কড়াইগুড়ি এখন গাঁও আছিল৷ গাঁওখনত এডাল প্ৰকাণ্ড ডাঙৰ আৰু ওখ কৰাই গছ আছিল বাবে গাঁওখনৰ নাম কড়াইগুড়ি৷ বৰ্তমান গাঁওখন শালীধানৰ খেতি পথাৰ৷ কড়াইগুড়ি গাঁৱৰ বাসিন্দাসকলে সময়ত উঠা দি আহি আহি কিছোঁৰীডোবা আৰু কালাঝাৰ গাঁও পাতে৷১ সেই কড়াইগুড়ি ঠাইত কেৱল “আই ঠাকুৰাণী” গোঁসানীৰ থানটোহে বিদ্যমান৷
অৱস্থান
ভাৰতৰ অসম ৰাজ্যৰ গোৱালপাৰা জিলাৰ ঘোঁৰাপোটা ৰাজহ গাঁৱত অৱস্থিত৷ কাকৰপাৰা,কিছোঁৰীডোবা, টিলাপাৰা, কালাঝাৰ, চৰকপাৰা, আমগুৰীপাৰা আৰু ঘোঁৰাপোটা এই চুবুৰী কেইখনৰ শালীধানৰ খেতি পথাৰৰ মাজত এই কড়াইগুড়ি গাঁওখনৰ অৱস্থান আছিল৷
বৈশিষ্ট্য
কিছোঁৰীডোবা গাঁৱত মুথুৰা ৰাভা নামৰ এজন মহাজন আছিল৷২ মুথুৰা ৰাভাৰ পিতৃ ভেল্কা ৰাভা এজন মৌজাদাৰ/পাটগিৰি আছিল৷ ভেল্কা ৰাভাৰ ঘৰ কড়াইগুড়িত আছিল৷ সেই দিনত মৌজাৰ প্ৰজাসকলে পাতগিৰি/মৌজাদাৰৰ ঘৰত উপস্থিত হৈ ৰাজঘৰীয়া কৰ খাজনা আদি জমা দিব লাগিছিল৷ ৰাজঘৰীয়া বিষয়াসকলে পাটগিৰিৰ ঘৰত আহি কৰ খাজনা আদি আদায় কৰি নিছিল৷ তেতিয়া বিজনীৰ ৰাজ দায়িত্বত আছিল “ৰজা কুমুদ নাৰায়ণ”৷ তাৰ পিছত “ৰাণী অভয়েশ্বৰী”৷ ঘোঁৰাপোটা মৌজাৰ প্ৰজা বৰ্গই ৰাণীক কৰ খজনা দিছিল আৰু ৰাণীয়ে বৃটিছ গভমেণ্টক দিছিল৷
কালাঝাৰ কাকৰপাৰা কামচেনা
বৰ্ত্তমানৰ “কালাঝাৰ-কাকৰপাৰা” গাঁও তথা পূৰ্ব্বৰ“কৰাইগাঁও, বাখাৰাপাৰা আৰু কাকৰপাৰা” গাঁৱক লৈ এই “কালাঝাৰ-কাকৰপাৰা” কামচেনা সমিটি গঠন কৰা হৈছিল৷ প্ৰথমে সমিতিখনৰ নাম “কৰাইগাঁও” কামচেনা নামেৰে গঠিত হয়৷ তাৰ পিছত কালাঝাৰ কামচেনা নাম লৈ পৰিৱৰ্তন কৰা হয়৷ ইয়াকে আকৌ সংশোধন কৰি “কালাঝাৰ-কাকৰপাৰা” কামচেনা নামেৰে পুনৰ নামকৰণ কৰা হয়৷৩
১নং চৰকপাৰা কিছোঁৰীডোবা কামচেনাৰ ইতিবৃত্ত
১৩৪৫ চনত চুবুৰীয়া গাঁওখনক লৈ “চৰকপাৰা কামচেনা” নামৰে এটা ৰাভাজাতি আৰু সামাজিক সমাজ ব্যৱস্থা জন্ম হ’ল৷ গাঁও তিনিখনৰ নাম হ’ল- চৰকপাৰা, কালাঝাৰ আৰু কিছোঁৰীডোবা৷ কিছু দশক অতিক্ৰম কৰাৰ পিছত দেশ তথা সমাজ পৰিৱৰ্ত্তনৰ লগে লগে এসময়ত “১নংচৰকপাৰা কিছোঁৰীডোবা” কামচেনা নামাকৰণ কৰা হ’ল৷৪
কৰাইগুড়ি কামচেনা
২৬/১/১৩৬৬ বাং (১/৫/১৯৫৯ ইং) তাৰিখত বোনগাঁও প্ৰাইমাৰী স্কুলত বহা ডিৰ্ম্মাজামাদ ৰাভা সন্মিলনৰ সাধাৰণ সভাৰ ২নং প্ৰস্তাৱ মতে- কৰাইগুড়ি কামচেনাৰ তালিকাত এই কেইখন চুবুৰিৰ নাম উল্লেখ থকা দেখা যায়৷ চুবুৰীকেইখন হ’ল- কৰাইগুড়ি কালাঝাৰ কাকোৰ পাৰা বাখাৰাপাৰা চৰকপাৰা কামচেনাত থকা চুবুৰী সমূহ হ’ল- চৰকপাৰা কিচৰিডোবা৫ কড়াইগুড়ি আৰু বাখাৰাপাৰা গাঁও দুখন ইং১৯৫৯ চন লৈকে মানুহৰ আবাস ভূমি হৈ আছিল৷
তথ্যসূত্ৰ
- ↑ স্মৃতি গ্ৰন্থ: ১নংচৰকপাৰা কিছোঁৰীডোবা কামচেনা: তাৰিখ-২৫আৰু২৬ ফেব্ৰুৱাৰী,২০১৭: প্ৰৱন্ধ: কিছোঁৰীডোবা গাঁৱৰ চমু আভাস: লেখক- শশীকান্ত ৰাভা৷ পৃষ্ঠা ৩২: আহৰণ ১৬/১১/২০২১ইং৷
- ↑ স্মৃতি গ্ৰন্থ: ১নংচৰকপাৰা কিছোঁৰীডোবা কামচেনা: তাৰিখ ২৫আৰু২৬ ফেব্ৰুৱাৰী,২০১৭ইং৷ প্ৰৱন্ধ: কিছোঁৰীডোবা গাঁৱৰ চমু আভাস: লেখক-শশীকান্ত ৰাভা৷ পৃষ্ঠা ৩৩:শাৰী ৩: আহৰণ ১৭/১১/২০২১ইং
- ↑ স্মৃতিগ্ৰন্থ৷ কৰাইগুৰী৷ সোণালীজয়ন্তী বৰ্ষ: ইং২০১১ চন৷ কালাঝাৰ-কাকৰপাৰা কামচেনা৷ সম্পাদকীয় প্ৰতিবেদন- শ্ৰীজীৱকান্ত ৰাভা৷ সম্পাদক:স্মৃতিগ্ৰন্থ সমিতি৷ পৃষ্ঠা ২:আহৰণ- ১৭/১১/২০২১ইং
- ↑ স্মৃতিগ্ৰন্থ: ১নংচৰকপাৰা কিছোঁৰীডোবা কামচেনা: তাৰিখ ২৫আৰু২৬ ফেব্ৰুৱাৰী,২০১৭ইং৷ প্ৰৱন্ধ: ১নংচৰকপাৰা কিছোঁৰীডোবা কামচেনাৰ ইতিবৃত্ত: কমিটি৷ পৃষ্ঠা ২৫: আহৰণ ১৭/১১/২০২১ইং
- ↑ প্ৰস্তাৱ বহী৷ বহীনং ১: ডিৰ্ম্মাজামাদ ৰাভা সন্মিলন৷ সাধাৰণ সভা৷ তাৰিখ ২৬/১/১৩৬৬বাং(১০/৫/১৯৫৯ইং)৷ স্থান-বোনগাঁও প্ৰাইমাৰী স্কুল৷ প্ৰস্তাৱ নং ২: সভাপতি-কালীচৰণ ৰাভা৷ চেক্ৰেটাৰী-খগেন্দ্ৰ মোহন দে৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কড়াইগুড়ি” প্ৰবন্ধৰ সংশোধন ৩৭০০৮৯ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।