কদিনহি ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ এখন গাঁও। গাঁওখন তিৰুৰাংগাদি নগৰৰ ওচৰত অৱস্থিত আৰু ২০০৮ চনলৈকে ইয়াত প্ৰায় ২,০০০টা পৰিয়াল বাস কৰিছিল। গাঁওখন নান্নাম্ব্ৰা পঞ্চায়তৰ অধীনত পৰিচালিত হয়। এই অঞ্চলত অস্বাভাৱিকভাৱে অধিকসংখ্যক একাধিক জন্মৰ ঘটনা, বিশেষকৈ যমজ সন্তানৰ জন্মৰ বাবে গাঁওখনে আন্তঃৰাষ্ট্ৰীয় মনোযোগ লাভ কৰিছে। ভাৰতত যমজ জন্মৰ হাৰ বিশ্বৰ ভিতৰতে তুলনামূলকভাৱে কম হোৱাৰ বিপৰীতে কদিনহিত ইয়াৰ হাৰ যথেষ্ট বেছি বুলি বিভিন্ন অধ্যয়ন আৰু প্ৰতিৱেদনত উল্লেখ কৰা হৈছে।১২৩
ভাৰতৰ প্ৰথম যমজ সন্তানৰ সংগঠন দ্য টুইনছ এণ্ড কিনছ এছ'চিয়েচন এই গাঁওখনতে প্ৰতিষ্ঠা কৰা হৈছিল।৪
ভূগোল
গাঁওখন কলিকটৰ প্ৰায় 35 কি.মি. দক্ষিণে আৰু জিলা সদৰ মালাপ্পুৰমৰ প্ৰায় 30 কি.মি. পশ্চিমে অৱস্থিত। গাঁওখনৰ চাৰিওফালে এফালৰ বাহিৰে পানীভূমি আছে। সেই এফালৰ পথেৰে গাঁওখন তিৰুৰাংগাদি নগৰৰ সৈতে সংযুক্ত হৈ আছে।৫
কেৰালা চৰকাৰৰ ৰাজহ বিভাগৰ তথ্য অনুসৰি নান্নাম্ব্ৰা গাঁওখন তিৰুৰাংগাদি তালুকত অৱস্থিত আৰু ইয়াৰ মুঠ মাটি-কালি ১,৮২৩.২৪৫৬ হেক্টৰ। কদিনহি এই গাঁওখনৰ ভিতৰত অৱস্থিত আৰু যমজ সন্তানৰ অধিক জন্মৰ বাবে পৰিচিত।৬
সংস্কৃতি আৰু জনসংখ্যা
২০০৮ চনৰ নৱেম্বৰ মাহত গাঁওখনত প্ৰায় ২,০০০টা পৰিয়াল আছিল বুলি অনুমান কৰা হৈছিল।৫ বাসিন্দাসকলৰ অধিকাংশ ছুন্নী ইছলাম মুছলমান আৰু তেওঁলোকে শাফি মত অনুসৰণ কৰে।৪ ইয়াৰ উপৰি ইয়াত উল্লেখযোগ্যসংখ্যকছালাফী মুছলমান আৰু হিন্দু সংখ্যালঘু লোকো বাস কৰে।
যমজ সন্তানৰ জন্ম
২০০০ চনৰ আৰম্ভণিতে স্থানীয় সমীক্ষাসমূহত গাঁওখনত অস্বাভাৱিকভাৱে অধিক হাৰত যমজ সন্তান জন্ম লোৱাৰ কথা প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰতিৱেদনসমূহত কদিনহিৰ প্ৰায় ২,০০০টা পৰিয়ালৰ মাজত ৪০০ৰপৰা ৪৫০টাতকৈ অধিক যমজ সন্তানৰ যোৰা থকাৰ কথা উল্লেখ কৰা হৈছে।৭ ২০১৫ চনৰ এক প্ৰতিৱেদনতো গাঁওখনত প্ৰায় ২,০০০টা পৰিয়ালৰ মাজত প্ৰায় ২৫০যোৰ যমজ সন্তান থকাৰ কথা উল্লেখ কৰা হৈছিল।৮
কদিনহিৰপৰা দূৰৱৰ্তী ঠাইলৈ বিবাহপাশত আবদ্ধ হোৱা মহিলাসকলেও যমজ সন্তান জন্ম দিয়াৰ ঘটনা দেখা গৈছে।৯ স্থানীয় লোকৰ মতে, গাঁওখনত নথিভুক্ত হোৱা আটাইতকৈ পুৰণি যমজ সন্তানৰ যোৰাটো ১৯৪৯ চনত জন্মগ্ৰহণ কৰিছিল। বছৰবোৰ পাৰ হোৱাৰ লগে লগে কদিনহিত যমজ সন্তানৰ জন্মৰ সংখ্যা বৃদ্ধি পাইছে। এক সমীক্ষাত ০ৰপৰা ১০ বছৰ বয়সৰ ভিতৰত ৭৯টাতকৈ অধিক যমজ সন্তানৰ যোৰা পোৱা গৈছিল।৫
যমজ সন্তানৰ জন্মৰ হাৰ
কদিনহিৰ যমজ সন্তান জন্মৰ হাৰ ভাৰতৰ সাধাৰণ হাৰৰ তুলনাত যথেষ্ট বেছি বুলি গৱেষণাত উল্লেখ কৰা হৈছে। ২০১৮ চনত প্ৰকাশিত এটা গৱেষণাত কদিনহিত প্ৰতি ১,০০০টা জীৱিত জন্মত প্ৰায় ৪২টা যমজ জন্মৰ হাৰ উল্লেখ কৰা হৈছিল। একে অধ্যয়নত বিশ্বব্যাপী প্ৰতি ১,০০০টা জীৱিত জন্মত প্ৰায় ৬টা যমজ জন্মৰ হাৰ উল্লেখ কৰা হৈছিল।১০
ভাৰতত যমজ জন্মৰ সামগ্ৰিক হাৰ প্ৰতি ১,০০০টা জন্মত প্ৰায় ৯টা বুলি উল্লেখ কৰা হৈছে। ইয়াৰ বিপৰীতে কদিনহিত এই হাৰ প্ৰতি ১,০০০টা জন্মত প্ৰায় ৪৫টা বুলি সাম্প্ৰতিক গৱেষণাত উল্লেখ কৰা হৈছে।১১
বৈজ্ঞানিক গৱেষণা
কদিনহিত অধিক হাৰত যমজ সন্তান জন্ম লোৱাৰ কাৰণ এতিয়াও নিশ্চিতভাৱে নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। গৱেষকসকলে সম্ভাৱ্য জিনগত আৰু পৰিৱেশগত কাৰকৰ বিষয়ে অধ্যয়ন কৰিছে।১২
২০১৬ চনত বিভিন্ন প্ৰতিষ্ঠানৰ গৱেষকৰ এটা দলে কদিনহিলৈ গৈ এই যমজ জন্মৰ পৰিঘটনাৰ অধ্যয়ন কৰিছিল। গৱেষণাত পৰিৱেশগত, জৈৱিক আৰু জিনগত কাৰকৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হৈছিল যদিও অধিক হাৰত যমজ জন্মৰ কোনো নিৰ্দিষ্ট বৈজ্ঞানিক কাৰণ তেতিয়ালৈকে প্ৰতিষ্ঠা হোৱা নাছিল।১৩১৪
কিছুমান আগৰ প্ৰতিৱেদনত কদিনহিৰ পানীত থকা কোনো ৰাসায়নিক পদাৰ্থৰ সৈতে যমজ জন্মৰ সম্ভাৱ্য সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছিল। কিন্তু এনে সম্পৰ্কৰ কোনো নিশ্চিত বৈজ্ঞানিক প্ৰমাণ প্ৰতিষ্ঠিত হোৱা নাই। কদিনহিৰ বাসিন্দাসকলৰ খাদ্যাভ্যাসো কেৰালাৰ আন অঞ্চলৰ তুলনাত উল্লেখযোগ্যভাৱে পৃথক বুলি প্ৰমাণিত হোৱা নাই।৫
যমজ সন্তানৰ ওপৰত স্বাস্থ্য গৱেষণা
কদিনহিৰ যমজ সন্তানক লৈ বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় গৱেষণা সম্পন্ন হৈছে। এটা অধ্যয়নত কদিনহিত জন্মগ্ৰহণ কৰা ৫ৰপৰা ২০ বছৰ বয়সৰ যমজ সন্তানৰ দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, দাঁতৰ ওপৰত জমা হোৱা জীৱাণু, মাড়িৰ অৱস্থা আৰু দাঁতৰ চাৰিওফালৰ কলাৰ অৱস্থা পৰীক্ষা কৰা হৈছিল।১৫
আন এটা অধ্যয়নত কদিনহিৰ একে জিনগত গঠনৰ আৰু ভিন্ন জিনগত গঠনৰ যমজ সন্তানৰ মুখমণ্ডল, উচ্চতা, ওজন আৰু দাঁতৰ বিন্যাসৰ তুলনা কৰা হৈছিল। অধ্যয়নটোত ২২টা যমজ যোৰা অন্তৰ্ভুক্ত কৰা হৈছিল।১৬
মাতৃ আৰু স্তন্যপান
২০২৪ চনত প্ৰকাশিত এটা অধ্যয়নত কদিনহি আৰু ইয়াৰ ওচৰৰ অঞ্চলৰ ৭৫গৰাকী যমজ সন্তানৰ মাতৃৰ স্তন্যপানৰ অভ্যাস অধ্যয়ন কৰা হৈছিল। অধ্যয়নটোত দেখা গৈছিল যে ৫৭.৩ শতাংশ মহিলাৰ প্ৰসৱ সময়ৰ পূৰ্বে হৈছিল আৰু ৫৮.৭ শতাংশৰ অস্ত্ৰোপচাৰৰ জৰিয়তে প্ৰসৱ হৈছিল।১৭
অধ্যয়নটোত ৮৬.৭ শতাংশ মাতৃয়ে সন্তানক জন্মৰ পাছত প্ৰথম গাখীৰ খুৱাইছিল। একচেটিয়া মাতৃদুগ্ধপানৰ হাৰ ৪ শতাংশ আছিল। বহু মাতৃয়ে যমজ সন্তানক একেলগে স্তন্যপান কৰোৱাত অসুবিধা হোৱা বুলি উল্লেখ কৰিছিল। ক্লান্তি আৰু গাখীৰ কম হোৱা দুটা মুখ্য সমস্যাৰূপে চিনাক্ত হৈছিল।১৮
যমজ সন্তানৰ সংগঠন
২০০৮ চনত কদিনহিৰ প্ৰায় ৩০টা যমজ সন্তানৰ যোৰাই তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে মিলি দ্য টুইনছ এণ্ড কিনছ এছ'চিয়েচন গঠন কৰে। ই ভাৰতত যমজ সন্তানক লৈ গঠন কৰা প্ৰথম সংগঠন হিচাপে উল্লেখ কৰা হৈছে।৪ সংগঠনটোৰ প্ৰতিষ্ঠাতাসকলৰ মতে, ইয়াৰ উদ্দেশ্য হৈছে একাধিক জন্মৰ সৈতে জড়িত লোকসকলে সন্মুখীন হোৱা শিক্ষা, স্বাস্থ্য আদি বিশেষ সমস্যাসমূহৰ বিষয়ে অধিক বিস্তৃতভাৱে সজাগতা সৃষ্টি কৰা।
অন্যান্য যমজ নগৰৰ সৈতে তুলনা
কদিনহিত অধিকসংখ্যক যমজ সন্তান জন্ম লোৱাৰ পৰিঘটনা একক নহয়। নাইজেৰিয়াৰ ইগ্বো-অ'ৰা নগৰতো অস্বাভাৱিকভাৱে অধিকসংখ্যক যমজ সন্তান জন্ম লোৱাৰ ঘটনা দেখা যায়। ইগ্বো-অ'ৰাত কৰা গৱেষণাই অঞ্চলটোৰ মহিলাসকলৰ খাদ্যাভ্যাসৰ সৈতে একাধিক জন্মৰ সম্ভাৱ্য সম্পৰ্কৰ বিষয়ে আলোচনা কৰিছে।১৯
ইগ্বো-অ'ৰাৰ ক্ষেত্ৰতো খাদ্য গ্ৰহণ আৰু যমজ জন্মৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক নিশ্চিত হোৱা নাই। লাগোছ বিশ্ববিদ্যালয়ৰ শিক্ষণ চিকিৎসালয়ত কৰা গৱেষণাত অঞ্চলটোৰ মহিলাসকল আৰু বহুলভাৱে খোৱা এটা কন্দজাতীয় শস্যৰ বাকলিত পোৱা এটা ৰাসায়নিক পদাৰ্থৰ সৈতে অধিক হাৰত একাধিক জন্মৰ সম্ভাৱ্য সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছিল।১৯
সৰু আৰু তুলনামূলকভাৱে পৃথক সম্প্ৰদায়ত অধিকসংখ্যক যমজ সন্তান জন্ম লোৱাৰ একেধৰণৰ পৰিঘটনা ব্ৰাজিলৰ কাণ্ডিডো গডয়িতো দেখা গৈছে।
পৰিবহণ
কদিনহি গাঁও পৰপ্পানাংগাদি নগৰৰ জৰিয়তে ভাৰতৰ অন্যান্য অঞ্চলৰ সৈতে সংযুক্ত। ৰাষ্ট্ৰীয় ঘাইপথ নং ৬৬ ৰামনাট্টুকাৰাৰ মাজেৰে পাৰ হৈ যায় আৰু ইয়াৰ উত্তৰ অংশ গোৱা আৰু মুম্বাইৰ সৈতে সংযুক্ত। দক্ষিণ অংশ কোচি আৰু তিৰুৱনন্তপুৰমৰ সৈতে সংযুক্ত। ৰাজ্যিক ঘাইপথ নং ২৮ নীলাম্বুৰৰপৰা আৰম্ভ হৈ উটি, মহীশূৰ আৰু বেংগালুৰুলৈ ঘাইপথ ১২, ২৯ আৰু ১৮১ৰ জৰিয়তে সংযোগ স্থাপন কৰে।
নিকটতম বিমানবন্দৰ কোজিকোড় বিমানবন্দৰ। নিকটতম মুখ্য ৰে'ল ষ্টেচনসমূহ হৈছে পৰপ্পানাংগাদি, তানুৰ আৰু তিৰূৰ।
পৰ্যটন আৰু জনপ্ৰিয় সংস্কৃতি
কদিনহি যমজ সন্তানৰ অধিক জন্মৰ বাবে কেৰালাৰ এটা উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপে পৰিচিত হৈছে। গাঁওখনৰ এই বিশেষ বৈশিষ্ট্যৰ বাবে দেশ-বিদেশৰ সংবাদমাধ্যম আৰু আলোকচিত্ৰশিল্পীসকলে ইয়াক লৈ প্ৰতিৱেদন আৰু আলোকচিত্ৰ প্ৰকল্প প্ৰকাশ কৰিছে।২০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (10 November 2008). Malappuram village under national genetic scanner. দ্য হিন্দু
- ↑ Laurance, Jeremy. (12 May 2009). Seeing double: the village in deepest Kerala where twins have taken over. The Independent (London)
- ↑ (11 May 2009). Indian village with 250 sets of twins. Daily Telegraph (London)
- ↑ Press Trust of India. (2008-11-30). Kerala village floats first forum of twins. AOL News
- ↑ Press Trust of India. (2008-11-25). Babies come in twos in this Kerala village. Daily News and Analysis
- ↑ নান্নাম্ব্ৰা গাঁও. কেৰালা চৰকাৰৰ ৰাজহ বিভাগ
- ↑ The Unknown India. (2025-08-29). Kodinhi – Why So Many Twins Take Birth Here? · India's Strangest Genetic Mystery #kodinhi
- ↑ Coburn Dukehart. (5 October 2015). Seeing Double in India’s Twin Town. National Geographic
- ↑ (2008-11-24). 'Twin tale ' of Kodinji to cross the seas. Mathrubhumi
- ↑ Kumar, Vijaya; Panchmal, Ganesh Shenoy; Agrawal, Reema Sarvesh. (2018). Comparison of Oral Hygiene, Plaque Microbiology, Gingival and Periodontal Status among Identical and Non-identical Twins of Kodinhi Village, Kerala. International Journal of Oral Care and Research. পৃ. 19–22
- ↑ Bhardwaj, Geeta; Smitha, Moonjelly V. (2024). Breastfeeding Practices in the Twin Town of India - A Cross-Sectional Study. Twin Research and Human Genetics. পৃ. 241–250
- ↑ Jodalli, Praveen S; Panchmal, Ganesh Shenoy; Sonde, Laxminarayan. (2016). Village of Twins: A Mystery
- ↑ Jodalli, Praveen S; Panchmal, Ganesh Shenoy; Sonde, Laxminarayan. (2016). Village of Twins: A Mystery
- ↑ (24 January 2021). This village in Kerala has over 400 pairs of twins. No one knows why. Condé Nast Traveller India
- ↑ Kumar, Vijaya; Panchmal, Ganesh Shenoy; Agrawal, Reema Sarvesh. (2018). Comparison of Oral Hygiene, Plaque Microbiology, Gingival and Periodontal Status among Identical and Non-identical Twins of Kodinhi Village, Kerala. International Journal of Oral Care and Research. পৃ. 19–22
- ↑ Dentofacial Characteristics among Monozygotic and Dizygotic Twin Pairs from a Unique Village of Twins in South India. International Journal of Recent Surgical and Medical Sciences
- ↑ Bhardwaj, Geeta; Smitha, Moonjelly V. (2024). Breastfeeding Practices in the Twin Town of India - A Cross-Sectional Study. Twin Research and Human Genetics. পৃ. 241–250
- ↑ Bhardwaj, Geeta; Smitha, Moonjelly V. (2024). Breastfeeding Practices in the Twin Town of India - A Cross-Sectional Study. Twin Research and Human Genetics. পৃ. 241–250
- ↑ (2001-06-07). The Land of Twins. BBC World Service
- ↑ Coburn Dukehart. (5 October 2015). Seeing Double in India’s Twin Town. National Geographic
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কদিনহি” প্ৰবন্ধৰ সংশোধন ৬৩৬৯০৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।