
ঐতিহাসিক চহৰ আহমদাবাদ বা পুৰণি আহমেদাবাদ ভাৰতৰ এখন দেৱালযুক্ত চহৰ, ১৪১১ চনত গুজৰাট চুলতানীৰ প্ৰথম আহমদ শ্বাহে প্ৰতিষ্ঠা কৰিছিল। ই ছয় শতিকাজুৰি গুজৰাট ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰি পিছলৈ গুজৰাটৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু বাণিজ্যিক কেন্দ্ৰত পৰিণত হয়। আজিও ই জনবহুল আৰু জৰাজীৰ্ণ হোৱাৰ পিছতো মহানগৰ আহমেদাবাদৰ প্ৰতীকী হৃদপিণ্ড হিচাপে কাম কৰি আছে। ২০১৭ চনৰ জুলাই মাহত ইয়াক ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ বিশ্ব ঐতিহ্য নগৰ হিচাপে সন্নিৱিষ্ট কৰা হৈছিল।১
ইতিহাস
প্ৰাচীন বসতিসমূহ বৰ্তমানৰ পুৰণি চহৰখনৰ দক্ষিণে আৰু সাবৰমতী নদীৰ পাৰত অৱস্থিত আছিল। ইয়াক আশাৱল বা আশাপল্লী বুলি জনা গৈছিল। একাদশ শতিকাত চাউলুক্য বংশৰ কৰ্ণে এই চহৰখনক নিজৰ ৰাজধানী কৰি কৰ্ণৱতী (কৰ্ণৰ নগৰ), শ্ৰীনগৰ (সমৃদ্ধিশালী চহৰ), আৰু ৰাজনগৰ (ৰজাৰ নগৰ) নামেৰে নামকৰণ কৰে।২
প্ৰথম আহমদ শ্বাহে ১৪১১ চনত মহানগৰীৰ প্ৰথম দুৰ্গ মানেক বুৰ্জৰ ভেটি স্থাপন কৰিছিল আৰু তাৰ পিছত ১৪১৩ চনত সম্পূৰ্ণ হোৱা ভদ্ৰা দুৰ্গ নিৰ্মাণ কৰিছিল। তেওঁ চহৰৰ প্ৰথম চৌহদ মানেক চকও নিৰ্মাণ কৰিছিল, যি দুয়োটা হিন্দু সাধু মানেকনাথৰ কাহিনীৰ সৈতে জড়িত। ১৪৮৪ চনলৈকে তেওঁৰ গুজৰাট চুলতানে (১৪১১–১৫৭৩) এই চহৰৰপৰা শাসন কৰিছিল। তেওঁৰ নাতি মাহমুদ বেগাদাই ১৪৮৪ চনৰপৰা ১৫৩৫ চনলৈ ৰাজধানী আহমেদাবাদৰপৰা মুহাম্মাবাদলৈ স্থানান্তৰিত কৰিছিল যদিও চহৰখন পুনৰ দুৰ্গম কৰি তুলিছিল। পিছলৈ আহমেদাবাদ পুনৰ চুলতান ৰাজ্যৰ ৰাজধানী হৈ পৰে যেতিয়ালৈকে ১৫৭৩ চনত মোগলৰ হাতত নপৰে। মোগল শাসনৰ সময়ত (১৫৭২–১৭০৭) ভদ্ৰা দুৰ্গ গুজৰাটৰ ৰাজ্যপালৰ আসন হিচাপে কাম কৰিছিল। চহৰখনৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে কেইবাটাও বসতি সংযোজন কৰি চহৰখন গঢ়ি উঠিছিল। চহৰখনৰ জনসংখ্যাৰ কোনো হিচাপ পোৱা হোৱা নাই। চহৰখনৰ আকাৰৰ কিছু ধাৰণা সমসাময়িক গ্ৰন্থসমূহত পোৱা যায়: ফেৰিষ্টা, আইন-ই-আকবাৰী, আৰু মিৰাত-ই-আহমদী। আইন-ই-আকবাৰী (১৫৮০)ৰ মতে ৩৬০টা পুৰ আছিল, ইয়াৰে সেই সময়ত মাত্ৰ চৌৰাশীটাহে গঢ়ি উঠিছিল; ফেৰিষ্টৰ মতে ১৬০০ চনত ৩৬০টা মহল্লা আছিল, প্ৰত্যেককে দেৱালেৰে আগুৰি আছিল; মিৰাত-ই-আহমদীৰ এটা অংশত কোৱা হৈছে যে এটা সময়ত ই ইমানেই জনবহুল আছিল যে ইয়াত ৩৮০টা পুৰ আছিল, প্ৰত্যেকৰে এটা বৃহৎ অঞ্চল আছিল যিটো প্ৰায় চহৰৰ দৰে আছিল; আন এটা খণ্ডত তেওঁ চহৰৰ ভিতৰৰ বাৰটা ৱাৰ্ড আৰু বাহিৰৰ আন আন ৱাৰ্ডৰ বৰ্ণনা কৰিছে আৰু চহৰখনৰ বিশদ বৰ্ণনাত তেওঁ ১১০টা উপকণ্ঠ অঞ্চলৰ নাম উল্লেখ কৰিছে, ইয়াৰে ১৯টা মোগল শাসনৰ সময়ত বসবাস কৰিছিল। জাৰ্মান ভ্ৰমণকাৰী মেণ্ডেলছলোৱে (১৬৩৮) ৰিপ'ৰ্ট কৰিছে যে উপকণ্ঠ অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা গাঁওসমূহ প্ৰায় সাত লীগ এলেকাত বিস্তৃত।৩ মোগল আৰু মাৰাঠা চহৰখন নিয়ন্ত্ৰণৰ বাবে হোৱা সংগ্ৰামৰ সময়ত (১৭০৭–১৭৫৩) চহৰখনৰ ক্ষতিসাধন হয় আৰু বহু উপকণ্ঠ অঞ্চলৰ জনবসতিহীন হৈ পৰে। এই যুদ্ধত নগৰৰ দেৱাল ভাঙি ব্যৱসায়-বাণিজ্যৰ ক্ষতিসাধন হয়। মহানগৰীৰ ৰাজহ মোগল আৰু মাৰাঠা শাসকৰ মাজত ভাগ কৰা হৈছিল। পিছলৈ মাৰাঠা শাসনৰ সময়ত (১৭৫৮–১৮১৭) চহৰখনৰ ৰাজহ পেশ্বৱা আৰু গেকৱাডৰ মাজত বিভক্ত কৰা হয়। এইবোৰে অধিক কৰ আৰোপ কৰিছিল, যাৰ ফলত চহৰখনৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছিল। ১৮১৭ চনত আহমেদাবাদ ব্ৰিটিছ কোম্পানী শাসনৰ অধীনলৈ আহে, যাৰ ফলত চহৰখন ৰাজনৈতিকভাৱে সুস্থিৰ হৈ পৰে আৰু বাণিজ্যৰ উন্নতি ঘটে। ১৮১৭ চনত জনসংখ্যা ৮০,০০০ৰপৰা ১৮২৪ চনত প্ৰায় ৮৮,০০০লৈ বৃদ্ধি পায়। পৰৱৰ্তী আঠ বছৰত ঘিউ আৰু অন্যান্য সামগ্ৰীৰ ওপৰত বিশেষ চেছ আৰোপ কৰা হয় আৰু চহৰৰ দেৱাল মেৰামতি কৰা হয় আৰু ২৫,০০০ পাউণ্ড (২৫০,০০০ টকা) খৰচ হয়। প্ৰায় একে সময়তে চহৰৰ উত্তৰ দিশৰ এটা ঠাইত এটা কেণ্টনমেণ্ট স্থাপন কৰা হৈছিল। জনসংখ্যা প্ৰায় ৯৫,০০০ (১৮১৬) লৈ বৃদ্ধি পায়। দেৱাল নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত বাকী থকা ৰাজহুৱা ধন পৌৰসভাৰ কামত ব্যৱহাৰ কৰা হয়।৪ মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তো পুৰণি চহৰখন ৰাজনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈয়েই থাকিল।
দুৰ্গ আৰু প্ৰৱেশদ্বাৰ
দুৰ্গ
বৰ্গাকৃতিৰ আৰু প্ৰায় ৪৩ একৰ এলেকা আগুৰি থকা ভদ্ৰ দুৰ্গৰ আঠখন প্ৰৱেশদ্বাৰ আছিল; ইয়াৰে তিনিখন ডাঙৰ—দুখন পূব দিশত আৰু এখন দক্ষিণ-পশ্চিম কোণত; মজলীয়া আকাৰৰ তিনিখন—দুখন উত্তৰত আৰু এখন দক্ষিণত; আৰু দুখন সৰু প্ৰৱেশদ্বাৰ পশ্চিম দিশত আছিল। আহমেদাবাদৰ জামা মছজিদৰ নিৰ্মাণ কাৰ্য ১৪২৩ চনত সম্পূৰ্ণ হৈছিল। চহৰখনৰ সম্প্ৰসাৰণৰ লগে লগে চহৰৰ দেৱালো বিস্তাৰ কৰা হৈছিল। সেইবাবে ১৪৮৬ চনত আহমেদ শ্বাহৰ নাতি মাহমুদ বেগদাই দ্বিতীয়বাৰৰ বাবে দুৰ্গ নিৰ্মাণ কৰিছিল। 'মিৰাট-ই-আহমদী'ত বৰ্ণনা কৰা অনুসৰি এই বহিঃবেৰৰ পৰিধি ১০ কিলোমিটাৰ (৬.২ মাইল) আছিল আৰু ইয়াত ১২খন প্ৰৱেশদ্বাৰ, ১৮৯টা দুৰ্গৰ স্তম্ভ আৰু ৬,০০০ তকৈ অধিক বেটেলমেণ্ট আছিল।৫ দ্বিতীয় দুৰ্গটোৰ দেৱালসমূহ পশ্চিমে সবৰমতী নদীৰ পাৰত প্ৰায় ১.৭৫ মাইল ধৰি বিস্তৃত আছিল আৰু পূবফালে অৰ্ধবৃত্তাকাৰে আগুৰি আছিল। পূৰ্বতে ইয়াৰ মুঠ মাটি-কালি দুই বৰ্গ মাইল আছিল।৬
প্ৰৱেশদ্বাৰ
অধিকাংশ লোকৰ বিশ্বাস যে আহমেদাবাদৰ ১২খন প্ৰৱেশদ্বাৰ আছিল, কিন্তু একাংশ ইতিহাসবিদৰ মতে ই ১৬খন আছিল। পৰৱৰ্তী সময়ত একাংশ ভাৰততত্ত্ববিদে আহমেদাবাদৰ ২১খন প্ৰৱেশদ্বাৰ থকা বুলি মত পোষণ কৰে। ভদ্ৰ দুৰ্গৰ আঠখন প্ৰৱেশদ্বাৰ আছিল—তিনিখন ডাঙৰ, দুখন পূবত আৰু এখন দক্ষিণ-পশ্চিম কোণত; তিনিখন মজলীয়া আকাৰৰ, দুখন উত্তৰত আৰু এখন দক্ষিণত; আৰু দুখন সৰু দুৱাৰ পশ্চিমত আছিল।৭ দ্বিতীয় দুৰ্গৰ দেৱালত ১৮খন প্ৰৱেশদ্বাৰ আছিল—১৫খন ডাঙৰ আৰু ৩খন সৰু। ১৫খনৰ ভিতৰত এখন বন্ধ কৰি দিয়া হৈছিল আৰু দুখন পিছত যোগ কৰা হৈছিল। উত্তৰ-পশ্চিম কোণৰপৰা আৰম্ভ কৰি এই প্ৰৱেশদ্বাৰসমূহ আছিল: উত্তৰ দেৱালত তিনিখন—উত্তৰ-পশ্চিমত শ্বাহপুৰ, উত্তৰত দিল্লী আৰু উত্তৰ-পূবত দৰিয়াপুৰ; পূব দেৱালত চাৰিখন—ব্ৰিটিছে নিৰ্মাণ কৰা প্ৰেমভাই গেট (উত্তৰ-পূবত), পূবত কালুপুৰ, ব্ৰিটিছে নিৰ্মাণ কৰা পাঁচকুৱা গেট (পূবত) আৰু দক্ষিণ-পূবত সাৰংপুৰ; দক্ষিণ দেৱালত চাৰিখন—দক্ষিণ-পূবত ৰায়পুৰ আৰু আস্তোদিয়া, দক্ষিণত বন্ধ হৈ থকা মহুদা গেট আৰু জামালপুৰ; পশ্চিম দেৱালত সাতখন—দক্ষিণ-পশ্চিমত খান জাহান, ৰায়খাদ আৰু মানেক; মাজভাগত দুৰ্গৰ তিনিখন প্ৰৱেশদ্বাৰ গণেশ, ৰাম আৰু বাৰাদৰী; আৰু উত্তৰ-পশ্চিমত খানপুৰ গেট।৮৯ ১৮৬৪ চনত ৰেলপথ মুকলি হোৱাৰ পিছত ব্ৰিটিছে প্ৰেম দৰকাৰীাজা আৰু পাঁচকুৱা গেট নামৰ দুখন নতুন প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিছিল।১০
ওচৰ-চুবুৰীয়া অঞ্চল

'পোল' আছিল পুৰণি চহৰৰ এক বিশেষ ধৰণৰ সামূহিক আৱাসিক অঞ্চল। ১৮৭২ চনত এনে প্ৰায় ৩৫৬টা পোল আছিল। ১৭৩৮-১৭৫৩ চনৰ ভিতৰত হিন্দু আৰু মুছলমানৰ মাজত ধৰ্মীয় উত্তেজনাৰ ফলত সৃষ্টি হোৱা বিভাজিত শাসনৰ সময়ত এনেধৰণৰ গৃহ নিৰ্মাণ শৈলী গঢ়ি উঠিছিল। যেতিয়া চহৰৰ দেৱালসমূহ জৰাজীৰ্ণ হৈ পৰিছিল আৰু ডকাইতৰপৰা সুৰক্ষা দিবলৈ অপাৰগ হৈছিল, তেতিয়া সুৰক্ষাৰ বাবে পোলৰ প্ৰৱেশদ্বাৰসমূহ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল।১১
স্থাপত্যশৈলী
পুৰণি চহৰখন কাষ্ঠ শিল্পৰ চহকী কাৰুকাৰ্য, হাভেলী, খাডকী আৰু পোলৰ বাবে জনাজাত। আহমেদাবাদৰ অনন্য ঐতিহ্য আৰু সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন হ'ল ইয়াৰ কাঠৰ স্থাপত্য। ই চহৰখনৰ কলা-সংস্কৃতি, পৰম্পৰা আৰু গাঁথনিগত নক্সালৈ আগবঢ়োৱা অৱদানক সূচায় আৰু চহৰখনৰ বাসিন্দাসকলৰ জীৱন-শৈলীৰ প্ৰতিফলন ঘটায়। চহৰখনৰ স্থাপত্যসমূহ সামূহিক একতা, পাৰিবাৰিক ভাবধাৰা আৰু বহুসংস্কৃতিবাদক প্ৰসাৰিত কৰাকৈ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ প্ৰমাণ পোৱা যায় চহৰখনত হিন্দু, ইছলাম, খ্ৰীষ্টান আৰু ইহুদী ধৰ্মসহ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ অৱস্থিতিৰপৰা।১২
তথ্যসূত্ৰ
- ↑ Ahmedabad takes giant leap, becomes India's first World Heritage City. The Times of India
- ↑ Google Books 2015, পৃ. 249
- ↑ Google Books 2015, পৃ. 252-253
- ↑ Google Books 2015, পৃ. 260–261
- ↑ G. Kuppuram. (1988). India through the ages: history, art, culture, and religion. Sundeep Prakashan. পৃ. 739. ISBN 9788185067094
- ↑ Google Books 2015, পৃ. 248
- ↑ Rajput, Vipul; Patel, Dilip. (8 February 2010). City's Lost Gates. Ahmedabad Mirror. AM
- ↑ Pandya, Yatin. (23 January 2011). Ahmedabad gates: Residue of past or the pride of the present?. DNA
- ↑ (1879). Gazetteer of the Bombay Presidency: Ahmedabad. Government Central Press. পৃ. 273–277
- ↑ Google Books 2015, পৃ. 262
- ↑ Google Books 2015, পৃ. 294-295
- ↑ Centre, UNESCO World Heritage. Historic City of Ahmadabad. UNESCO World Heritage Centre
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঐতিহাসিক চহৰ আহমদাবাদ” প্ৰবন্ধৰ সংশোধন ৬০৩০১৪ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।