কাবিনী নদী The Kabini River, নদী দক্ষিণ ভাৰতৰ কাবেৰী নদীৰ অন্যতম প্ৰধান উপনৈ, ইয়াৰ উৎপত্তি কেৰেলা ৰাজ্যৰ ৱায়ানাদ জিলাত পানামাৰাম নদী আৰু মানান্থাভাডি নদীৰ সংগমস্থলীৰ পৰা হয়। ই ৱায়ানাদ জিলাৰ মাজেৰে পূব দিশলৈ বৈ গৈ কৰ্ণাটকৰ মহীশূৰ জিলাত প্ৰৱেশ কৰি কৰ্ণাটকৰ মহীশূৰ জিলাৰ কাবেৰী নদীৰ সৈতে মিলিছে।১
সাৰগুৰ চহৰৰ ওচৰতে ই বিশাল কবিনী জলাশয় গঠন কৰে। বিশেষকৈ গ্ৰীষ্মকালত যেতিয়া পানীৰ স্তৰ হ্ৰাস পোৱাৰ ফলত বিস্তৃত ঘাঁহনি সৃষ্টি হয়, তেতিয়া সেই ঠাই বিভিন্ন বন্যপ্ৰাণীৰ বাবে এক উৎকৃষ্ট বাসস্থানলৈ পৰিনত হয়। কাবিনী বান্ধটোৰ দৈৰ্ঘ্য ২,২৮৪ ফুট (৬৯৬ মিটাৰ) আৰু ইয়াৰ মূল মুঠ পানী সংৰক্ষণ ক্ষমতা ১৯.৫২ টিএমচিএফটি। কবিনী বান্ধটো কৰ্ণাটকৰ মহীশূৰ জিলাৰ হেগ্গদাদেৱনা কোটে তালুকৰ সাৰগুৰ চহৰৰ পৰা ১৭ কিলোমিটাৰ দূৰত্বত বিচানাহল্লী আৰু বিদাৰহল্লী গাঁৱৰ মাজত অৱস্থিত।২
বন্যপ্ৰাণী
কাবিনী সংৰক্ষিত বনাঞ্চল কৰ্ণাটকৰ অন্যতম জনপ্ৰিয় বন্যপ্ৰাণী পৰ্যটনস্থলী। সহজে যাতায়াত কৰিব পৰা সুবিধা, বৃহৎ হ্ৰদক আগুৰি থকা সেউজীয়া প্ৰাকৃতিক পৰিৱেশ, আৰু হাতীৰ জাক তথা বাঘৰ নিয়মীয়া বিচৰণ সহজে দেখা পোৱাৰ বাবে এই অঞ্চল বিশেষভাৱে জনপ্ৰিয়। ই মহীশূৰ চহৰৰ পৰা প্ৰায় ৬১ কিলোমিটাৰ আৰু বেংগালুৰুৰ পৰা প্ৰায় ২০৫ কিলোমিটাৰ দূৰত অৱস্থিত। এই সংৰক্ষিত অঞ্চলটো নাগাৰহোলে ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ-পূব অংশ সামৰি আছে। সংৰক্ষিত বনাঞ্চলটো প্ৰায় ৫৫ একৰ (২২ হেক্টৰ) বনভূমি, খহনীয়া উপত্যকা আৰু বিভিন্ন জলাশয় জুৰি বিস্তৃত। অতীতত এই বনাঞ্চল মহীশূৰ মহাৰাজাৰ ব্যক্তিগত চিকাৰ বিশ্ৰামগৃহ আছিল। সেই সময়ত কাবিনী অঞ্চল ব্ৰিটিছ ভাইচৰয় আৰু ভাৰতীয় ৰাজপৰিয়ালৰ সদস্যসকলৰ বাবে এক অতি জনপ্ৰিয় চিকাৰস্থলী (শিকাৰ হটস্পট) হিচাপে পৰিচিত আছিল।৩ নাগাৰহোলে ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১২০টা বাঘ, ১০০ৰ অধিক চিতা, চাৰি প্ৰজাতিৰ হৰিণ, স্লথ ভালুক,ভাৰতীয় গৌৰ আৰু হাতীকে ধৰি বহুতো বন্যপ্ৰাণীৰ বাসস্থান আছে।৪
নদীৰ গতিপথ
কাবিনী নদীৰ উৎপত্তি কেৰালাৰ নিৰাভিলপুঝাৰ ওচৰৰ পাক্ৰামথালাম পাহাৰত, কুট্টিয়াড়ি–মানান্থাভাডি পথৰ কাষত হয়। মাক্কিয়াড নদী আৰু পেৰিয়া নদী ক্ৰমে কোৰোমে আৰু ভালাডৰ ওচৰত এই নদীত মিলিত হয়। মানান্থাভাডি চহৰৰ মাজেৰে বৈ অহাৰ পিছত পানামাৰাম নদী পাইয়ামপল্লীৰ ওচৰত কাবিনী নদীত মিলিত হয়। পানামাৰাম নদীৰ এটা শাখাৰ উৎপত্তি পাডিঞ্জাৰেথাৰাৰ ওচৰৰ বানাসুৰা সাগৰ জলাধাৰৰ পৰা হয়, আনটো শাখাৰ উৎপত্তি লাক্কিডি পাহাৰৰ পৰা। পানামাৰাম নদীৰ সৈতে সংগমৰ প্ৰায় ২ কিলোমিটাৰ পিছত কাবিনী নদীয়ে কুৰুভা দ্বীপ গঠন কৰে। প্ৰায় ৫২০ একৰ (২.১ বৰ্গ কিলোমিটাৰ) বিস্তৃত এই দ্বীপটো বৈচিত্ৰময় উদ্ভিদ আৰু বন্যপ্ৰাণীৰ বাবে সুপৰিচিত। ইয়াৰ পৰা প্ৰায় ২০ কিলোমিটাৰ বৈ যোৱাৰ পিছত নদীখনে কেৰালা আৰু কৰ্ণাটকৰ সীমান্তৰ কাষত অৱস্থিত কাবিনী জলাধাৰত প্ৰৱেশ কৰে। কাবিনী জলাধাৰ আৰু কুৰুভা দ্বীপৰ মাজৰ অংশত কালিন্দী নদী কাবিনীত মিলিত হয়। কালিন্দী নদীৰ উৎপত্তি ব্ৰহ্মগিৰি পাহাৰত, আৰু তিৰুনেল্লি মন্দিৰৰ ওচৰত পাপনাশিনী নামৰ সৰু নদীখন ইয়াত মিলিত হয়। ইয়াৰ উপৰিও কৰ্ণাটকৰ হেগ্গাডদেৱনাকোটে তালুকৰ তাৰকা আৰু নুগু নামৰ দুখন সৰু নদীও কপিলা (কাবিনী) নদীত মিলিত হয়।৫
কাবিনী বান্ধ
কাবিনী বান্ধ কৰ্ণাটকৰ মাইচূৰ জিলাত কপিলা (কাবিনী) নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। বান্ধখনৰ দৈৰ্ঘ্য ৬৯৬ মিটাৰ, আৰু ইয়াক ১৯৭৪ চনত নিৰ্মাণ কৰা হৈছিল। বান্ধখনৰ সঠিক অৱস্থান হেগ্গাডদেৱনাকোটে তালুকৰ বীচানাহাল্লি গাঁৱৰ ওচৰত। ইয়াৰ জলাশয় অঞ্চলৰ আয়তন ২,১৪১.৯০ বৰ্গ কিলোমিটাৰ। এই বান্ধে প্ৰায় ২২খন গাঁও আৰু ১৪খন সৰু গাঁওৰ পানীৰ চাহিদা পূৰণ কৰে। লগতে ই মহীশূৰ আৰু বেংগালুৰু চহৰৰ খোৱাপানীৰ অন্যতম গুৰুত্বপূৰ্ণ উৎস। ইয়াৰ উপৰিও তামিলনাডুৰ প্ৰয়োজন পূৰণৰ বাবে মেট্টুৰ জলাধাৰলৈও যথেষ্ট পৰিমাণৰ পানী এৰি দিয়া হয়।৬
কাবিনী বান্ধ আৰু ইয়াৰ জলাধাৰ অঞ্চল প্ৰায় ৫৫ হেক্টৰ এলেকাজুৰি বিস্তৃত, য’ত বনাঞ্চল, নদী, হ্ৰদ আৰু উপত্যকা অন্তৰ্ভুক্ত। এই বান্ধে সাগাৰেডোড্ডাকেৰে আৰু আপাৰ নুগু বান্ধৰ সংযুক্ত জলব্যৱস্থালৈও পানী যোগান ধৰে। বাৰিষাৰ সময়ত কাবিনী বান্ধৰ পৰা ২৮.০০ টিএমচি পানী উঠাই এই দুয়োটা সৰু বান্ধলৈ স্থানান্তৰ কৰাৰ বিশেষ ব্যৱস্থাও আছে।৭
কবিনী দলং
এই নদীৰ ওপৰত থকা কবিনী দলংখন ঐতিহ্যৰ স্মৃতিসৌধ।[8]
তথ্যসূত্ৰ
- ↑ Kabini or Kapila River. District Administration Mysuru, GOI
- ↑ Kabini or Kapila River. District Administration Mysuru, GOI
- ↑ KABINI WILDLIFE RESERVE AND KABINI RIVER. Kabini Wildlife
- ↑ Nagarahole Tiger Reserve. Karnataka Forest Department
- ↑ Singh, AK. (2 August 2022). Kabini And The Jungle Stories: A Royal Legacy, Myths, Legends & The Truth.. Notion Press. ISBN 9798887498225
- ↑ (June 17, 2018). Water released from Kabini reservoir reaches Mettur dam. The Hindu
- ↑ Kandya, Ranjith. (17 December 2018). 80,000 cusecs out from Kabini reservoir, highest ever. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাবিনী নদী” প্ৰবন্ধৰ সংশোধন ৬২৬৭৬৩ (১৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।