চেভিয়াৰ হ্ৰদ আমেৰিকাৰ ইউটাহৰ মিলাৰ্ড কাউণ্টিৰ চেভিয়াৰ মৰুভূমিৰ আটাইতকৈ তলৰ অংশত অৱস্থিত এটা মাজে মাজে জলপূৰ্ণ হোৱা এণ্ড’ৰেইক হ্ৰদ। গ্ৰেট ছল্ট লেক আৰু ইউটা লেকৰ দৰেই ই প্লেইষ্টোচিন লেক বনেভিলৰ অৱশিষ্ট। চেভিয়াৰ হ্ৰদটো প্ৰধানকৈ বিভাৰ আৰু চেভিয়াৰ নদীৰ পানী যোগানৰপৰা উৎপত্তি হয় আৰু অতিৰিক্ত প্ৰৱাহ হ্ৰদটোৰ জলভাগৰপৰা হয় যিটো এস্কালেণ্টে-চেভিয়াৰ জলবিজ্ঞান উপ-অঞ্চলৰ অংশ।১ লিপিবদ্ধ ইতিহাসত এই হ্ৰদটোৰ বেছিভাগে অংশই শুকাই আহিছে আৰু ইয়াৰ শুকান হ্ৰদৰ তলভাগ বতাহত উৰা ধূলিৰ উৎস হৈ পৰিছে।২
ইতিহাস
প্ৰথম লিপিবদ্ধ তথ্য আছিল ১৮৭২ চনত, য’ত কোৱা হৈছিল যে, হ্ৰদটোৰ পৃষ্ঠভাগ ১৮৮ বৰ্গমাইল (৪৯০ কিলোমিটাৰ বৰ্গফুট), লৱণৰ মাত্ৰা প্ৰতি হাজাৰত ৮৬ অংশ, সাগৰৰ ডেৰ-দুগুণ আৰু সৰ্বোচ্চ গভীৰতা ১৫ ফুট (৪.৬ মিটাৰ) জুখিছিল। ১৮৮০ চনৰ জানুৱাৰী মাহত হ্ৰদটো প্ৰায় শুকান হৈ পৰিছিল আৰু যোৱা এবছৰ বা দুবছৰ ধৰি তেনেকুৱাই আছিল। এসময়ত এই হ্ৰদটোলৈ বৈ যোৱা চেভিয়াৰ নদীখন এতিয়া জলসিঞ্চনৰ বাবে বহুলাংশে ডাইভাৰ্ট কৰা হৈছে। ১৯৮৭ চনত অৱশ্যে এই হ্ৰদটো পুনৰ ১৮৭২ চনৰ লিপিবদ্ধ বৰ্ণনাৰ সৈতে মিল আছিল।
ডমিংগেজ–এস্কালেণ্টে অভিযানে ১৭৭৬ চনৰ তেওঁলোকৰ অভিযানৰ মানচিত্ৰ নিৰ্মাতা বাৰ্নাৰ্ডো ডি মিয়েৰা ৱাই পাচেকোৰ নামেৰে ইয়াক “লাগুনা দে মিয়েৰা’’ নাম দিছিল। ১৮২৫ চনত উইলিয়াম হেনৰী এছলীৰ বাবে কাম কৰা ফান্দীসকলে এই অঞ্চলটো আবদ্ধ কৰি পেলায় আৰু জেডেডিয়া স্মিথে তেওঁৰ নামেৰে ইয়াৰ নামকৰণ কৰে এছলি হ্ৰদ। কিছুমান মানচিত্ৰত ১৯ শতিকাৰ মাজভাগত জোচেফ নিকোলেটৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল। বৰ্তমান এই হ্ৰদটোৰ নামকৰণ কৰা হৈছে এই নদীখনৰ বাবে, যিখন নদী “ৰিঅ' চেভেৰো’’ (বন্য নদী [আধুনিক স্পেনিছ ভাষাত বন্য হৈছে ছালভাজে বা ছিলভেষ্ট্ৰে])ৰপৰা উদ্ভৱ হৈছে, যিটো স্থানীয় নাম প্ৰাথমিক স্পেনিছ অভিযাত্ৰীসকলে দিছিল।৩
পানী
২০১১ চনৰ শেষৰফালে অস্বাভাৱিকভাৱে ভিজা বছৰৰ বাবে মিলাৰ্ড কাউণ্টিৰ বহুতো মানৱসৃষ্ট জলাশয়ে চেভিয়াৰ নদীৰ মাজেৰে অতিৰিক্ত পানী চেভিয়াৰ হ্ৰদৰ বুকুলৈ পেলাবলৈ আৰম্ভ কৰে।৪ ১৯৮৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্লেয়াত পানীৰ অস্তিত্ব দেখা গৈছিল আৰু নিডল পইণ্টৰ কাষেৰে তললৈ বিস্তৃত আছিল, যি আছিল হ্ৰদটোৰ পশ্চিম প্ৰান্তত দেখা পোৱা বৈশিষ্ট্য। আটাইতকৈ গভীৰ স্থানত পানীৰ স্তৰ তিনি ফুটৰ ওপৰত আছিল। চেভিয়াৰ নদীৰ প্ৰৱেশদ্বাৰৰ ওচৰৰ ঠাইৰ বাহিৰে ২০% টিডিএছতকৈ অধিক লৱণীয়তাৰ বাবে পানী কেতিয়াও সম্পূৰ্ণৰূপে জমা হোৱা নাছিল, যিটো ৩২ ডিগ্ৰী ফাৰেনহাইট (০ ডিগ্ৰী চেলছিয়াছ)ৰ বহু তলত আছিল।
পটাছ খনন
২০১৮ চনত ক্ৰিষ্টাল পিক মিনাৰেলছ, ইনকৰ্পৰেটেড (CPM)-এ চেভিয়াৰ ড্ৰাই লেকৰ বাবে এটা উন্নত পৰ্যায়ৰ পটাছিয়াম ছালফেট (SOP) প্ৰকল্প ঘোষণা কৰে।৫ কোম্পানীটোৱে জনোৱা মতে, হ্ৰদৰ সমগ্ৰ শুষ্কভূমিত ব্যাপক অন্বেষণ ড্ৰিলিং আৰু অন্যান্য পৰীক্ষামূলক কাম সম্পূৰ্ণ কৰা হৈছে। ২০১৮ চনত চিপিএম-এ পটাছিয়াম ছালফেট উৎপাদনৰ বাবে এন আই ৪৩-১০১ সম্ভাৱনীয়তা অধ্যয়নও প্ৰকাশ কৰিছিল। এই অধ্যয়নত প্ৰকল্পটোৰ ৩০বছৰীয়া জীৱনকালত প্ৰায় ২৯৮,০০০ মেট্ৰিক টন পটাছিয়াম ছালফেটৰ গড় বাৰ্ষিক এছ অ’ পি উৎপাদনৰ পূৰ্বাভাস দিয়া হৈছে।৬ ২০১৯ চনৰ আগষ্ট মাহত ফেডাৰেল চৰকাৰে এই প্ৰকল্পত অনুমোদন জনায়। ২০১৯ চনত প্ৰকাশ পোৱা প্ৰতিৱেদন অনুসৰি, প্ৰকল্পটোৰ ৩০বছৰীয়া জীৱনকালত পটাছ উৎপাদন বছৰি ৩৭২,০০০ টন হ'ব পাৰে।৭
২০২১ চনৰ ডিচেম্বৰ মাহত কানাডাৰ স্বৰ্ণ কোম্পানী ৱেষ্টাৰ্ণ এক্সপ্ল’ৰেশ্যনে চিপিএম গ্ৰহণ কৰে আৰু এনভিৰ এলকোৰ উত্তৰত থকা অ’ৰা স্থানত কেৱল সোণ খননৰ ওপৰত গুৰুত্ব দিয়াৰ কথা ঘোষণা কৰে। কোম্পানীসমূহে চেভিয়াৰ ড্ৰাই লেকত পটাছ খননৰ পৰিকল্পনাৰ বিষয়ে আৰু কোনো উল্লেখ কৰা নাছিল।৮
২০২৩ চনৰ ৩১ জুলাইত দক্ষিণ ইউটা ৱাইল্ডাৰ্নেছ এলায়েন্সে অভিযোগ দাখিল কৰে যে ব্যুৰো অৱ লেণ্ড মেনেজমেণ্টে “কম পৰিৱেশ প্ৰভাৱ পেলাব পৰা বিকল্প বিবেচনা কৰাত ব্যৰ্থ হয়’’ যেতিয়া ই পিক মিনাৰেলছ, ইনকৰ্পৰেশ্যনে হ্ৰদটোৰপৰা পটাছ খননৰ প্ৰস্তাৱত অনুমোদন জনায়।৯
তথ্যসূত্ৰ
- ↑ Escalante–Sevier Watershed
- ↑ Archived copy
- ↑ Van Cott, J. W., 1990, Utah Place Names
- ↑ Sevier River Surplus Water
- ↑ (2017). Crystal Peak Minerals. Crystal Peak Minerals
- ↑ (2018). Crystal Peak Minerals Inc Announces Filing of the Feasibility Study for its Sevier Playa Potash Project. Globe News Wire
- ↑ (2019). Feds approve massive potash mine on dry Utah lakebed; it could bring hundreds of jobs, millions in sales. Salt Lake Tribune
- ↑ (December 22, 2021). Crystal Peak Minerals Inc. in its reverse takeover by Western Exploration. Osler, Hoskin & Harcourt LLP
- ↑ Clark, Sam. (August 1, 2023). Environmentalists sue to stop Sevier Lake potash mine in Millard County. KUER/Associated Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেভিয়াৰ হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৫৮২৪৬৪ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।