্পৰ্কিত শ্ৰেণী

পশ্চিম বংগৰ সংস্কৃতিমিঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীতাভোগ” প্ৰবন্ধৰ সংশোধন ৫০৮৪৫৩ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।