অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰ

কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰক তামিলনাডুৰ কইম্বাটুৰত নিৰ্মিত তিতা খাদ্য বটা যন্ত্ৰক বুজায়। ২০০৫–০৬ চনত ভাৰত চৰকাৰে ইয়াক ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি দিছে। ২০১৫ চনৰ হিচাপত কইম্বাটুৰত ৭০০ৰো অধিক ৱেট গ্ৰাইণ্ডাৰ নিৰ্মাতা আছে আৰু ভাৰতত প্ৰতি এক লাখ উৎপাদনৰ বিপৰীতে ইয়াৰ মাহেকীয়া উৎপাদন ৭৫,০০০ ইউনিট।

হালনাগাদ: ১৯ আগষ্ট ২০২৫ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰক তামিলনাডুৰ কইম্বাটুৰত নিৰ্মিত তিতা খাদ্য বটা যন্ত্ৰক বুজায়।১ ২০০৫–০৬ চনত ভাৰত চৰকাৰে ইয়াক ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি দিছে।২ ২০১৫ চনৰ হিচাপত কইম্বাটুৰত ৭০০ৰো অধিক ৱেট গ্ৰাইণ্ডাৰ নিৰ্মাতা আছে আৰু ভাৰতত প্ৰতি এক লাখ উৎপাদনৰ৩ বিপৰীতে ইয়াৰ মাহেকীয়া উৎপাদন ৭৫,০০০ ইউনিট।৪

ৱেট গ্ৰাইণ্ডাৰ খাদ্য প্ৰস্তুত কৰা সঁজুলি যিটো খাদ্য শস্য পিহি মণ্ড তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।৫ দক্ষিণ ভাৰতীয় খাদ্যত মণ্ড ব্যৱহাৰ কৰা হয় জনপ্ৰিয় খাদ্য যেনে, ডোছা, ইডলি, ভড়া, আপ্পাম আৰু পানীয়াৰাম আদি প্ৰস্তুতৰ বাবে।৬৭৮৯১০ ইয়াত গ্ৰেনাইটৰ শিল থাকে যিবোৰ বৈদ্যুতিক মটৰৰ সহায়ত ধাতুৰ ড্ৰামৰ ভিতৰত ঘূৰি থাকে আৰু খাদ্যৰ দানাবোৰ শিল আৰু ড্ৰামৰ মাজত থেতেলিয়াই পেলোৱা হয়।১১

ইতিহাস

পি ছাবাপাথীয়ে ১৯৫৫ চনত কইম্বাটুৰত ৱেট গ্ৰাইণ্ডাৰ প্ৰস্তুত কৰিছিল।১২১৩১৪ ছাবাপাথীয়ে চেন্নাই আৰু মাদুৰাইৰ দৰে অন্যান্য চহৰত এই গ্ৰাইণ্ডাৰৰ প্ৰচলন কৰে।১৪ ১৯৬৩ চনত পি.বি.কৃষ্ণমূৰ্তিয়ে লক্ষ্মী গ্ৰাইণ্ডাৰ আৰম্ভ কৰে যাৰ ফলত ৱেট গ্ৰাইণ্ডাৰ ব্যৱসায়িকভাৱে জনপ্ৰিয় হয়।১৫ ১৯৭৫ চনত আৰ ডৰাইস্বামীয়ে হেলনীয়া ৱেট গ্ৰাইণ্ডাৰ উদ্ভাৱন কৰে।১৫১৬ এল জি বাৰাদাৰাজে টেবুলৰ ওপৰত থব পৰা ৱেট গ্ৰাইণ্ডাৰৰ প্ৰৱৰ্তন কৰিছিল যিয়ে মাটিত ৰাখিব লগা গ্ৰাইণ্ডাৰৰ ঠাইত লয়।১৫১৭

উদ্যোগ

পূৰ্বৰ ৱেট গ্ৰাইণ্ডাৰ
পূৰ্বৰ ৱেট গ্ৰাইণ্ডাৰছবি: Ramesh NG · CC BY-SA 2.0

যিহেতু এই সামগ্ৰীটো চহৰখনত উদ্ভাৱন কৰা হৈছিল, সেয়েহে কইম্বাটুৰে স্বাভাৱিকতে ৱেট গ্ৰাইণ্ডাৰ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। গ্ৰেনাইট শিল, বৈদ্যুতিক মটৰ নিৰ্মাণ ইউনিট আৰু উৎপাদনত ব্যৱহৃত প্ৰয়োজনীয় গধুৰ সঁজুলি যেনে লেথ, ড্ৰিলিং আৰু মিলিং মেচিনৰ আকাৰত কেঁচামালৰ উপলব্ধতাই উদ্যোগটোৰ বিকাশত সহায় কৰিছিল।১৩

ভাৰতত ৱেট গ্ৰাইণ্ডাৰৰ মুঠ ১ লাখ মাহিলী উৎপাদনৰ প্ৰায় ৭৫% এই চহৰখনে অৰিহণা যোগায়।৩ এই উদ্যোগটোৱে ২০,০০০ লোকক প্ৰত্যক্ষভাৱে নিয়োগ কৰে আৰু ৫০,০০০ লোকক পৰোক্ষভাৱে কৰ্মসংস্থাপন প্ৰদান কৰে।১৩ ২০১১ চনত এই ক্লাষ্টাৰৰ বছৰি ২২৫ কোটি টকা (২৭ মিলিয়ন মাৰ্কিন ডলাৰ) ব্যৱসায় আছিল, যি ২০১৫ চনত ২,৮০০ কোটি (৩৩০ মিলিয়ন মাৰ্কিন ডলাৰ) লৈ বৃদ্ধি পায়।৩

বৰ্তমান উন্নয়ন

২০০৭ চনত তামিলনাডু চৰকাৰে ৱেট গ্ৰাইণ্ডাৰৰ বাবে কেঁচামাল নিৰ্মাণৰ বাবে এটা কেন্দ্ৰ আৰু ২৮.৮ মিলিয়ন ₹ (৩৪০,০০০ মাৰ্কিন ডলাৰ) ব্যয়ৰে নিৰ্মাণ কৰা এটা গৱেষণা কেন্দ্ৰ মুকলি কৰে।১৮ তামিলনাডু চৰকাৰে গ্ৰীণ ফেমিলি কাৰ্ড ধাৰীসকলক বিনামূলীয়াকৈ বিতৰণৰ বাবে প্ৰায় ২.২৫ মিলিয়ন ৱেট গ্ৰাইণ্ডাৰ ক্ৰয় কৰাৰ বাবে যোৱা কেইবছৰমানৰ ভিতৰত এই উদ্যোগটো দহগুণতকৈও অধিক বৃদ্ধি পাইছে।৩১৯ ২০১৫ চনত পুডুচেৰী চৰকাৰে ৩.৩৭ লাখ পৰিয়ালক বিনামূলীয়াকৈ ৱেট গ্ৰাইণ্ডাৰ বিতৰণ কৰাৰ কথা ঘোষণা কৰে যাৰ বাবে ই ১২০ কোটি ₹ (১৪ মিলিয়ন মাৰ্কিন ডলাৰ) ব্যয় কৰি ৱেট গ্ৰাইণ্ডাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে।২০

ৱেট গ্ৰাইণ্ডাৰ মূলতঃ খুচুৰা চেনেলৰ জৰিয়তে বিক্ৰী কৰা হয় আৰু প্ৰস্তুতকাৰীয়ে মধ্যস্থতাকাৰীৰ জৰিয়তে বিতৰণ কৰে। ২০১৪ চনৰ পৰা ই-কমাৰ্চ চেনেলৰ জৰিয়তে বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে যিয়ে বৃহৎ বিক্ৰী আৰু ব্ৰেণ্ড নিৰ্মাণত সহায় কৰিছে।২১

ভৌগোলিক ইংগিত

২০০৫ চনত তামিলনাডু চৰকাৰে কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰৰ বাবে ভৌগোলিক ইংগিতৰ বাবে আবেদন জনায়।২২ ভাৰত চৰকাৰে ২০০৫-০৬ চনৰ পৰা ইয়াক আনুষ্ঠানিকভাৱে ভৌগোলিক ইংগিতৰ দিছিল।২

তথ্যসূত্ৰ

  1. ↑ Industry of Coimbatore. Coimbatore Corporation
  2. ↑ Geographical indication. Government of India
  3. ↑ (6 August 2015). Poll code set to hit wet grinders business. Live Mint
  4. ↑ (24 March 2005). Wet grinder units form group to get SIDBI aid. Business Line
  5. ↑ Krishna Dubey. (2010). The Indian Cuisine. PHI. পৃ. 29. ISBN 9788120341708
  6. ↑ Farnworth, Edward R. (2003). Handbook of Fermented Functional Foods. CRC Press. ISBN 978-0-8493-1372-1
  7. ↑ Charmaine O' Brien. (15 December 2013). The Penguin Food Guide to India. Penguin Books Limited. পৃ. 378. ISBN 978-93-5118-575-8
  8. ↑ K. T. Achaya. (November 2003). The Story of Our Food. Universities Press. পৃ. 80, 90. ISBN 978-81-7371-293-7
  9. ↑ P. Thankappan Nair. (2004). South Indians in Kolkata. Punthi Pustak. পৃ. 320. ISBN 978-81-86791-50-9
  10. ↑ Vir Sanghvi. (1 January 2004). Rude Food: The Collected Food Writings of Vir Sanghvi. Penguin Books India. পৃ. 109–110. ISBN 978-0-14-303139-0
  11. ↑ How to choose a Wet grinder. indiacurry.com
  12. ↑ (31 March 2011). How a wedding gift turned into a freebie. ’’Times of India’’
  13. ↑ Diagnostic study of the "wet grinder cluster" at Coimbatore. Development Commissioner, সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়
  14. ↑ (13 July 2011). Magic of the arc lights. দ্য হিন্দু
  15. ↑ (31 December 2013). Namma Coimbatore. দ্য হিন্দু
  16. ↑ Santha Grinders. santhagrinders.com
  17. ↑ Coimbatore's engineering and textile industries are abuzz with activity, ending a period of slowdown. Frontline
  18. ↑ (5 August 2007). Common facility for wet grinders. দ্য হিন্দু
  19. ↑ (30 March 2015). Tamil Nadu, the ultimate freebie state. দ্য হিন্দু
  20. ↑ (25 August 2015). Over four years after it made a promise, AINRC government launches freebies scheme in Puducherry. দ্য হিন্দু
  21. ↑ (22 June 2015). e-commerce makes inroads in Coimbatore manufacturing activities. দ্য হিন্দু
  22. ↑ (29 August 2013). GI tag: TN trails Karnataka with 18 products. Times of India

সম্পৰ্কিত শ্ৰেণী

সামগ্ৰীভৌগোলিক স্বীকৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কইম্বাটুৰ ৱেট গ্ৰাইণ্ডাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৩৯২৪ (১৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।