অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কবীৰবড়

কবীৰবড় (ইংৰাজী: Kabirvad) হৈছে নৰ্মদা নদীৰ এটা সৰু নদী দ্বীপত অৱস্থিত এজোপা বট গছ। ই ভাৰতৰ গুজৰাটৰ ভাৰুচ জিলাত অৱস্থিত। এই গছ আৰু ঠাইখন পঞ্চদশ শতিকাৰ ৰহস্যবাদী-কবি কবীৰৰ সৈতে জড়িত, আৰু স্থানত কবীৰক উৎসৰ্গিত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে। এই ঠাইখন ধৰ্মীয় স্থানৰ লগতে জনপ্ৰিয় পৰ্যটনস্থলী।।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কবীৰবড় (ইংৰাজী: Kabirvad) হৈছে নৰ্মদা নদীৰ এটা সৰু নদী দ্বীপত অৱস্থিত এজোপা বট গছ।১ ই ভাৰতৰ গুজৰাটৰ ভাৰুচ জিলাত অৱস্থিত। এই গছ আৰু ঠাইখন পঞ্চদশ শতিকাৰ ৰহস্যবাদী-কবি কবীৰৰ সৈতে জড়িত, আৰু স্থানত কবীৰক উৎসৰ্গিত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে। এই ঠাইখন ধৰ্মীয় স্থানৰ লগতে জনপ্ৰিয় পৰ্যটনস্থলী।।২৩৪৫

ইতিহাস

আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ এজন এডমিৰেল নিয়াৰকাছে নৰ্মাদা নদীৰ পাৰত থকা এটা বৃহৎ নমুনাৰ বৰ্ণনা কৰিছিল, সম্ভৱতঃ কবীৰবড়। গছজোপাৰ চালি ইমানেই বিস্তৃত আছিল যে ইয়াত ৭ হাজাৰ মানুহক আশ্ৰয় দিয়া হৈছিল। পিছলৈ জেমছ ফৰ্বছে (১৭৪৯–১৮১৯) তেওঁৰ প্ৰাচ্য স্মৃতিগ্ৰন্থত (১৮১৩–১৮১৫) ইয়াৰ পৰিধি প্ৰায় ৬১০ মিটাৰ (২,০০০ ফুট) আৰু ইয়াৰ ডাল ৩,০০০ তকৈ অধিক বুলি বৰ্ণনা কৰে। বৰ্তমান ইয়াৰ চালিৰ আয়তন ১৭,৫২০ মিটাৰ বৰ্গফুট (৪.৩৩ একৰ), পৰিধি ৬৪১ মিটাৰ (২,১০৩ ফুট)।

ভৰুচৰ পৰা শুক্লতীৰ্থ হৈ ঝানোৰলৈ কবীৰবড় নামেৰে জনাজাত এখন ঠাই আছে। ইয়াৰ পৰা নাও যাত্ৰাই মানুহক নদী দ্বীপলৈ লৈ আহে। ৬ স্থানীয় কিংবদন্তি অনুসৰি গুজৰাটৰ ভাৰুচ জিলাৰ মংগলেশ্বৰৰ ওচৰৰ শুক্লতীৰ্থ গাঁৱত জীৱন আৰু তত্ত্ব নামৰ দুজন ব্ৰাহ্মণ ভাতৃ আছিল। এদিন দুয়ো ভাতৃয়ে এজন প্ৰকৃত সাধুক বিচাৰিবলৈ অনুপ্ৰাণিত হৈছিল। তেনে কৰিবলৈ তেওঁলোকে নিজৰ চোতালত বেন গছৰ শুকান ডাল এটা ৰোপণ কৰিলে আৰু অনুমান কৰিলে যে যিজন সাধুই শুকান ডালটোক সেউজীয়া কৰি তুলিব তেওঁ প্ৰকৃত সাধু হ'ব। শেষত তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে কবীৰ চাহাব জীয়ে শিপাটো সেউজীয়া কৰি পেলাইছিল আৰু সেয়েহে তেওঁ এজন প্ৰকৃত সাধু। সেই কিংবদন্তি অনুসৰি এই শিপাৰ বিকাশ ঘটি কবীৰবড় পৰিণত হয়।

তথ্যসূত্ৰ

  1. ↑ Tale of Jeeva and Datta (Tatva) · Kabir. kabirsahib.jagatgururampalji.org
  2. ↑ Bar-Ness, Yoav Deniel. (January 2010). The Kabir Tree. Outlook Traveller. পৃ. 118–121
  3. ↑ Kabirvad. Gujarat Tourism
  4. ↑ Network, Divyabhaskar. (6 April 2015). Amazing: नर्मदा नदी के टापू पर 3 किमी तक फैला है यह बरगद का पेड़. dainikbhaskar
  5. ↑ (22 June 2014). Crocodile fear hits footfall in Bharuch tourist spot. The Indian Express
  6. ↑ web.archive.org/web/20161214055257/http://www.ou

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবীৰবড়” প্ৰবন্ধৰ সংশোধন ৩৮০৩৫৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।