জাগুন ১ উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন সৰু বজাৰ লগতে চহৰ। ই নিকটতম কয়লাক্ষেত্ৰ টিপঙৰ পৰা প্ৰায় ৭ কিমি (৪.৩ মাইল) দূৰত, লেখাপানীৰ পৰা ১১ কিমি (৬.৮ মাইল) দূৰত, তিৰাপ গাঁওৰ পৰা ১৭ কিমি (১১ মাইল) দূৰত আৰু লিডোৰ পৰা ২০ কিমি (১২ মাইল) দূৰত অৱস্থিত।জাগুন ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰা লিডোৰ সৈতে সংযুক্ত। ৰাষ্ট্ৰীয় ঘাইপথ ৩১৫ যি লিডো আৰু জাগুনৰ মাজেৰে পাংচাউ পাৰ হৈ ইণ্ডো-ম্যানমাৰ সীমান্তৰ (ষ্টিলৱেল ৰোড) সৈতে সংযোগ স্থাপন কৰিছে। ইয়াত ২ খন চৰকাৰী উচ্চ বিদ্যালয়, ১২ খন মধ্য বিদ্যালয় আৰু ২০ খনতকৈ অধিক প্ৰাথমিক বিদ্যালয় আছে।
জাগুনৰ মুঠ ভৌগোলিক এলেকা হৈছে ৩৩৪.৯ হেক্টৰ। জাগুনৰ মুঠ জনসংখ্যা ৩,১৩৯ জন, যাৰ ভিতৰত পুৰুষৰ জনসংখ্যা ১,৬৬৯ আৰু মহিলাৰ জনসংখ্যা ১,৪৭০। জাগুনত প্ৰায় ৬৯১ টা পৰিয়ালৰ ঘৰ আছে। জাগুন এলেকাৰ পিনকোড ৭৮৬১৮৮। ২জাগুন গাওঁত অসমৰ তুলনাত সাক্ষৰতাৰ হাৰ অধিক। ২০১১ চনৰ লোকপিয়ল অনুসৰি জাগুন গাঁৱৰ সাক্ষৰতাৰ হাৰ আছিল ৮১.৭২%, অসমৰ ৭২.১৯%-ৰ তুলনাত। জাগুনত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৭.২২% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৭৫.৪৪%। ৩
কাষৰীয়া চহৰ তথা গাঁও
জাগুনৰ কাষৰীয়া চহৰ তথা গাঁওসমূহ হ'ল
- টিপং
- লেখাপানী
- তিৰাপ গাঁও
- লিডো,অসম
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাগুন” প্ৰবন্ধৰ সংশোধন ৪৫৬৯৭৮ (২৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।