চেইণ্ট ভ্লাদিমিৰ কেথেড্ৰেল হ’ল কিভ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত এটা কেথেড্ৰেল আৰু চহৰখনৰ অন্যতম প্ৰধান স্থাপত্য কীৰ্তিচিহ্ন। এই ভৱনটো ইভান ফ্ৰাংক’ ষ্ট্ৰীট, তাৰাছ শেভচেংকো বুলেভাৰ্ড আৰু বোটানিকেল স্কোৱেৰৰ সংযোগস্থলত অৱস্থিত। ২০১৮ চনৰ ডিচেম্বৰ মাহত ইউক্ৰেইনৰ পূৰ্বী অৰ্থডক্স গীৰ্জাসমূহৰ একত্ৰীকৰণ পৰিষদৰ বৈঠকৰ পিছৰেপৰা এই কেথেড্ৰেলখন ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাৰ ধৰ্মীয় কৰ্তৃত্বৰ অধীনত আছে। তাৰ আগতে এইখন ইউক্ৰেনীয় অৰ্থডক্স গীৰ্জা — কিভ পেট্ৰিয়াৰ্চেটৰ প্ৰধান গীৰ্জা আছিল।
ইতিহাস আৰু বিৱৰণ
১৮৫২ চনত মছকোৰ মেট্ৰ’পলিটান ফিলাৰেট ড্ৰজডোভ কৰ্তৃক ৰাজকুমাৰ মহান ভ্লাদিমিৰে কিয়েভান ৰাছৰ খ্ৰীষ্টানীকৰণ কৰাৰ ৯০০বছৰীয়া জয়ন্তী উপলক্ষ্যে কিভ চহৰত এটা বৃহৎ কেথেড্ৰেল নিৰ্মাণ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। সমগ্ৰ ৰাছিয়ান সাম্ৰাজ্যৰ জনসাধাৰণে এই উদ্দেশ্যে মুক্তহস্তে দান কৰিবলৈ আৰম্ভ কৰিছিল, যাৰ ফলত ১৮৫৯ চনৰ ভিতৰত কেথেড্ৰেল পুঁজিয়ে ১,০০,০০০ ৰুবলৰ এক বিশাল ধনৰাশি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি কিভ পেচেৰ্স্ক লাভ্ৰা মঠে ১০ লাখ ইটা প্ৰস্তুত কৰি কেথেড্ৰেল নিৰ্মাণৰ বাবে উপহাৰ হিচাপে আগবঢ়াইছিল। প্ৰাৰম্ভিক পৰ্যায়ত ইয়াৰ আৰ্হি নিও-বাইজেণ্টাইন শৈলীত স্থপতি আই ষ্ট্ৰম, পি স্পাৰো, আৰ বেমহৰ্ড, কে মায়েভস্কি আৰু ভি নিকোলায়েভে প্ৰস্তুত কৰিছিল। অৱশ্যে এই প্ৰকল্পৰ চূড়ান্ত ৰূপটো আলেকজেণ্ডাৰ ভিকেণ্টিয়েভিচ বেৰেট্টিৰ আছিল। এইটো এটা পৰম্পৰাগত ছয়টা স্তম্ভ আৰু তিনিটা এপ্সযুক্ত মন্দিৰ, যাৰ ওপৰত সাতটা গম্বুজ আছে। মূল গম্বুজৰ ক্ৰুচলৈকে ইয়াৰ উচ্চতা ৪৯ মিটাৰ।
কেথেড্ৰেলখনৰ ৰঙীন ভিতৰৰ অংশটো বিশেষভাৱে আকৰ্ষণীয়। ইয়াৰ মোজাইক বা কাঁচৰ টুকুৰাৰ কাৰুকাৰ্য ভেনিছ চহৰৰ কাৰিকৰসকলে সম্পন্ন কৰিছিল। অধ্যাপক আৰ্দ্ৰিয়ান প্ৰাখভৰ তত্ত্বাৱধানত এক বিখ্যাত চিত্ৰশিল্পীৰ দল— উইলহেল্ম কোটাৰ্বিনস্কি, মিখাইল নেষ্টেৰভ, মিকোলা পিমোনেংকো, পাভেল চভেডোমস্কি, ভিক্টৰ ভাছনেটচভ, মিখাইল ভ্ৰুবেল আৰু ভিক্টৰ জামিৰাইলোৱে ইয়াৰ দেৱাল চিত্ৰসমূহ সৃষ্টি কৰিছিল। কেথেড্ৰেলৰ বেদীৰ এপ্স অংশত ভাছনেটচভে অংকন কৰা দেৱীমাতৃৰ পৱিত্ৰ ছবিখনে ইয়াৰ গম্ভীৰ সৌন্দৰ্যৰ বাবে দৰ্শকক আকৰ্ষিত কৰে।
ইয়াৰ প্ৰৱেশদ্বাৰটো নীলা পটভূমিত ভাস্কৰ্য শিল্পী ৰবাৰ্ট বাখে নিৰ্মাণ কৰা কিভৰ ৰাজকুমাৰী ওলহা আৰু এইচ জাইমেনে নিৰ্মাণ কৰা ছেইণ্ট ভ্লাদিমিৰৰ ব্ৰঞ্জৰ খোদিত মূৰ্তিৰে সজোৱা হৈছে। ইয়াৰ আইকন’ষ্টেচিছখন কাৰাৰা চহৰৰপৰা অনা বগা মাৰ্বল পাথৰেৰে খোদাই কৰা হৈছে। কেথেড্ৰেলখনৰ নিৰ্মাণ কাৰ্য ১৮৮২ চনতে সম্পূৰ্ণ হৈছিল, যদিও চিত্ৰকলাৰ কামসমূহ ১৮৯৬ চনতহে সম্পূৰ্ণৰূপে শেষ হৈছিল।১

১৯২০ চনৰ পোলিশ-ছোভিয়েট যুদ্ধৰ সময়ত কেথেড্ৰেলখন ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছিল।২ ছোভিয়েট শাসনকালত কেথেড্ৰেলখন ভাঙি পেলোৱাৰপৰা কথমপি ৰক্ষা পৰিছিল, কিন্তু ইয়াক বন্ধ কৰি দিয়া হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈকে ই ধৰ্ম আৰু নাস্তিকতাৰ সংগ্ৰহালয় হিচাপে কাম কৰিছিল। খ্ৰীষ্টীয় ৩য় শতিকাৰ ধৰ্মশহীদ ছেইণ্ট বাৰবাৰাৰ পৱিত্ৰ ধৰ্মীয় অৱশিষ্টসমূহ বলচেভিকসকলে ধ্বংস কৰাৰ পূৰ্বে ছেইণ্ট মাইকেল গোল্ডেন-ডোমড মঠৰপৰা চেইণ্ট ভ্লাদিমিৰ কেথেড্ৰেললৈ স্থানান্তৰ কৰা হৈছিল আৰু তেতিয়াৰপৰা সেইসমূহ ইয়াতেই আছে।৩
যুদ্ধৰ পিছত কেথেড্ৰেলখন পুনৰ মুকলি কৰা হয় আৰু তেতিয়াৰপৰা ই একেৰাহে খোলা আছে। সেই সময়ত ই ইউক্ৰেনীয় এক্সাৰ্চেটৰ কিভ মেট্ৰ’পলিটান চিৰ প্ৰধান গীৰ্জা আছিল। ছোভিয়েট ইউনিয়নৰ ভিতৰত পৰ্যটকসকলে মুকলিকৈ এটা সক্ৰিয় অৰ্থডক্স গীৰ্জা পৰিদৰ্শন কৰিব পৰা কেইটামান স্থানৰ ভিতৰত এই কেথেড্ৰেলখন অন্যতম আছিল। ১৯৮৮ চনত যেতিয়া কিয়েভান ৰাছৰ খ্ৰীষ্টানীকৰণৰ হাজাৰবছৰীয়া জয়ন্তী উদ্যাপন কৰা হৈছিল, তেতিয়া ইয়াৰ জৰিয়তে অৰ্থডক্স ধৰ্মৰ পুনৰুত্থান ঘটিছিল, যিয়ে ধৰ্মৰ প্ৰতি ছোভিয়েট নীতিৰ এক ইতিবাচক পৰিৱৰ্তন সূচাইছিল।
ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত চেইণ্ট ভ্লাদিমিৰ কেথেড্ৰেলৰ মালিকীস্বত্বক লৈ ইউক্ৰেইনৰ অৰ্থডক্স খ্ৰীষ্টান ধৰ্মক প্ৰতিনিধিত্ব কৰা দুটা ধৰ্মীয় গোটৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। ইয়াৰ এটা গোট আছিল ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জা, যিটো সেই সময়ত মস্কো পেট্ৰিয়াৰ্চেটৰ অধীনত এটা স্বায়ত্তশাসিত সংস্থা আছিল আৰু আনটো আছিল নতুনকৈ প্ৰতিষ্ঠা হোৱা ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জা — কিভ পেট্ৰিয়াৰ্চেট। অৱশেষত কিভ পেট্ৰিয়াৰ্চেটৰ গোটে কেথেড্ৰেলখনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হয়।

বাহ্যিক সংযোগ
- History of Saint Volodymyr Cathedral, Kiev History website
- Official website
- Sobory.ru — information about the cathedral
- ukraine-gateway.org.ua — St. Volodymyr's (Volodymyrsky) Cathedral
- Володимирський собор in Wiki-Encyclopedia Kyiv
- ukraine-today.com — St Volodymyr's Cathedral in Kyiv
- Houses of Worship in Kyiv
- Encyclopedia of Ukraine, St Volodymyr's Cathedral, Kyiv
- St Volodymyr's Cathedral interior panorama
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেইণ্ট ভ্লাদিমিৰ কেথেড্ৰেল” প্ৰবন্ধৰ সংশোধন ৬৩২৮৯৮ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।