গ্ৰেণ্ড কেনিয়ন পৃথিৱীৰ ভিতৰতে অতি দুৰ্গম আৰু আকৰ্ষণীয় গিৰিখাত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পশ্চিমৰ আৰিজোনা প্ৰদেশৰ উত্তৰ-পশ্চিমৰ কলৰাডো মালভূমিত এই গিৰিখাত অৱস্থিত। কলৰাডো নদীৰ গভীৰ ক্ষয়ীকৰণৰ বাবেই এই বিখ্যাত গিৰিখাত সৃষ্টি হৈছে। এই গিৰিখাতৰ দৈৰ্ঘ্য ৩৫০ কিলোমিটাৰ, প্ৰস্থ ৬-ৰ পৰা ২৯ কিলোমিটাৰ আৰু গভীৰতা প্ৰায় ১,৭০০ মিটাৰ। এই গিৰিখাতত নিৰক্ষীয় অঞ্চলৰ পৰা আৰম্ভ কৰি মেৰুদেশীয় গছ-বিৰিখলৈকে সকলো ধৰণৰ গছ-গছনিৰ বিৰল সমাৱেশ ঘটিছে।
ভূতাত্ত্বিক দিশৰ পৰা চাবলৈ গ'লে গ্ৰেণ্ড কেনিয়ন পৃথিৱীৰ এক কোটি বছৰৰ আগৰ দলিল। ইয়াত লাখ লাখ বছৰ ধৰি ক্ষয় হোৱা শিলৰ ৰং-বিৰঙৰ স্তৰ দেখিবলৈ পোৱা যায়। এই শিলবিলাকৰ বেছিভাগেই ৰঙা আৰু তাৰ মাজে মাজে আন নানা ৰং মিশ্ৰিত হৈ গিৰিখাতটোৰ সৌন্দৰ্য দুগুণে চৰাইছে।
ভূতত্ত্ববিদসকলে ইয়াক পৃথিৱীৰ ইতিহাস গ্ৰন্থালয় বা প্ৰকৃতিৰ যাদুঘৰ আখ্যা দিছে। গ্ৰেণ্ড কেনিয়নৰ ভূ-স্তৰত বিভিন্ন প্ৰাণীৰ জীৱাশ্ম পোৱা গৈছে। এইবোৰৰ পৰা বিজ্ঞানীসকলে জীৱৰ ক্ৰমবিকাশৰ অধ্যয়নৰ বাবে যথেষ্ট সমল লাভ কৰিছে। প্ৰাগ ঐতিহাসিক কালত ইয়াত মানুহৰ বসতিৰ বহু প্ৰমাণ পোৱা গৈছে। বৰ্তমানে ইয়াত ৰেড ইণ্ডিয়ানসকলৰ কিছু উপজাতিয়ে বসবাস কৰে।
১৫৪০ চনত গ্ৰেণ্ড কেনিয়ন প্ৰথমে বিশ্ববাসীৰ দৃষ্টিগোচৰ হয়। ১৯১৯ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। বছৰি ইয়াত ২-৩ লাখ পৰ্যটকৰ সমাগম হয়। ইয়াত প্ৰায় দুশ বিভিন্ন প্ৰজাতিৰ চৰাই, ষাঠিটামান বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, বিশটামান বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী আৰু সৰীসৃপৰ সন্ধান পোৱা গৈছে।
তথ্য সংগ্ৰহ
- সংক্ষিপ্ত অসমীয়া বিশ্বকোষ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰেণ্ড কেনিয়ন” প্ৰবন্ধৰ সংশোধন ১৭৩৭৫৩ (২৩ জানুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।