কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান হৈছে অসমত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ অৰ্কিড উদ্যান। গোলাঘাট জিলাৰ দুৰ্গাপুৰ গাঁৱত প্ৰায় ৬ একৰ এলেকাত বিস্তৃত উদ্যানখনে কাজিৰঙাৰ গৌৰৱ বহুগুণে বৃদ্ধি কৰিছে। উদ্যানখনত ৫০০ বিধ বনৰীয়া অৰ্কিড, ১৩২ টা প্ৰজাতিৰ টেঙা ফল আৰু শাক পাচলি, ৪৬ বিধ বাঁহ, ১২টা প্ৰজাতিৰ বেত আৰু আন বহুতো উদ্ভিদৰ লগতে বিভিন্ন প্ৰজাতিৰ স্থানীয় মাছ আছে।
অৰ্কিড
পৃথিৱীত প্ৰায় ৩৫০০০ প্ৰকাৰৰ অৰ্কিড আছে; যাৰ ভিতৰত ভাৰতত প্ৰায় ১৩১৪ টা প্ৰকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্ৰায় ৮৫০টা প্ৰকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্ৰজাতি পোৱা যায়। পৃথিৱীত প্ৰায় ৩৫০০০ প্ৰকাৰৰ অৰ্কিড আছে; যাৰ ভিতৰত ভাৰতত প্ৰায় ১৩১৪ টা প্ৰকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্ৰায় ৮৫০টা প্ৰকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্ৰজাতি পোৱা যায়।১ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান হৈছে উত্তৰ-পূব ভাৰত অঞ্চলৰ পৰা সংগ্ৰহ কৰা ৬০০ তকৈও অধিক প্ৰজাতিৰ বন্য অৰ্কিডৰ বাসস্থান। দৰ্শনাৰ্থীসকলক প্ৰকৃতিৰ ওচৰলৈ লৈ যাবলৈ প্ৰাকৃতিক পৰিৱেশ প্ৰদান কৰাৰ বাবে এই ধুনীয়া অৰ্কিড সমূহ বন্য অৱস্থাৰ মাজত ৰখা হৈছে।২
ধানৰ সংগ্ৰহালয়
কাজিৰঙা অৰ্কিড পাৰ্কত বিশেষজ্ঞৰ দলে চাউলৰ স্থানীয় নমুনা সংগ্ৰহ কৰিছে। তেওঁলোকে নমুনা সমূহৰ ইতিহাস সংগ্ৰহ কৰে আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলত খেতি কৰা ২০০ তকৈও অধিক প্ৰকাৰৰ চাউলৰ ভঁৰাল পৰিকল্পিতভাৱে নিৰ্মাণ কৰিছে।
মাছ সংৰক্ষণ
অসমৰ জাতীয় ঐতিহ্যৰ এটা অংশ মাছ বিভিন্ন কাৰণত নদী, বিল আৰু পুখুৰীৰ পৰা দ্ৰুতগতিত নাইকিয়া হৈ আহিছে। পৰীক্ষামূলকভাৱে কাজিৰঙা অৰ্কিড পাৰ্কৰ বিশেষজ্ঞৰ দলে কাজিৰঙা অৰ্কিড পাৰ্কৰ ভিতৰত থকা দুটা পুখুৰীত মাছৰ থলুৱা প্ৰজাতি সংগ্ৰহ আৰু বাছনি কৰিছিল আৰু সংৰক্ষণ কৰিছিল। উদ্যানখনত নৌকাবিহাৰৰ সুবিধাও উপলব্ধ।
লোক সংস্কৃতি অনুশীলন
কাজিৰঙা অৰ্কিড উদ্যানখনত অসমৰ স্থানীয় সংস্কৃতিৰ প্ৰচাৰৰ বাবে এটা কেন্দ্ৰও আছে। এই কলা সমূহ নিয়মীয়াকৈ আহি থকা পৰ্যটকসকলক দেখুওৱা হয়। কাজিৰঙা অৰ্কিড উদ্যানলৈ যোৱা পৰ্যটকসকলেও উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ লোৱাৰো সুযোগ পায়।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান” প্ৰবন্ধৰ সংশোধন ৬১৩৩৪৭ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।