ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ঐতিহাসিক চহৰ আহমদাবাদ
ঐতিহাসিক চহৰ আহমদাবাদ বা পুৰণি আহমেদাবাদ ভাৰতৰ এখন দেৱালযুক্ত চহৰ, ১৪১১ চনত গুজৰাট চুলতানীৰ প্ৰথম আহমদ শ্বাহে প্ৰতিষ্ঠা কৰিছিল। ই ছয় শতিকাজুৰি গুজৰাট ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰি পিছলৈ গুজৰাটৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু বাণিজ্যিক কেন্দ্ৰত পৰিণত হয়।
-
ওড়িশাৰ শিলৰ খোদাই
ওড়িশাৰ শিলৰ খোদাই (Stone carving in Odisha) শিলক খোদিত কৰি কলা আৰু উপযোগী বস্তুলৈ ৰূপান্তৰ কৰা ওড়িশাৰ প্ৰাচীন হস্তশিল্পৰ অনুশীলন। শিলৰ খোদাই কাৰিকৰসকলে মুখ্যতঃ পুৰী, ভুৱনেশ্বৰ আৰু কটক জিলাৰ ললিতগিৰিত অনুশীলন কৰে। ময়ূৰভঞ্জ জিলাৰ খিচিঙতো কিছু পৰিমাণে এই কলাৰ অনুশীলন কৰা হয়।
-
কংগো নদী
কংগো নদী (also known as the Zaire River; (le) fleuve Congo / Zaïre; rio Congo / Zaire) আফ্ৰিকাত অৱস্থিত এখন নদী৷ ক্ষৰণ ( discharge) ৰ দিশৰ পৰা আমাজানৰ পিছতেই এই নদী বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ নদী ৷ তাৰোপৰি 220 মিটাৰ গভীৰতাৰে কংগো নদীক বিশ্বৰ সৰ্বোচ্চ গভীৰতাৰ নদী বুলিও গণ্য কৰা হয়৷ কংগো নদীৰ…
-
কংথং
কংথং মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত অৱস্থিত এখন গাঁও আৰু পৰ্যটনস্থলী। গাঁওখনক ইয়াৰ অনন্য শিসৰ সুৰৰ নামকৰণ পৰম্পৰাৰ বাবে গীত গোৱা গাঁও বা সুহুৰিৰ গাঁও নামেৰে জনা যায়। গাৱখনত প্ৰতিগৰাকী গাঁওবাসীৰ বাবে মাতৃয়ে এটা বিশেষ সুৰ নিৰ্ধাৰণ কৰে আৰু সেই সুৰটো ব্যক্তিজনৰ পৰিচয়সূচক নাম হিচাপে ব্যৱহাৰ কৰা হয়।
-
কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰ
কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰক তামিলনাডুৰ কইম্বাটুৰত নিৰ্মিত তিতা খাদ্য বটা যন্ত্ৰক বুজায়। ২০০৫–০৬ চনত ভাৰত চৰকাৰে ইয়াক ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি দিছে। ২০১৫ চনৰ হিচাপত কইম্বাটুৰত ৭০০ৰো অধিক ৱেট গ্ৰাইণ্ডাৰ নিৰ্মাতা আছে আৰু ভাৰতত প্ৰতি এক লাখ উৎপাদনৰ বিপৰীতে ইয়াৰ মাহেকীয়া উৎপাদন ৭৫,০০০ ইউনিট।
-
কচ্ছ এম্ব্ৰইডাৰী
কচ্ছ এম্ব্ৰইডাৰী (Kutch Embroidery) হৈছে ভাৰতৰ গুজৰাটৰ কচ্ছ জিলাৰ জনজাতীয় সম্প্ৰদায়ৰ এক হস্তশিল্প আৰু স্বাক্ষৰ বহনকাৰী বস্ত্ৰ কলাৰ পৰম্পৰা। ইয়াৰ সমৃদ্ধ ডিজাইনৰ এই এম্ব্ৰইডাৰীয়ে ভাৰতীয় এম্ব্ৰইডাৰী পৰম্পৰাত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
কঠিয়াতলি
কঠীয়াতলি হৈছে নগাঁও জিলাৰ এখন গাঁও। গাঁওখনৰ মাজেদি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথখন পাৰ হৈছে। কঠীয়াতলি গাঁওখন নগাওঁ চহৰৰ পৰা ২০ কিঃমিঃ দক্ষিণত অৱস্থিত।
-
কড়াইগুড়ি
কড়াইগুড়ি এখন গাঁও আছিল৷ গাঁওখনত এডাল প্ৰকাণ্ড ডাঙৰ আৰু ওখ কৰাই গছ আছিল বাবে গাঁওখনৰ নাম কড়াইগুড়ি৷ বৰ্তমান গাঁওখন শালীধানৰ খেতি পথাৰ৷ কড়াইগুড়ি গাঁৱৰ বাসিন্দাসকলে সময়ত উঠা দি আহি আহি কিছোঁৰীডোবা আৰু কালাঝাৰ গাঁও পাতে৷ সেই কড়াইগুড়ি ঠাইত কেৱল “আই ঠাকুৰাণী” গোঁসানীৰ থানটোহে বিদ্যমান৷
-
কদালুণ্ডী নদী
কদালুণ্ডী নদী (কদলুণ্ডীপুঝা) (Kadalundi River(Kadalundipuzha) ) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ মাজেৰে বৈ যোৱা চাৰিখন প্ৰধান নদীৰ ভিতৰত অন্যতম। আন তিনিখন নদী হৈছে চালিয়াৰ, ভাৰতপুঝা আৰু তিৰুৰ নদী। এই বৰষুণনিৰ্ভৰ নদীখনৰ দৈৰ্ঘ্য ১৩০ কিলোমিটাৰ (৮১ মাইল) আৰু ই জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ নদী।
-
কদিনহি
কদিনহি ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ এখন গাঁও। গাঁওখন তিৰুৰাংগাদি নগৰৰ ওচৰত অৱস্থিত আৰু ২০০৮ চনলৈকে ইয়াত প্ৰায় ২,০০০টা পৰিয়াল বাস কৰিছিল। গাঁওখন নান্নাম্ব্ৰা পঞ্চায়তৰ অধীনত পৰিচালিত হয়।
-
কবীৰবড়
কবীৰবড় (ইংৰাজী: Kabirvad) হৈছে নৰ্মদা নদীৰ এটা সৰু নদী দ্বীপত অৱস্থিত এজোপা বট গছ। ই ভাৰতৰ গুজৰাটৰ ভাৰুচ জিলাত অৱস্থিত। এই গছ আৰু ঠাইখন পঞ্চদশ শতিকাৰ ৰহস্যবাদী-কবি কবীৰৰ সৈতে জড়িত, আৰু স্থানত কবীৰক উৎসৰ্গিত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে। এই ঠাইখন ধৰ্মীয় স্থানৰ লগতে জনপ্ৰিয় পৰ্যটনস্থলী।।
-
কমাঠীপুৰা
কমাঠীপুৰা বা কমাঠীপুৰম(Kamathipura) হৈছে ভাৰতৰ মুম্বাইৰ এটা চুবুৰীয়া অঞ্চল, যি পতিতাবৃত্তিৰ বাবে বিখ্যাত। ১৭৯৫ চনৰ পিছত মুম্বাইৰ পূৰ্বৰ সাতটা দ্বীপক সংযোগ কৰা কজৱে (causeways) নিৰ্মাণৰ সৈতে প্ৰথমে এই অঞ্চল প্ৰতিষ্ঠিত কৰা হৈছিল৷ মূলতঃ লাল বজাৰ নামেৰে জনাজাত, এই নামৰ উৎপত্তি নিৰ্মাণ ক্ষেত্ৰত কাম কৰা…
-
কমাৰবন্ধা আলি
কমাৰবন্ধা আলি হৈছে গোলাঘাট জিলাৰ অন্তৰ্গত এক ঐতিহ্যমণ্ডিত অঞ্চল। ইতিহাস প্ৰসিদ্ধ ধোদৰ আলিক যোৰহাট নগৰৰে স্ংযোগ কৰা কমাৰবন্ধা আলিয়ে চুই যোৱা বৃহৎ অঞ্চলটিয়ে সামৰি লয়, প্ৰখ্যাত দক্ষিণহেঙেৰা বজাৰ, দোলাষৰীয়া বজাৰ, বৰজান চাহ বাগিচা, শালিকীহাট আৰু কমাৰবন্ধা তিনি আলি।
-
কলাত খানত
কলাত খানত (Khanate of Kalat) আছিল এখন ব্ৰাহুই খানত, যি পাকিস্তানৰ আধুনিক কালৰ বেলুচিস্তান প্ৰদেশৰ কেন্দ্ৰস্থলত গঠন হৈছিল। ১৬৬৬ চনত এই অঞ্চলত মোগল সম্প্ৰসাৰণৰ ভাবুকিৰ প্ৰতিক্ৰিয়া স্বৰূপে গঠন হোৱা এই ৰাজ্যখনে ১৮ শতিকাৰ মাজভাগত পশ্চিমে কেৰমানৰ পৰা পূবে সিন্ধলৈকে আৰু উত্তৰে হেলমণ্ড নদীৰ পৰা দক্ষিণে…
-
কলিংগ (অঞ্চল)
কলিংগ ভাৰতৰ এক ঐতিহাসিক অঞ্চল। ইয়াক সাধাৰণতে গংগা আৰু গোদাৱৰী নদীৰ মাজৰ পূব উপকূলীয় অঞ্চল বুলি সংজ্ঞায়িত কৰা হয় যদিও ইয়াৰ সীমা শাসকসকলৰ ভূ-খণ্ডৰ লগত উঠা-নমা কৰি আহিছে। কলিংগাৰ মূল ভূ-খণ্ডই এতিয়া সমগ্ৰ ওড়িশা আৰু উত্তৰ অন্ধ্ৰপ্ৰদেশৰ কিছু অংশ সামৰি লৈছে।
-
কাকতীয় সাম্ৰাজ্য
The Kakatiya dynasty (IAST: Kākatīya) was a Telugu dynasty that ruled most of eastern Deccan region in present-day India between 12th and 14th centuries.
-
কাচুকাবে, চাইটামা
কাচুকাবে (春日部市 Kasukabe-shi) জাপানৰ চাইটামা অধ্যক্ষতাৰ এখন চহৰ, জাপানৰ মধ্যৰ কাণ্ট' অঞ্চলৰ। ১ ফেব্ৰুৱাৰী ২০১৬ত চহৰখনৰ জনসংখ্যা ২৩২২৯৪ আছিল, প্ৰতি বৰ্গ কিলোমিটাৰত ৩৫২০ জনেৰে। ঠাইখনৰ মুঠ ভূমিয়ে ৬৬ বৰ্গ কিলোমিটৰ আৱৰে। কাচুকাবে পাউলৌনিয়া কাঠৰ কিৰি-টাঞ্চু নিৰ্মাণৰ বাবে বিখ্যাত।
-
কাছুটি
কাছুটি (Kasuti) ভাৰতৰ কৰ্ণাটক ৰাজ্যত অনুশীলন কৰা লোক এম্ব্ৰইডাৰীৰ এক পৰম্পৰাগত ৰূপ। কাছুটি এম্ব্ৰইডাৰীৰ কাম অতি জটিল হয়। কেতিয়াবা হাতেৰে ৫,০০০টা লৈকে চিলাই কৰি ইয়াক প্ৰস্তুত কৰা হয়। পৰম্পৰাগতভাৱে ইল্কাল শাৰী, ৰবিকে আৰু আংগী বা কুৰ্তাৰ দৰে পোছাকৰ ওপৰত কাছুটি কৰা হয়।
-
কাজাখাস্তানৰ পৰ্যটন
কাজাখাস্তানৰ পৰ্যটন আয়তনৰ হিচাপত কাজাখস্তান নৱম বৃহত্তম দেশ আৰু বিশ্বৰ বৃহৎ মাটি কালিৰে আৱৰি থকা দেশ। কাজাখস্তানত পৰ্যটন অৰ্থনীতিৰ এটা প্ৰধান উপাদান নহয়।
-
কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান
কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান হৈছে অসমত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ অৰ্কিড উদ্যান। গোলাঘাট জিলাৰ দুৰ্গাপুৰ গাঁৱত প্ৰায় ৬ একৰ এলেকাত বিস্তৃত উদ্যানখনে কাজিৰঙাৰ গৌৰৱ বহুগুণে বৃদ্ধি কৰিছে।
-
কাঞ্চিপুৰম ৰেচম শাৰী
কাঞ্চিপুৰম ৰেচম শাৰী (Kanchipuram silk sari) ভাৰতৰ তামিলনাডুৰ কাঞ্চিপুৰম অঞ্চলত তৈয়াৰী এক প্ৰকাৰৰ ৰেচম শাৰী। এই শাৰীবোৰ তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ বেছিভাগ মহিলাই কইনা আৰু বিশেষ অনুষ্ঠানৰ শাৰী হিচাপে পিন্ধে। ইয়াক ভাৰত চৰকাৰে ২০০৫–২০০৬ চনত ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি দিছে।
-
কাঞ্জিৰাপল্লী
কাঞ্জিৰাপল্লী (Kanjirappally) ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টাইম জিলাৰ এখন তালুক আৰু এখন প্ৰধান চহৰ। ই জিলা সদৰ কোট্টায়মৰপৰা প্ৰায় ৩৮ কি.মি.(২৪ মাইল) পূব দিশত অৱস্থিত।
-
কানাডাৰ প্ৰদেশ আৰু ভূখণ্ড সমূহ
কানাডাত সৰ্বমুঠ দহখন প্ৰদেশ আৰু তিনিটা ভূখণ্ড আছে। এই সকলোবোৰ কানাডাৰ সংবিধানৰ অধীনত উপ-ৰাষ্ট্ৰীয় প্ৰশাসনিক বিভাগ। ১৮৬৭ চনত কানাডাৰ কনফেডাৰেচন (Canadian Confederation)ত ব্ৰিটিছ উত্তৰ আমেৰিকাৰ তিনিখন প্ৰদেশ অৰ্থাৎ নিউ ব্ৰুন্সউইক,ন'ভা স্ক'চিয়া আৰু কানাডা প্ৰদেশ (যি কনফেডাৰেচনৰ পিছত অন্টাৰিঅ’ আৰু…
-
কাবিনী নদী
কাবিনী নদী The Kabini River, নদী দক্ষিণ ভাৰতৰ কাবেৰী নদীৰ অন্যতম প্ৰধান উপনৈ, ইয়াৰ উৎপত্তি কেৰেলা ৰাজ্যৰ ৱায়ানাদ জিলাত পানামাৰাম নদী আৰু মানান্থাভাডি নদীৰ সংগমস্থলীৰ পৰা হয়। ই ৱায়ানাদ জিলাৰ মাজেৰে পূব দিশলৈ বৈ গৈ কৰ্ণাটকৰ মহীশূৰ জিলাত প্ৰৱেশ কৰি কৰ্ণাটকৰ মহীশূৰ জিলাৰ কাবেৰী নদীৰ সৈতে মিলিছে।
-
কালামাটি
কালামাটি উত্তৰ অসমৰ চিৰাং জিলাৰ ভাৰত আৰু ভূটান সীমান্তত অৱস্থিত এখন জনপ্ৰিয় পৰ্যটকস্থলী।
-
কালি নদী
কালি নদী বা কালী নদী ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উত্তৰ কানাড়া জিলাৰ মাজেৰে বৈ যোৱা এখন নদী। উত্তৰ কানাড়া জিলাৰ এখন সৰু গাঁও কুশাৱলীৰ সমীপত নদীখন ওপৰলৈ উঠিছে। উত্তৰ কানাড়া জিলাৰ প্ৰায় চাৰি লাখ লোকৰ জীৱনৰেখা হিচাপে পৰিগণিত হোৱা এই নদীখনে কাৰৱাৰ উপকূলৰ মাছমৰীয়াকে ধৰি লাখ লাখ লোকৰ জীৱিকাৰ বাবে সহায় কৰে।
-
কাশ্মীৰী কাগজ
কাশ্মীৰী কাগজ হ’ল কাশ্মীৰৰ এক প্ৰকাৰৰ হস্তনিৰ্মিত কাগজ। ১৫ শতিকাত প্ৰৱৰ্তন কৰা এই কাগজ ইয়াৰ বগা ৰং, মিহি গঠন আৰু পূৰ্ণতাৰ বাবে বিখ্যাত আছিল; যিবোৰ বৈশিষ্ট্য কাগজ তৈয়াৰ কৰা মেচিন আৱিষ্কাৰ হোৱাৰ আগতে দুৰ্লভ আছিল।
-
কাহো
কাহো লোহিত নদীৰ পাৰত, ভাৰত-চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত অৱস্থিত এখন সৰু গাঁও। ই অনজৌ জিলাৰ অৰুণাচল প্ৰদেশত অৱস্থিত। কাহোক ভাৰতৰ পূব প্ৰান্তৰ অন্যতম সীমান্তৱৰ্তী গাঁও হিচাপে গণ্য কৰা হয়। গাঁওখন মেয়ৰ জনগোষ্ঠীৰ লোকসকলৰ বসতিস্থল।
-
কিনশাচা
কিনশাচা (Kinshasa) হ'ল কংগো গণতান্ত্ৰিক গণৰাজ্যৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। পূৰ্বতে ইয়াক লিওপোল্ডভিল নামেৰে জনা গৈছিল। এসময়ত কংগো নদীৰ পাৰত মাছ ধৰা আৰু ব্যৱসায়িক গাঁৱৰ বসতিস্থল কিনশাচা এতিয়া বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা মেগাচিটি।
-
কিন্নাল কাৰুশিল্প
কিন্নাল কাৰুশিল্প বা কিন্হাল কাৰুশিল্প (ಕಿನ್ನಾಳ ಕಲೆ), ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এখন চহৰ কিন্নাল বা কিন্হালৰ স্থানীয় পাৰম্পাৰিক কাঠৰ কাৰুশিল্প। কিন্নাল চহৰ ইয়াৰ কিন্নাল পুতলা আৰু ধৰ্মীয় প্ৰতিমাৰ বাবে বিখ্যাত।