চিৰন্তন শিখা জলপ্ৰপাত (Eternal Flame Falls) নামৰ জলপ্ৰপাতটো পশ্চিম নিউয়ৰ্কৰ চেষ্টনাট ৰিজ পাৰ্কৰ এটা অংশ শ্বেল ক্ৰিক প্ৰিজাৰ্ভত অৱস্থিত আৰু ই এটা সৰু জলপ্ৰপাত। জলপ্ৰপাতটোৰ গুৰিৰ এটা সৰু গুহাত প্ৰাকৃতিক গেছ নিৰ্গত হয়, যাক জ্বলাই সৰু শিখা এটা উৎপন্ন কৰিব পাৰি। এই শিখা প্ৰায় বছৰজুৰি দেখা যায় যদিও ইয়াক নুমুৱাবও পাৰি আৰু মাজে মাজে পুনৰ জ্বলাব পৰা যায়।
শেহতীয়া উন্নয়ন
এসময়ত এই অঞ্চলটোৰ কথা কম মানুহেহে জানিছিল, কিন্তু সংবাদ মাধ্যমৰ মনোযোগ আৰু প্ৰৱেশ পথৰ উন্নতিৰ ফলত দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে।১ জলপ্ৰপাতটোৰ জনপ্ৰিয়তা বৃদ্ধিৰ ফলত কিছুমান নেতিবাচক প্ৰভাৱ পৰিছে, যেনে আৱৰ্জনা বৃদ্ধি, প্ৰাকৃতিক পৰিৱেশ নষ্ট হৈ যোৱা, প্ৰদূষণ আৰু পৰ্যটকৰ দ্বাৰা চাৰিওফালৰ ভূখণ্ডত প্ৰভাৱ।১ ২০২৩ চনৰ আগষ্ট মাহত নিউয়ৰ্কৰ অৰ্চাৰ্ড পাৰ্কৰ ইটাৰ্নেল ফ্লেম জলপ্ৰপাতৰ মূল ধাৰাটো ডাঙৰ নিৰ্মাণৰ কামৰ পিছত পুনৰ মুকলি কৰা হয়, য'ত চেষ্টনাট ৰিজ পাৰ্কৰ ইটাৰ্নেল ফ্লেম ট্ৰেইলৰ আটাইতকৈ কৌশলী অংশটো বাইপাছ কৰি ১৩৯টা বক্স ষ্টেপ সংযোজন কৰা হয় আৰু প্ৰায় ১২০ ফুট (৩৫ মিটাৰ) ট্ৰেইলৰ কাষেৰে খাদৰ ওচৰলৈকে ৰেলিং দিয়া হয়। এই জলাধাৰটোৰ মাজলৈ যোৱাটো এক প্ৰত্যাহ্বানমূলক হৈয়েই আছে; সেয়ে দৰ্শনাৰ্থীক অত্যন্ত সাৱধানতা আৰু সঠিক জোতা পিন্ধাৰ পৰামৰ্শ দিয়া হৈছে।২৩
গেছৰ গঠন আৰু উৎস
ইণ্ডিয়ানা ইউনিভাৰ্চিটি ব্লুমিংটন আৰু ইটালীৰ নেচনেল ইনষ্টিটিউট অৱ জিঅ’ফিজিক্স এণ্ড ভলকেন’লজীৰ ভূতত্ত্ববিদসকলে ২০১৩ চনত ইটাৰ্নেল ফ্লেম জলপ্ৰপাতৰ ওপৰত অধ্যয়ন কৰিছিল যাতে প্ৰাকৃতিকভাৱে পোৱা হাইড্ৰ’কাৰ্বন ছিপৰ পৰা নিৰ্গত হোৱা প্ৰাকৃতিক গেছে বায়ুমণ্ডলত সেউজ গৃহ গেছত কেনে অৰিহণা যোগায় সেই বিষয়ে ভালদৰে বুজিব পৰা যায়। তেওঁলোকে দেখিলে যে, চিৰন্তন শিখা জলপ্ৰপাত 'মেক্ৰ' ছিপ'ত ইথেন আৰু প্ৰপেনৰ ঘনত্ব অন্যান্য জনাজাত প্ৰাকৃতিক গেছৰ ছিপতকৈ বেছি (প্ৰায় ৩৫%), য'ত সাধাৰণতে অধিক পৰিমাণৰ মিথেন থাকে।৪ তেওঁলোকে অনুমান কৰিছিল যে, জলপ্ৰপাতটোৰ ছিদ্ৰটোৱে প্ৰতিদিনে প্ৰায় এক কিলোগ্ৰাম (২.২ পাউণ্ড) মিথেন নিৰ্গত কৰে।৫
গৱেষকসকলে জলপ্ৰপাতটোৰ অঞ্চলত আন অসংখ্য ‘মাইক্ৰ’ ছিপ’ৰ উপস্থিতিও লক্ষ্য কৰে। এই ছিপবোৰে নিৰ্গত হোৱা গেছক সেই অঞ্চলৰ কূপৰ পৰা ওলোৱা গেছৰ সৈতে তুলনা কৰি তেওঁলোকে নিৰ্ণয় কৰিলে যে গেছবোৰ পৃষ্ঠৰ পৰা প্ৰায় ৪০০ মিটাৰ (১,৩০০ ফুট) তলৰ ৰাইনষ্ট্ৰীট শ্বেলৰ পৰা উৎপত্তি হয়। টেকটনিক কাৰ্যকলাপে সম্ভৱতঃ শ্বেলত ফল্ট মুকলি কৰি দিছিল, যাৰ ফলত গেছবিধে ওপৰলৈ ওলাই আহিব পাৰিছিল।৪
২০১৩ চনৰ অধ্যয়নত জড়িত এজন ভূতত্ত্ববিদৰ মতে, ছিপৰ আপাত উৎসই পূৰ্বতে অজ্ঞাত ভূতাত্ত্বিক ব্যৱস্থাৰ প্ৰমাণ দিব পাৰে, যাৰ দ্বাৰা শ্বেলৰ ভিতৰত প্ৰাকৃতিক গেছ উৎপন্ন হয়। সাধাৰণতে শ্বেলৰ কাৰ্বন গঠন ভাঙি সৰু সৰু প্ৰাকৃতিক গেছৰ অণু গঠন কৰিবলৈ হ'লে শ্বেল গৰম হ'ব লাগিব (প্ৰায় ১০০ ডিগ্ৰী চেলছিয়াছ [২১২ ডিগ্ৰী ফাৰেনহাইট])। কিন্তু চিৰন্তন শিখা জলপ্ৰপাতে যিটো শ্বেলৰ পৰা গেছ আহৰণ কৰে, সেয়া সাধাৰণ গেছযুক্ত শ্বেলতকৈ কম বয়সীয়া আৰু অগভীৰ হোৱাৰ উপৰিও যথেষ্ট ঠাণ্ডা। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অতিৰিক্ত বা এতিয়াও প্ৰদৰ্শিত নোহোৱা গেছ সৃষ্টি প্ৰক্ৰিয়াই শ্বেলত প্ৰাকৃতিক গেছ সৃষ্টিত অৰিহণা যোগাব পাৰে; এটা সম্ভাৱনা হ'ল যে, শীতল পৰিস্থিতিতো শ্বেল ভাঙি পেলাব পৰা অনুঘটক উপস্থিত থাকে।৬
তথ্যসূত্ৰ
- ↑ Cernavskis, Andra. (July 10, 2014). Eternal Flame draws crowds to Orchard Park. The Buffalo News
- ↑ (March 21, 2012). Eternal Flame Falls: Nature Burning Brightly. WGRZ.com
- ↑ Spencer, Naomi. (January 26, 2012). Discs cease flying near Eternal Flame Falls. Orchard Park Bee
- ↑ (May 9, 2013). Geologists study mystery of 'eternal flames'. IU News Room: Indiana University
- ↑ Ethiopian, Giuseppe; Drobnjak, Agnieszka; Himmelman, Arndt. (May 2013). Natural seepage of shale gas and the origin of 'eternal flames' in the Northern Appalachian Basin, USA. Marine and Petroleum Geology. পৃ. 178–186
- ↑ Main, Douglas. (May 10, 2013). World's 'Most Beautiful' Eternal Flame Reveals New Gas Source. Livescience.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰন্তন শিখা জলপ্ৰপাত” প্ৰবন্ধৰ সংশোধন ৫১০৯০০ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।