চেনাব ৰেল সেতু (Chenab Rail Bridge)খন ভাৰতৰ জম্মু আৰু কাশ্মীৰ কেন্দ্ৰশাসিত অঞ্চলৰ ৰিয়াছি জিলাত চেনাব নদীৰ ওপৰত নিৰ্মিত এখন ৰেল সেতু। নদীৰ সিমনাৰ গিৰিখাতৰ ওপৰত ১,৩১৫ মিটাৰ (৪,৩১৪ ফুট) দৈৰ্ঘ্যৰ এই ষ্টীল আৰু কংক্ৰিটৰ সেতুখন অৱস্থিত। এই গঠনত ৫৩০ মিটাৰ (১,৭৪০ ফুট) দৈৰ্ঘ্যৰ এখন প্ৰৱেশ সেতু আৰু ৭৮৫ মিটাৰ (২,৫৭৫ ফুট) দৈৰ্ঘ্যৰ এখন ডেক খিলান সেতু আছে। নদীৰ তলৰ পৰা ৩৫৯ মিটাৰ (১,১৭৮ ফুট) উচ্চতাৰ ডেকৰ সৈতে এই খিলান সেতুখন বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ ৰেল সেতু তথা খিলান সেতু। ই জম্মু–বাৰামুলা ৰেলপথৰ কৌৰী আৰু বাক্কল ৰেল ষ্টেচনৰ মাজত অৱস্থিত।
জম্মু–বাৰামুলা ৰেল প্ৰকল্পৰ আধাৰ শিলা ১৯৮৩ চনত স্থাপন কৰা হৈছিল, কিন্তু ১৯৯০ৰ দশকৰ মধ্যভাগত ধনৰ ব্যৱস্থা হোৱাৰ পিছতহে নিৰ্মাণ কাম আৰম্ভ হৈছিল। এই প্ৰকল্পটো কেইবাটাও পৰ্যায়ত আগবাঢ়িছিল: জম্মু–উধমপুৰ খণ্ড ২০০৫ চনৰ এপ্ৰিলত আৰু উধমপুৰ–কাটৰা খণ্ড ২০১৪ চনৰ জুলাইত মুকলি কৰা হৈছিল। এই ৰেলপথ শ্ৰীনগৰৰ বাহিৰলৈ সম্প্ৰসাৰিত হোৱাকৈ ২০০৮ আৰু ২০১৩ চনৰ মাজত সম্পূৰ্ণ হোৱা বাৰামুলা–বানিহাল খণ্ডৰ সৈতে সংযোগ কৰিছে
সেতুখনৰ নিৰ্মাণ ব্যয় হৈছে ১৪.৮৬ বিলিয়ন টকা (১৮০ মিলিয়ন আমেৰিকান ডলাৰ)। এই প্ৰকল্পটো ভাৰতীয় ৰেলৱেৰ কোংকণ ৰেলৱে কৰ্পোৰেচনৰ তত্ত্বাৱধানত পৰিচালিত হৈছিল। নিৰ্মাণ কাম ২০১৭ চনত আৰম্ভ হৈছিল, আৰু ২০১৭ চনৰ নৱেম্বৰত ভিত্তি সমৰ্থন সম্পূৰ্ণ হৈছিল, খিলানটো ২০২১ চনৰ এপ্ৰিলত নিৰ্মাণ হৈছিল। সেতুটো ২০২২ চনৰ আগষ্টত সম্পূৰ্ণৰূপে সম্পন্ন হৈছিল, আৰু প্ৰথম পৰীক্ষামূলক যাত্ৰা ২০২৪ চনৰ জুনত অনুষ্ঠিত হৈছিল। সেতুখন ৰেল যাতায়াতৰ বাবে ২০২৫ চনৰ ৬ জুনত উদ্বোধন কৰা হৈছিল।
পটভূমি আৰু পৰিকল্পনা
১৯৭০ৰ দশকৰ শেষৰ ফালে ভাৰত চৰকাৰে জম্মুৰ সৈতে কাশ্মীৰ উপত্যকা সংযোগ কৰিবলৈ এটা ৰেল লাইন স্থাপনৰ পৰিকল্পনা কৰিছিল। এই লাইনে কাশ্মীৰক ভাৰতৰ বাকী ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপত সহায় কৰিব।১২৩ ইয়াৰোপৰি, শীতকালত তুষাৰপাতৰ ফলত পথ সঘনাই বন্ধ হৈ পৰাৰ বাবে এই লাইনে বছৰজুৰি কাশ্মীৰ অঞ্চলৰ সৈতে এক কৌশলগত সংযোগ হিচাপে কাম কৰিব।৪ যদিও ১৯৮৩ চনত এই প্ৰকল্পৰ ভিত্তিপ্ৰস্তৰ স্থাপন কৰা হৈছিল, তথাপিও ১৯৯০ৰ দশকৰ মধ্যভাগত ধনৰ ব্যৱস্থা কৰাৰ পিছতহে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল।৫৬৭১৬ জম্মু–উধমপুৰ শাখাটো ২০০৫ চনৰ এপ্ৰিল মাহত মুকলি কৰা হৈছিল।৫৮ পৰৱৰ্তী সময়ত, ২০০৮ৰ পৰা ২০১৩ চনৰ ভিতৰত কাশ্মীৰৰ বাৰামুল্লা আৰু বানিহালৰ মাজত পৰ্যায়ক্ৰমে এটা ৰেল লাইন স্থাপন কৰা হৈছিল, আৰু পৰিকল্পিত জম্মু–বাৰামুল্লা লাইনটো শ্ৰীনগৰৰ বাহিৰলৈও বিস্তাৰিত হৈ নতুন লাইনৰ সৈতে সংযোগ হ’ব। উধমপুৰ আৰু কাটৰাৰ মাজৰ শাখাটো ২০১৪ চনৰ জুলাই মাহত যাতায়াতৰ বাবে মুকলি কৰা হৈছিল।৯
ইতিমধ্যে, ১৯৯৭ চনত উধমপুৰৰ পৰা শ্ৰীনগৰলৈ ৰেল লাইন বিস্তাৰৰ সম্ভাৱ্যতা অধ্যয়নৰ বাবে এটা জৰীপ কৰা হৈছিল।৬৭ এই লাইনটোৱে হিমালয়ৰ পীৰ পাঞ্জাল পৰ্বতমালাৰ মাজেৰে পাৰ হ’ব লাগিব,৫যাৰ বাবে একাধিক সুৰঙ্গ আৰু দলংৰ প্ৰয়োজন হৈছিল।১৩৮ কাটৰা আৰু শ্ৰীনগৰৰ মাজৰ লাইনটোৱে চেনাব নদীৰ দ্বাৰা গঠিত এটা গভীৰ খাদ পাৰ হোৱাটো প্ৰয়োজনীয় হৈ পৰিছিল।১১০১১ কাটৰাৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ (১৪ মাইল) উত্তৰত কৌৰী আৰু বাক্কালৰ মাজত নদীখন পাৰ হ’বলৈ এটা উচ্চ উচ্চতাৰ ৰেল দলংৰ অনুমোদন জনোৱা হৈছিল।১১২১৩১৪
তথ্যসূত্ৰ
- ↑ Chenab Bridge. Railway technology
- ↑ (23 June 2024). A marvel in steel. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (15 December 2024). Udhampur-Srinagar-Baramulla Rail link update. Daily News and Analysis
- ↑ (15 August 2024). A new Kashmir rail bridge that could be a game-changer for India. BBC News
- ↑ (28 October 2009). Tracking Jammu and Kashmir rail history. The Hindustan Times
- ↑ (6 October 2019). History of Railways in J&K. Daily Excelsior
- ↑ (1 January 2016). History of Railways in Jammu & Kashmir. Early Times
- ↑ (15 February 2013). India joins the superlative club, we now have the world's highest rail bridge
- ↑ (4 July 2014). Modi flags off inaugural train from Katra. দ্য হিন্দু
- ↑ (17 January 2008). Chenab Rail bridge will be highest in the world. দ্য হিন্দু
- ↑ P. Pulkkinen; S. Hopf b; A. Jutila. (2012). Conceptual design of the Chenab Bridge in India. Procedia Engineering. পৃ. 189–194
- ↑ (7 April 2021). Quixplained: Chenab arch bridge which will connect Kashmir to Kanyakumari. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Nag, Devanjana. (16 January 2020). Chenab bridge: World's highest rail bridge taller than Eiffel Tower, can withstand blasts!. The Financial Express
- ↑ Salient Features of the Chenab and Anji Khad Bridges. Konkan Railway Corporation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেনাব ৰেল সেতু” প্ৰবন্ধৰ সংশোধন ৫৭৯১৯৬ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।