ছিয়াং জিলা (Siang District) উত্তৰ পূূূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাখন ২০১৫ চনৰ ২৭ নৱেম্বৰৰ দিনা পশ্চিম ছিয়াং জিলা আৰু পূব ছিয়াং জিলাৰ একাংশকৈ লৈ গঠন কৰা হয়।১.
এই জিলাখনৰ নাম ব্ৰহ্মপুত্ৰ নদৰ পৰা আহিছে যাক অৰুণাচল প্ৰদেশত ছিয়াং নামেৰে জনা যায়। জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।
ভৌগোলিক অৱস্থান
ভৌগোলিক ভাৱে ছিয়াং জিলাখন অৰুণাচল প্ৰদেশৰ ছিয়াং বেল্টৰ কেন্দ্ৰস্থলত অৱস্থিত। জিলাখনৰ সদৰ ঠাই পাংগিন (Pangin)। এই নগৰখন পাছিঘাটৰ পৰা ৮০ কিমি আৰু আলঙৰ পৰা ৩০ কিমি দুৰত্বত অৱস্থিত।
ইতিহাস
ছিয়াং জিলা গঠনৰ প্ৰস্তাৱ ২০১৩ চনৰ ২১ মাৰ্চৰ দিনা নবাম টুকীৰ অৰুণাচল প্ৰদেশ চৰকাৰে গ্ৰহণ কৰে।২ ওঠৰ মাহৰ পিছত পাংগিং টাউন নতুন জিলাখনৰ সদৰ ঠাই হিচাপে চিহ্নিত কৰা হয়।৩১
ভাষা
এই জিলাত ব্যৱহৃত মূল ভাষাটো হৈছে চীন তিব্বতীয় মূলৰ আদি ভাষা।
প্ৰশাসন
এই জিলাৰ অস্থায়ী সদৰ হৈছে পাংগিন টাউন।৩
জিলাখনৰ প্ৰশাসনৰ মূল কেন্দ্ৰ কেইটা হৈছে- ৰুমগং (Rumgong) কায়িং (Kaying) আৰু ব’লেং (Boleng)। জিলাখনত বৰ্তমান নখন জিলাপৰিষদৰ সদস্য আছে, যেনে- জ’মল’ ম’বুক (Jomlo Mobuk), ৰুমগং (Rumgong), কায়িং (Kaying), পায়ুম (Payum), ব’লেং (Boleng), ৰিগা (Riga), ৰিব’-পাৰগিং (Rebo-Perging), পাংগিন (Pangin) আৰু কেবাং (Kebang)।
মহকুমা
জিলাখন চাৰিটা মহকুমাত বিভক্ত:
- ব’লেং মহকুমা (Boleng Sub-Division): ব’লেং (Boleng), ৰিগা (Riga) আৰু ৰিব’-পাৰগিং (Rebo-Perging) চাৰ্কোল
- পাংগিন মহকুমা (Pangin Sub-Division): পাংগিন (Pangin) আৰু কেবাং (Kebang) চাৰ্কোল
- ৰুমগং মহকুমা (Rumgong Sub-Division): জ’মল’ ম’বুক (Jomlo Mobuk) আৰু ৰুমগং (Rumgong) চাৰ্কোল
- কায়িং মহকুমা (Kaying Sub-Division): কায়িং (Kaying) আৰু পায়ুম (Payum)
সমষ্টি
এই জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ দুটা সমষ্টি আছে-
- ৰুমগং-কায়িং (Rumgong-Kaying) (32) - পশ্চিম অৰুণাচল লোকসভা সমষ্টি
- পাংগিন-ব’লেং (Pangin-Boleng) (35) - পূব অৰুণাচল লোকসভা সমষ্টি
তথ্যসূত্ৰ
- ↑ (28 November 2015). Siang becomes 21st district of Arunachal. The Arunachal Times
- ↑ (22 March 2013). Arunachal clears bill for four new districts. The Times of India
- ↑ Amar, Sangno. (1 December 2014). Tension over district headquarters simmers at Pangin-Boleng. The Arunachal Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিয়াং জিলা” প্ৰবন্ধৰ সংশোধন ৬২৯৬২৬ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।