গুৱাহাটী যুদ্ধ সমাধিস্থান অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এক সমাধিক্ষেত্ৰ। দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা কমন্ৱেল্থ সৈনিকৰ বাবে এই সমাধিস্থান আৰম্ভ কৰা হৈছিল।১ গুৱাহাটীৰ শিলপুখুৰী অঞ্চলৰ নৱগ্ৰহ পথত এই সমাধিস্থান আছে। ইয়াৰ পিছফালেই আছে নৱগ্ৰহ শ্মশান। এই পথেৰে গ'লে নৱগ্ৰহ মন্দিৰো পোৱা যায়।
ঐতিহাসিক তথ্য
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই অঞ্চলত থকা কেইবাখনো সেনা চিকিৎসালয়ত মৃত্যু হোৱা সৈনিকৰ বাবে এই সমাধিক্ষেত্ৰ আৰম্ভ কৰা হৈছিল। পিছলৈ স্থায়ী চোৱা-চিতাৰ ব্যৱস্থা নথকা আমাৰি বাৰি সৈনিক সমাধিক্ষেত্ৰ, চিলেট সৈনিক সমাধিস্থান, মহাচাৰা সমাধস্থান, নগাঁও ৰাজহুৱা সমাধিক্ষেত্ৰ আৰু গুৱাহাটী ৰাজহুৱা সমাধিস্থানৰ পৰা বহু সমাধি ইয়ালৈ অনা হয়। একে কাৰণতে ১৯৫২ চনত লুচাই পাহাৰ, বদৰপুৰ, দাৰ্জিলিং, কোচ বিহাৰ, ধুবুৰী, ডিব্ৰুগড়, দিনজান, লামডিং, চিলং, শিলচৰ আদি ঠাই পৰাও ইয়ালৈ সমাধি অনা হয়। বৰ্তমান ইয়াত দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা ৪৮৬ গৰাকী কমন্ৱেল্থ সৈনিকৰ সমাধি বা স্মাৰক আছে। ইয়াৰে ২৫টা সমাধিৰ পৰিচয় অজ্ঞাত। ইয়াৰ বাহিৰে ইয়াত চীনা সৈনিকৰো ২৪টা সমাধি আছে আৰু ২টা সমাধি যুদ্ধৰ নহয়।২
দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু হোৱা ১১জন জাপানী সৈনিকৰ অৱশিষ্ট উদ্ধাৰৰ বাবে ২০১২ চনত ইয়াৰ খনন কৰা হৈছিল।৩
তথ্যসূত্ৰ
- ↑ Gaurav Das. (4 August, 2014). Guwahati War Cemetery attracts visitors, but lacks tourism focus. The Times of India
- ↑ Cemetary details- Guwahati war cemetary. The Commonwealth War Graves Commission
- ↑ Sushanta Talukdar. (19 January, 2012). Graves of Japanese martyrs of WW II dug up. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী যুদ্ধ সমাধিস্থান” প্ৰবন্ধৰ সংশোধন ২৩৮৫৩৭ (১৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।