কাশ্মীৰী কাগজ হ’ল কাশ্মীৰৰ এক প্ৰকাৰৰ হস্তনিৰ্মিত কাগজ। ১৫ শতিকাত প্ৰৱৰ্তন কৰা এই কাগজ ইয়াৰ বগা ৰং, মিহি গঠন আৰু পূৰ্ণতাৰ বাবে বিখ্যাত আছিল; যিবোৰ বৈশিষ্ট্য কাগজ তৈয়াৰ কৰা মেচিন আৱিষ্কাৰ হোৱাৰ আগতে দুৰ্লভ আছিল।১
ইতিহাস
১৫ শতিকাত কাশ্মীৰ চুলতানিৰ শাসনকালত চুলতান জয়নুল আবেদিনে ঘৰুৱা কাগজ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ সমৰকন্দৰ কাগজ নিৰ্মাতাসকলক 'জাগিৰ' প্ৰদান কৰিছিল। উত্তৰ-পশ্চিম দক্ষিণ এছিয়াৰ অন্যান্য কাগজ নিৰ্মাতা বা 'কাগজী'সকলে মৰ্যাদা লাভৰ বাবে শিয়ালকোটৰ কাগজীসকলৰ দৰে নিজকে কাশ্মীৰী কাগজ নিৰ্মাণৰ বংশধৰ বুলি দাবী কৰিছিল। কাগজীসকলৰ বেছিভাগেই আছিল মুছলমান, কাৰণ হিন্দুসকলৰ মাজত কানি-কাপোৰ বা জাবৰ-জোথৰ গোটোৱাটো (rag-picking) নিষিদ্ধ আছিল। ১৯ শতিকাৰ ভিতৰত জেল উদ্যোগত নিৰ্মিত কাগজ, আমদানি কৰা কাগজ আৰু যন্ত্ৰীকৰণৰ উত্থানৰ ফলত সমগ্ৰ ভাৰতীয় উপমহাদেশৰ কাগজীসকলে তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল।২৩৪
২০ শতিকাৰ স্বদেশী আন্দোলনৰ সময়ত কাশ্মীৰী কাগজে কিছু পুনৰুজ্জীৱন লাভ কৰিছিল যদিও বৰ্তমান ই এটা অতি সৰু বা বিশেষ শ্ৰেণীৰ উদ্যোগ হিচাপেহে বৰ্তি আছে।৫২
উৎপাদন
কাশ্মীৰী কাগজ কানি-কাপোৰ আৰু ভাং গছৰ (hemp) আঁহৰ পৰা তৈয়াৰী কাগজ। কেতিয়াবা প্ৰকৃত ভাংতকৈ সূতলিৰ (Sunn hemp) আঁহ অধিক পছন্দ কৰা হৈছিল। ইয়াৰ আঁহবোৰ খুন্দি, খাৰত তিয়াই পচাই লোৱা হয় আৰু তাৰ পিছত ৰ’দত শুকুৱাই মণ্ড তৈয়াৰ কৰা হয়। এই মণ্ডবোৰ পানীত গুলি দুটা তৰপত চালনীৰে (deckle) ছেকি লোৱা হয় আৰু তাৰ পিছত শুকুৱাবলৈ দেৱালত লগাই দিয়া হয়। শুকান কাগজবোৰত 'চাইজিং' (sizing) নামৰ এক তিনিটা পৰ্যায়ৰ প্ৰক্ৰিয়া চলোৱা হয়: প্ৰথমে কাগজখন ঘঁহি মিহি কৰা হয়; দ্বিতীয়তে তাত চাউলৰ গুড়ি সানি দিয়া হয়; আৰু শেষত কাগজৰ উপৰিভাগ নিমজ কৰিবলৈ ঘঁহি পলিচ কৰা হয়। উচ্চমানৰ আৰু অধিক চিকচিকিয়া কাগজ পাবলৈ এই চাইজিং প্ৰক্ৰিয়াটো কেইবাবাৰো পুনৰাবৃত্তি কৰা হয়।১
তথ্যসূত্ৰ
- ↑ Desvergnes, Amelie Couvrat. (2023). Nineteenth-century Kashmiri Paper: Victor Jacquemont's Account of an Unparalleled Craftsmanship. Comparative Oriental Manuscript Studies Bulletin, 9(1-2), 25–28. doi.org/10.25592/uhhfdm.14090
- ↑ Lanzillo, Amanda; Kumar, Arun. (12 April 2023). The Kághazis’ Story: How the Indian Papermaking Industry Evolved, Declined and Transformed. The Wire
- ↑ Desvergnes, A.C., Helman-Ważny, A. Sialkoti paper used by Pahari artists: raw materials and fibre analysis. Herit Sci 12, 268 (2024). doi.org/10.1186/s40494-024-01360-9
- ↑ Parray, M.Imran. “Divorcing Religion and Politics: Journalistic Field in Early Twentieth-Century Kashmir.” Media History, vol. 28, no. 2, May 2022, pp. 199–213. EBSCOhost, doi.org/10.1080/13688804.2021.1901564
- ↑ Kumar, Aparna. “Notes on a Fragment: Zarina’s Dividing Line.” Art History, vol. 47, no. 2, Apr. 2024, pp. 246–79. EBSCOhost, doi.org/10.1093/arthis/ulae015
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাশ্মীৰী কাগজ” প্ৰবন্ধৰ সংশোধন ৬০০০৯৩ (৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।