কাচুকাবে (春日部市 Kasukabe-shi) জাপানৰ চাইটামা অধ্যক্ষতাৰ এখন চহৰ, জাপানৰ মধ্যৰ কাণ্ট' অঞ্চলৰ। ১ ফেব্ৰুৱাৰী ২০১৬ত চহৰখনৰ জনসংখ্যা ২৩২২৯৪ আছিল, প্ৰতি বৰ্গ কিলোমিটাৰত ৩৫২০ জনেৰে। ঠাইখনৰ মুঠ ভূমিয়ে ৬৬ বৰ্গ কিলোমিটৰ আৱৰে। কাচুকাবে পাউলৌনিয়া কাঠৰ কিৰি-টাঞ্চু নিৰ্মাণৰ বাবে বিখ্যাত। ইয়াত পাউলৌনিয়া আনুষ্ঠানিক চহৰ গছ।
ভূগোল
কাচুকাবে চাইটামা প্ৰশাসনিক অঞ্চলৰ পূব দিশে অৱস্থিত।
ওচৰৰ পৌৰ সভা
- চাইটামা অধ্যক্ষতা
- কচিগায়া
- চাইটামা
- চিৰঅ'কা
- মিয়াচিৰ'
- চুগিট'
- মাটচুবুচি
- চিবা অধ্যক্ষতা
- ন'ডা
ইতিহাস
ইড' কালত নিক্ক' কাইড' হাইপথৰ বাবে কাচুকাবেৰ উন্নয়ন ঘটিছিল। ১৮৮৯ৰ ১ এপ্ৰিলত পুৰ সভা গঠনৰ সৈতে আধুনিক কাচুকাবে চহৰ নিৰ্মাণ কৰা হ'ল চাইটামাৰ মিনামিচাইটামা জিলাৰ ভিতৰত। ১৯৪৪ ১ এপ্ৰিলত কাষৰীয়া গাওঁ উচিমাকি কাচুকাবেৰ অন্তৰ্গত হ'ল। ১ জুলাই ১৯৫৪ত ট'য়'হাৰু, টাকেচাট', কমাটছু আৰু ট'য়'ন' গাওঁ সোমোৱাৰ পাছত কাচুকাবেক মহানগৰৰ মৰ্যাদা দিয়া হ'ল। ১ অক্টোবৰ ২০০৮ত কাচুকাবেই চ'ৱা চহৰ অন্তৰ্ভুক্ত কৰিলে। কাচেুকাবেক এক এপ্ৰিল ২০০৮ত বিশেষ মহানগৰৰ মৰ্যাদা প্ৰদান কৰা হ'ল।
অৰ্থনীতি
কাচুকাবে মিশ্ৰিত অৰ্থনীতিৰে এক আঞ্চলিক বাণিজ্যিক কেন্দ্ৰ
শিক্ষা
- ক্যয়েই বিশ্ববিদ্যালয়
- কাচুকাবেত ২৪ প্ৰাথমিক বিদ্যালয়, ১খন ব্যক্তিগত আৰু ১৩ ৰাজহুৱা মধ্য বিদ্যালয় আছে। চাইটামা প্ৰেফেক্সাৰেল কাচুকাবে হাই স্কুল আৰু কাচুকাবে গাৰ্লছ চিনিয়ৰ হাই স্কুলকে সামৰি কাচুকাবেত ৫খন ৰাজহুৱা উচ্চ মাধ্যমিক বিদ্যালয় আৰু এখন বিশেষ শিক্ষা বিদ্যাল আছে।
ব্যৱস্থা মহানগৰ সম্পৰ্ক
- পাচাডেনা, কেলিফ'ৰ্ণিয়া, জুলাই ৩ ১৯৯৩ৰপৰা। বন্ধু মহানগৰ হিচাপে প্ৰতি ২বছৰে, অৰ্থাৎ প্ৰতি বছৰে এবাৰ কাচুকাবে বাসী পাচাডেনালৈ আৰু পাচাডেনা বাসী কাচুকাবেলৈ গ্ৰীষ্মকালত যায় সাল-সলনি প্ৰগ্ৰামৰ বাবে আৰু,.১২
- – ফ্ৰেচাৰ ক'ষ্ট ৰিজন, কুইন্সলেণ্ড, অষ্ট্ৰেলিয়া, ২৯ এপ্ৰিল ২০০৭ৰ পৰা। .৩
তথ্যসূত্ৰ
- ↑ Japan Visitation. pasadenajaycees.org
- ↑ 公益社団法人春日部青年会議所. kasukabe-jc.com
- ↑ International Exchange. List of Affiliation Partners within Prefectures. Council of Local Authorities for International Relations (CLAIR)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাচুকাবে, চাইটামা” প্ৰবন্ধৰ সংশোধন ৪২১০০৮ (১২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।