কলাত খানত (Khanate of Kalat) আছিল এখন ব্ৰাহুই খানত, যি পাকিস্তানৰ আধুনিক কালৰ বেলুচিস্তান প্ৰদেশৰ কেন্দ্ৰস্থলত গঠন হৈছিল। ১৬৬৬ চনত এই অঞ্চলত মোগল সম্প্ৰসাৰণৰ ভাবুকিৰ প্ৰতিক্ৰিয়া স্বৰূপে গঠন হোৱা এই ৰাজ্যখনে ১২ ১৮ শতিকাৰ মাজভাগত পশ্চিমে কেৰমানৰ পৰা পূবে সিন্ধলৈকে আৰু উত্তৰে হেলমণ্ড নদীৰ পৰা দক্ষিণে আৰব সাগৰলৈকে সৰ্বাধিক বিস্তৃত হৈ বেলুচিস্তানক নিয়ন্ত্ৰণ কৰিছিল।৩ ১৯ শতিকাৰ আৰম্ভণিতে কলাত খানতে কাজাৰ ইৰাণ আৰু আফগানিস্তানৰ আমীৰশ্বাহীৰ হাতত যথেষ্ট অঞ্চল হেৰুৱায় ৩ আৰু ১৮৩৯ চনত কলাত চহৰখন ব্ৰিটিছে নিজেই লুণ্ঠন কৰে।
১৮৭৫ চনত কলাত খান আৰু ব্ৰাহুই চৰ্দাৰসকলে কলাতৰ সন্ধিপত্ৰত স্বাক্ষৰ কৰাৰ পিছত ব্ৰিটিছ ভাৰতৰ সৈতে সহযোগী মিত্ৰতাত আৱদ্ধ হৈ কলাত এখন স্বশাসিত ৰাজ্যত পৰিণত হয় আৰু বেলুচিস্তান এজেন্সীয়ে কলাতৰ তত্বাৱধানৰ দায়িত্ব লয়। ৪ ১৯৪৭ চনৰ ১২ আগষ্টৰ পৰা ১৯৪৮ চনৰ ২৭ মাৰ্চলৈকে কলাত কিছু দিনৰ বাবে বাবে স্বাধীন আছিল। তাৰ শাসক আহমদ য়াৰ খান পাকিস্তানত যোগদান কৰাৰ পাছত ই পাকিস্তানৰ অন্যতম দেশীয় ৰাজ্য হিচাপে পৰিগণিত হয়।
মূল
কলাত খানত বেলুচিস্তানৰ ইতিহাসত প্ৰথম ঐক্যবদ্ধ ৰাজনীতি আছিল।৩ ১৬৬৬ চনত ব্ৰাহুইস্তানৰ স্থানীয় যাযাবৰী ব্ৰাহুই জনগোষ্ঠীৰ সংঘৰ পৰা ইয়াৰ জন্ম হৈছিল, যিয়ে প্ৰথম মীৰ আহমদ খানৰ অধীনত মোগলৰ আধিপত্যৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰিছিল৩ আৰু লাহে লাহে এই অঞ্চলৰ বেলুচ ৰাজ্যসমূহ দখল কৰি কৰিছিল।
যোগদান

১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৪৮ চনৰ ২৭ মাৰ্চলৈকে কলাত সম্পূৰ্ণৰূপে স্বাধীন হৈ থাকে আৰু অৱশেষত ইয়াৰ শাসক আহমদ য়াৰ খানে (১৯০৪–১৯৭৯) পাকিস্তানত যোগদান কৰে। য়াৰ খানেই আছিল পাকিস্তানত যোগদান কৰা শেষ শাসক। ৫ এই সময়ছোৱাত নিৰ্বাচন অনুষ্ঠিত হয় আৰু দ্বি-সদনীয় সংসদ গঠন কৰা হয়। ৬৭ ২৭ মাৰ্চৰ নিশা অল ইণ্ডিয়া ৰেডিঅ'ই প্ৰায় ফেব্ৰুৱাৰী মাহত য়াৰ খানে ভাৰতত যোগদানৰ অনুৰোধৰ অসফল প্ৰয়াসৰ এটা কাহিনী প্ৰচাৰ কৰে। ৮ পিছদিনা পুৱা য়াৰ খানে ৰাজহুৱা সম্প্ৰচাৰ যোগে ইয়াৰ সত্যতাক নাকচ কৰে আৰু তাৎক্ষণিকভাৱে পাকিস্তানত যোগদানৰ ঘোষণা কৰে। ৮
দুষ্কা এইচ ছায়েদে জোৰ দি কয় যে খাৰন, লাছ বেলা আৰু মাক্ৰানৰ বিলয়ৰ লগে লগে য়াৰ খানে তেওঁৰ সকলো দৰদামৰ সুবিধা হেৰুৱাই পেলাইছিল আৰু যাৰবাবে কলাত দ্বীপ হিচাপে ৰৈ গৈছিল। ৮ ছলমান ৰফি শ্বেখ ছায়েদৰ মূল্যায়নৰ সৈতে বহুলাংশে একমত: আন একাধিক কলাত চৰ্দাৰে পাকিস্তানত যোগদান কৰিবলৈ সাজু হৈছিল আৰু য়াৰ খানৰ হাতত বিশেষ কোনো ভূখণ্ড বাকী নাথাকিলহেঁতেন, যদিহে তেওঁ সন্মতি নিদিলেহেঁতেন।৯
১৯৫২ চনৰ ৩ অক্টোবৰত কলাত ৰাজ্যখনে তিনিখন চুবুৰীয়া ৰাজ্য খাৰন, লাছ বেলা আৰু মাক্ৰানৰ সৈতে বেলুচিস্তান ষ্টেটচ্ ইউনিয়নৰ অন্তভূক্ত হয় আৰু কলাতৰ য়াৰ খান ‘খান-ই-আজম’ উপাধিৰে ইউনিয়নৰ মুৰব্বী হয়। ১৯৫৫ চনৰ ১৪ অক্টোবৰত খানতৰ অন্ত পৰে, যেতিয়া ইয়াক পশ্চিম পাকিস্তানত অন্তৰ্ভুক্ত কৰা হয়। ১০
অধিক জানিবলৈ পঢ়ক
- Breseeg, Taj Mohammad. (2004). Baloch Nationalism: Its Origin and Development. Royal Book Company. ISBN 978-969-407-309-5
- Siddiqi, Farhan Hanif. (2012). The Politics of Ethnicity in Pakistan: The Baloch, Sindhi and Mohajir Ethnic Movements. Routledge. ISBN 978-0-415-68614-3
বাহ্যিক সংযোগ
- Swidler, N. (1972) "The Development of the Kalat Khanate " Journal of Asian and African Studies 7: pp. 115–21
- Kalat District – Planning and Development Department of Balochistan Government
- Genealogy of the Khans of Kalat
তথ্যসূত্ৰ
- ↑ Treaty of Kalat between Balochistan and Afghanistan in 1758
- ↑ "Baluchistan" Imperial Gazetteer of India Vol. 6, p. 277, from the Digital South Asia Library, accessed 15 January 2009
- ↑ Encyclopædia Iranica. BRAHUI
- ↑ Balochistan Archives – Records of the Agent to the Governor General in Balochistan
- ↑ Siddiqi 2012, পৃ. 58–62
- ↑ Harrison, Selig S. (1981). In Afghanistan's Shadow: Baluch Nationalism and Soviet Temptations. Carnegie Endowment for International Peace. পৃ. 24. ISBN 978-0-87003-029-1
- ↑ Amirali, Alia. (2015). SAGE Series in Human Rights Audits of Peace Processes. SAGE Publications. পৃ. 22–23. ISBN 978-93-5150-213-5
- ↑ Saiyid, Dushka H. (2006). The Accession of Kalat: Myth and Reality. Strategic Studies. পৃ. 26–45
- ↑ (1987). IDSA News Review on South Asia/Indian Ocean. Institute for Defence Studies and Analyses. পৃ. 80
- ↑ Siddiqi 2012, পৃ. 58–62
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলাত খানত” প্ৰবন্ধৰ সংশোধন ৬৩২৬৫১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।