কাঞ্জিৰাপল্লী (Kanjirappally) ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টাইম জিলাৰ এখন তালুক আৰু এখন প্ৰধান চহৰ। ই জিলা সদৰ কোট্টায়মৰপৰা প্ৰায় ৩৮ কি.মি.(২৪ মাইল) পূব দিশত অৱস্থিত।
জলবায়ু
কাঞ্জিৰাপল্লীত কেৰালাৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা দিন থকা অঞ্চলসমূহৰ অন্যতম। এই অঞ্চলত গ্ৰীষ্মকালীন মৌচুমী বতাহ, শীতকালীন বৰষুণ আৰু উত্তৰ-পূব মৌচুমী বতাহৰ (থুলাম মাজা) ফলত প্ৰচুৰ বৰষুণ হয়। ইয়াৰ ফলত বছৰজুৰি তুলনামূলকভাৱে সমভাৱে বৰষুণ বিতৰণ হয়, যিয়ে অঞ্চলটোৰ ৰবাৰ বাগিছাসমূহত অধিক লেটেক্স উৎপাদনত সহায় কৰে। ইয়াত গড় বাৰ্ষিক বৰষুণৰ পৰিমাণ প্ৰায় ৪,১৫৬ মিলিমিটাৰ। ১
পৰিবহণ
পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ ২২০ (বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ ১৮৩), যিয়ে কোল্লাম আৰু থেনিক সংযোগ কৰিছে, সেই ঘাইপথে কাঞ্জিৰাপ্পল্লীক ওচৰৰ মুখ্য চহৰসমূহৰ সৈতে সংযুক্ত কৰিছে।
কে. কে. ৰোড (ৰাষ্ট্ৰীয় ঘাইপথ ১৮৩; কোল্লাম–থেনি; কোট্টায়ম–কুমিলি পথ)ৰ জৰিয়তে কাঞ্জিৰাপ্পল্লী মুণ্ডাক্কায়ম (১৬ কিমি), কোট্টায়ম (৩৮ কিমি), কুট্টিক্কানাম (৩৪ কিমি), কুমিলি (৭২ কিমি) আৰু কাট্টাপ্পানা (৫৫ কিমি) আদি ওচৰৰ নগৰসমূহৰ সৈতে সংযুক্ত।
- পাম্বা–চেম্মালামাট্টম–এৰাট্টুপেট্টা–নেৰিয়ামংগলাম ৰাজ্যিক ঘাইপথ (এছ এইচ–৪৪)-এ কাঞ্জিৰাপ্পল্লীক শবৰীমালা (৬৫ কিমি), এৰুমেলি (১৫ কিমি), পাম্বা (৬০ কিমি), এৰাট্টুপেট্টা (১৬ কিমি) আৰু থোডুপুঝা (৪৬ কিমি)-ৰ সৈতে সংযোগ কৰে।
- মেইন ইষ্টাৰ্ণ হাইৱে (মুভাট্টুপুঝা–থোডুপুঝা–পালা–মাণিমালা–পাথানামথিট্টা–পুণালুৰ পথ)-এ কাঞ্জিৰাপ্পল্লীক আন বহুতো গুৰুত্বপূৰ্ণ নগৰৰ সৈতে সংযুক্ত কৰিছে।
- কাঞ্জিৰাপ্পল্লী–মাণিমালা পথ (১২ কিমি)-এ চাঙ্গানাচেৰীলৈ সহজ যাতায়াতৰ সুবিধা দিয়ে। আনহাতে চেনাপ্পাডি (৮ কিমি)-ৰ জৰিয়তে ৰান্নি (২৬ কিমি)-লৈ সংযোগ স্থাপন হৈছে।
- থাম্বালাক্কাডু (৩ কিমি) হৈ যোৱা এটা সংযোগী পথে কাঞ্জিৰাপ্পল্লীৰপৰা পালা (২৬ কিমি)-লৈ পোনপটীয়া যোগাযোগ স্থাপন কৰিছে।
- পাৰাথানাম–মুণ্ডাক্কায়ম–পাৰাথোডে–পোডিমাট্টম–২৬থ মাইল–কাঞ্জিৰাপ্পল্লী পথেও অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ সড়ক সংযোগ।
কাঞ্জিৰাপ্পল্লীৰ নিকটতম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে নেডুম্বাশেৰীত অৱস্থিত কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। নিকটতম ৰে'ল ষ্টেচনসমূহ কোট্টায়ম আৰু চাঙ্গানাচেৰীত অৱস্থিত। আনহাতে, নিকটতম কে এছ আৰ টি চি (কেৰালা ৰাজ্যিক সড়ক পৰিবহণ নিগম) বাছ আস্থান হৈছে পোংকুন্নামত। ২০১৭ চনৰ ১৯ জুলাই তাৰিখে কেৰালা চৰকাৰে সবৰীমলা তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণৰ সুবিধাৰ বাবে কেৰালাৰ ৫ম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, মণিমালা, এৰুমেলিৰ হেৰিছনছ বাগিছাৰ চেৰুভালি এষ্টেটত শবাৰীগিৰি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিৰ্মাণৰ কথা ঘোষণা কৰে।[ ২
প্ৰশাসন
কাঞ্জিৰাপল্লী বিধান সভা সমষ্টি পাথানমথিত্তা (লোকসভা সমষ্টি)ৰ অংশ। ৩
শিক্ষা
কাঞ্জিৰাপল্লীৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ:
- ছেইণ্ট এণ্টনিজ পাব্লিক স্কুল, আনক্কাল ৪
- চেইণ্ট জোচেফ এইচ এছ, মুণ্ডকায়াম ৫
- এ কে জে এম (আৰ্চবিশ্বপ কাভুকাট্টু জুবিলী মেম'ৰিয়েল) উচ্চতৰ মাধ্যমিক বিদ্যালয় ৬
- আলফিন পাব্লিক স্কুল ৭
- কুভাপ্পাল্লীৰ অমল জ্যোতি অভিযান্ত্ৰিক মহাবিদ্যালয় ৮
- পোডিমাট্টমৰ ছেইণ্ট ডমিনিকছ মহাবিদ্যালয় ৯
- কৰুথোডুৰ চি. কে. এম. উচ্চ মাধ্যমিক বিদ্যালয় ১০
- আচাম্মা মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় কালাকেটি ১১
- পালাম্পাডাম এল পি এছ ১২
- এন.এইচ.এ.ইউ.পি স্কুল ১৩
- মাইকা ইংৰাজী মাধ্যম বিদ্যালয় ১৪
- ছেইণ্ট ডমিনিক উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাঞ্জিৰাপল্লী ১৫
- ছেইণ্ট মেৰীছ গাৰ্লছ হাইয়াৰ ছেকেণ্ডাৰী স্কুল, কাঞ্জিৰাপল্লী ১৬
- ইনফেণ্ট যীচু পাব্লিক স্কুল, কাঞ্জিৰাপল্লী ১৭
- চেণ্ট এফ্ৰেমৰ এল পি এছ চিৰাকাডাভু ১৮
- মেডোনা আইটিচি আনচিলিপা ১৯
- আই এইচ আৰ ডি কলেজ অৱ এপ্লাইড ছায়েন্স কাঞ্জিৰাপল্লী ২০
বাহ্যিক সংযোগ
- Kanjirappally Official Facebook
- Kanjirappally local news on kanjirappallyvarthkal.com
- Kanjirappally local news on keralaonline.in
- Weather In Kanjirappally
তথ্যসূত্ৰ
- ↑ Kumar, PK Pradeep. Physiographic Features and Changes in the rainfall pattern of Kerala. Physical Oceanography and meteorology division
- ↑ Kerala cabinet gives nod to green airport in Kanjirappally to facilitate travel for Sabarimala pilgrims. Firstpost
- ↑ sathya darsanam. https://sathyadarsanam.com/
- ↑ St. Antony's Public School. saps.edu.in
- ↑ St. Joseph's HS Mundakayam. https://sametham.kite.kerala.gov.in/
- ↑ Introduction. akjmschool.ac.in
- ↑ Know Us Better · About Us · Alfeen's History. alfeenpublicschool.ac.in
- ↑ Campus Location. ajce.in
- ↑ St. Dominic's College Kanjirapally. St. Dominic's College
- ↑ C K M H S S Koruthodu. https://sametham.kite.kerala.gov.in/
- ↑ achamma-memorial-higher-secondary-school
- ↑ Palampadam LPS Chotty. https://sametham.kite.kerala.gov.in/
- ↑ NHA UPS Kanjirappally. sametham
- ↑ myca-english-medium-school-kanjirapally. https://schoolish.co.in/
- ↑ ST. DOMINIC'S H S S Kanjirapally. https://sametham.kite.kerala.gov.in/
- ↑ St. Mary's G H S Kanjirappally. https://sametham.kite.kerala.gov.in/
- ↑ Infant Jesus Public School. https://infantjesus.edu.in/
- ↑ St. Ephrem's LPS Chirackadavu. https://sametham.kite.kerala.gov.in/
- ↑ Madonna Institute of Electronics Engineering Pvt. ITI. https://www.madonnaiti.com/
- ↑ IHRD. https://www.ihrd.ac.in/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঞ্জিৰাপল্লী” প্ৰবন্ধৰ সংশোধন ৬৩৪৩০৪ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।