কিন্নাল কাৰুশিল্প বা কিন্হাল কাৰুশিল্প (ಕಿನ್ನಾಳ ಕಲೆ), ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এখন চহৰ কিন্নাল বা কিন্হালৰ স্থানীয় পাৰম্পাৰিক কাঠৰ কাৰুশিল্প।১২
কিন্নাল চহৰ ইয়াৰ কিন্নাল পুতলা আৰু ধৰ্মীয় প্ৰতিমাৰ বাবে বিখ্যাত।
এই গাঁৱৰ কিন্নাল কাৰুশিল্পৰ বাবে জনাজাত। এই শিল্প ভাৰতৰ ভৌগোলিক অস্তিত্বৰ ইংগিত দিয়ে। সেয়ে ভাৰত চৰকাৰে কিন্নাল কাৰুশিল্পক ভৌগোলিক সুচকৰ মৰ্যাদা দিছে আৰু ইয়াৰ আবেদন সংখ্যা ২১৩।
ইতিহাস
কিন্নাল কলাত্মক ঐতিহ্যৰে ভৰপূৰ। এসময়ত ই কাৰুশিল্পৰ অতি বিখ্যাত কেন্দ্ৰ আছিল আৰু ঘাইকৈ কাঠৰ কাৰুকাৰ্য্যৰ বাবে জনাজাত আছিল। পাম্পাটেশ্বৰ মন্দিৰৰ মূৰাল চিত্ৰ আৰু হাম্পিৰ কাঠৰ ৰথৰ জটিল কাৰুকাৰ্য্য বৰ্তমানৰ কিন্নাল শিল্পৰ পূৰ্বপূৰুষ হিচাপে গণ্য কৰা হয়। এজন শিল্পীৰ সাতাম পুৰুষীয়া পৈতৃক গৃহত উদ্ধাৰ হোৱা পুৰণি দস্তাবেজে ইয়াকে প্ৰতিপন্ন কৰে।
২০০৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্লাছগ' বিশ্ববিদ্যালয় আৰু গ্লাছগ' কলা বিদ্যালয়ৰ ছাত্ৰসকলে কৰ্ণাটকৰ কাৰুকাৰ্য্য পৰিষদৰ সহযোগত স্থানীয় ছাত্ৰ আৰু শিল্পীসকলক কিন্নাল শিল্পৰ পূৰ্ণোদ্ধাৰৰ বাবে এটা প্ৰকল্পৰ জৰিয়তে সম্বৰ্ধনা জনাইছিল।৩
প্ৰস্তুত প্ৰণালী
এই শিল্পৰ লগত জড়িত শিল্পী সকলক চিত্ৰগড় বোলে। পাতল কাঠেৰে পুতলা সমূহ প্ৰস্তুত কৰা হয়। তেতেলীৰ গুটি আৰু শিলগুটিৰে তৈয়াৰ কৰা পিটিকাৰে বিভিন্ন অংশ যোৰা লগোৱা হয়। মৰাপাটৰ কাপোৰক তিয়াই, সৰুকৈ টুকুৰা বনাই, শুকাই গুড়ি কৰি কাঠৰ গুড়ি আৰু তেতেলী গুটিৰ পিটিকাৰ লগত মিহলাই কিট্টা প্ৰস্তুত কৰা হয়। তৈয়াৰ কৰা আকৃতিৰ অলংকৰণৰ বাবে শিলগুটি গুড়ি পিটিকা তৰল আঠাৰে সংস্থাপন কৰা হয়। আকৃতিৰ সকলো অংশ ঠিক কৰাৰ পিছত ইয়াৰ গোটেই গাত কিট্টা সানি দিয়া হয় আৰু কপাহৰ সৰু টুকুৰা তেতেলীৰ পিটিকাৰে লগাই দিয়া হয়। তাৰপিছত ইয়াৰ ওপৰত শিলগুটিৰ পিটিকা ব্যৱহাৰ কৰা হয় যি আকৃতিটোক ৰং কৰিবলৈ এক আধাৰ দিয়ে।
বৰ্তমানে ঘাইকৈ জীৱ-জন্তু, চৰাই আদিৰ আকৃতি এই শিল্পত প্ৰস্তুত কৰা হয়। ঐতিহাসিক পক্ষী গৰুড়ৰ নিৰ্মাণত ১২ বিধ সামগ্ৰী আৰু সিংহাসনত বহি থকা ভগৱান গণেশৰ আকৃতিৰ নিৰ্মাণত ২২ বিধ সামগ্ৰী ব্যৱহাৰ হয়। উৎসৱৰ সময়ত কাঠৰ গুড়ি আৰু গোবৰৰ সলনি চীনা মাটিৰ পুতলা সজা হয়।
পৰিবহন
কপ্পাল নগৰৰ পৰা নিৰ্দিষ্ট সময়ৰ মুৰে-মুৰে কিন্নাল গাৱলৈ বাছ চলাচল কৰে। নিকটতম চহৰ হৈছে কপ্পাল। কপ্পালৰ পৰা বেলেগ ঠাইলৈ যাবলৈ বাছ আৰু ৰেলগাড়ীৰ সুবিধা আছে।
গণতন্ত্ৰ দিৱসৰ পেৰেডত কিন্নলাৰ প্ৰতীক
২০১৩ চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত কৰ্ণাটক চৰকাৰে কিন্নলা কাৰুশিল্পক মূখ্য বিষয় হিচাপে প্ৰতীক প্ৰদৰ্শন কৰিছিল।
বাহ্যিক সংযোগ
- The Glasgow Kinnal Project – no longer valid
- Book about the Kinhal Craft produced by Scottish team
- [Form GI-1 of Application No. 213 available at ipindiaservices.gov.in/GirPublic/ViewApplication
তথ্যসূত্ৰ
- ↑ Kinnal Craft. Glasgow Kinnal Project
- ↑ Staff. (19 January 2013). Reviving Kinnala art. The Hindu
- ↑ Kinhal Toys – Training Project. Crafts Council of India. পৃ. 24
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিন্নাল কাৰুশিল্প” প্ৰবন্ধৰ সংশোধন ৩৮০৪৫৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।