অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অবিভক্ত গোৱালপাৰা জিলা

অবিভক্ত গোৱালপাৰা জিলা (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলা। ব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল।

হালনাগাদ: ২২ জুন ২০২৬ ৫৬৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অবিভক্ত গোৱালপাৰা জিলা১ (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলা। ব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল। বৰ্তমানৰ অসম ৰাজ্যৰ পশ্চিম অংশৰ ছয়খন জিলা পূৰ্বতে এই জিলাৰ অন্তৰ্গত আছিল। সেইবোৰ হ'ল: গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বঙাইগাঁও আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা।

ইতিহাস

ঐতিহাসিক পটভূমি

এই অঞ্চলটো প্ৰথম সহস্ৰাব্দত কামৰূপ ৰাজ্যৰ অংশ আছিল। কামৰূপ ৰাজ্যৰ বিভাজনৰ পিছত, অঞ্চলটো কমতা ৰাজ্যৰ অধীনলৈ আহে। ১৪৯৮ চনত, আলাউদ্দিন হুছেইন শ্বাহৰ কমতা বিজয়ৰ ফলত অঞ্চলটো বংগ চুলতানীৰ অন্তৰ্ভুক্ত হৈ পৰে। বংগ চুলতানিত থকা সময়ত অঞ্চলটো ৰাঙামাটি নামেৰে জনাজাত আছিল। ১৫০৫-০৯ চনৰ ভিতৰত অসমৰ বাৰ ভূঞাসকলে হুছেইন শ্বাহৰ পুত্ৰ আৰু কমতাৰ শাসক শ্বাহজাদা দানিয়াল ওৰফে দুলাল গাজীক পৰাস্ত কৰি অঞ্চলটোৰ নিয়ন্ত্ৰণ লৈছিল। তাৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশে তেওঁলোকক উৎখাত কৰে অঞ্চলটোৰ নিয়ন্ত্ৰণ লয়।

ষোড়শ শতিকাৰ শেষৰ ফালে কোচ ৰাজ্য ভাঙি যায় আৰু এই অঞ্চল কোচ হাজো ৰাজ্যৰ অংশ হৈ পৰে। আহোম-মোগল সংঘাত আৰম্ভ হোৱাৰ পিছত (১৬১৯-১৬৮২) মোগল সাম্ৰাজ্যই অঞ্চলটো জয় কৰি বংগ চুবাহৰ লগত সংযুক্ত কৰে। ১৬৫৮ চনৰ আশে-পাশে এই অঞ্চলটো প্ৰায় তিনি বছৰ আহোম ৰাজ্যৰ প্ৰভাৱত আছিল। কিন্তু অঞ্চলটো কেতিয়াও আহোম ৰাজ্যৰ নিয়মীয়া অংশ নাছিল।২ মোগলৰ অধীনত ইয়াৰ প্ৰশাসনিক এলেকা চৰকাৰ ঢেকুৰী নামেৰে গঠিত হয়। ১৭৬৫ চনত বংগত নৱাবী শাসন পতনৰ পিছত বংগৰ বাকী অংশৰ লগতে এই অঞ্চলটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণলৈ আহে। সেই সময়ত, তেওঁলোকে ৰংপুৰ প্ৰশাসনৰ অধীনত অঞ্চলটো পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ সেই সময়ৰ পৰা গোৱালপাৰা ৰংপুৰ জিলাৰ অংশ আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সীমান্ত নীতিৰ অংশ হিচাপে, ১৮১৬ চনৰ কিছু সময়ৰ পিছত "ৰংপুৰৰ উত্তৰ-পূব অংশ" নামৰ এক বিশেষ প্ৰশাসনিক অঞ্চল গঠন কৰা হৈছিল। ১৮২২ চনৰ জানুৱাৰী মাহত ডেভিড স্কটক ইয়াৰ অসামৰিক আয়ুক্ত হিচাপে নিযুক্ত কৰা হয়।

গোৱালপাৰা গঠন

মানৰ সৈতে যুদ্ধৰ পূৰ্বাভাস পাই পূব সীমান্তক এক সামৰিক কমাণ্ডৰ অধীনত ৰখা হৈছিল আৰু ডেভিদ স্কটক উত্তৰ-পূব সীমান্ত আৰু অসমৰ পৰিক্ৰমাৰ ৰাজনৈতিক দিশটো তদাৰক কৰিবলৈ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে নিযুক্তি দিয়া হৈছিল।৩ প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ (মাৰ্চ ১৮২৪) প্ৰথম মাহৰ ভিতৰতে ৰংপুৰৰ পূবৰ অঞ্চলসমূহ, যেনে— কামৰূপ আৰু দৰং (পূৰ্বৰ আহোম ৰাজ্যৰ অধীনত, তেতিয়া মানৰ দখলত থকা) ব্ৰিটিছৰ অধীনলৈ আহে।৪ ১৮২৪ চনৰ অক্টোবৰ মাহৰ ভিতৰত এই নতুনকৈ অধিগ্ৰহণ কৰা অঞ্চলটো "ৰংপুৰৰ উত্তৰ-পূব অংশ"ৰ মুখ্য আয়ুক্ত ডেভিদ স্কটৰ প্ৰশাসনিক নিয়ন্ত্ৰণলৈ আহে৫ আৰু গোৱালপাৰা, কামৰূপ আৰু দৰঙৰ ঐতিহাসিক গোটটো (যিটো বহু পৰিমাণে পূৰ্বৰ কোচ হাজোৰ সৈতে একে আছিল) পশ্চিম অসম (পিছলৈ নামনি অসম) হিচাপে প্ৰসাৰিত হৈ পৰে।৬ ১৮২৫ চনত মানসকলে আহোমৰ ৰাজধানী ৰংপুৰ ত্যাগ কৰে আৰু ১৮২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ইয়াণ্ডাবু সন্ধিৰ পিছত শদিয়া আৰু বেংমৰা অৰ্থাৎ মটক ৰাজ্যৰ (১৮০৫–১৮৩৯) অধীনত থকা এলেকাসমূহৰ বাহিৰে সমগ্ৰ আহোম ৰাজ্য ব্ৰিটিছৰ পোনপটীয়া নিয়ন্ত্ৰণলৈ আহে আৰু ইয়াক উজনি অসম বা পূব অসম বুলি কোৱা হ’বলৈ ধৰে। পশ্চিম আৰু পূব অসমক ক্ৰমে জ্যেষ্ঠ আৰু কনিষ্ঠ— এই দুজন আয়ুক্তৰ অধীনত ৰখা হৈছিল, য’ত জ্যেষ্ঠ আয়ুক্তগৰাকীৰ কনিষ্ঠ আয়ুক্তৰ ওপৰত কিছুমান বিশেষ অধিকাৰ আছিল। ১৮২৮ চনত কনিষ্ঠ আয়ুক্তৰ পদটো বিলুপ্ত কৰা হয়।

১৮৩৩ চনৰ মাৰ্চ মাহত পূৰ্বৰ "উত্তৰ-পূব ৰংপুৰ"ক গোৱালপাৰা জিলা হিচাপে গঠন কৰা হয়।৭ ১৮৬৫ চনত ভূটান যুদ্ধ বা (ডুৱাৰ যুদ্ধ)ৰ অন্তত ব্ৰিটিছে ডুৱাৰ অঞ্চল সম্পূৰ্ণ নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল আৰু গোৱালপাৰাৰ সংলগ্ন অংশবোৰ ইয়াৰ সৈতে যোগ কৰি দিয়া হৈছিল।

জনগাঁথনি

#জিলাহিন্দু জনসংখ্যাহিন্দু%মুছলমান জনসংখ্যামুছলমান%মুঠ জনসংখ্যা
1বঙাইগাঁও359,14548.61%371,03350.22%738,804
2চিৰাং320,64766.50%109,24822.66%482,162
3ধুবুৰী388,38019.92%1,553,02379.67%1,949,258
4গোৱালপাৰা347,87834.51%579,92957.52%1,008,183
5কোকৰাঝাৰ529,06859.64%252,27128.44%887,142
অবিভক্ত গোৱালপাৰা জিলা (মুঠ)1,945,11838.40%2,865,50456.57%5,065,549

আৰু চাওক

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ lsi.gov.in/library/handle/123456789/3171
  2. ↑ " Ahom territory (i e, by and large, the Brahmaputra Valley without the Goalpara district)."
  3. ↑ Bannerjee 1992, পৃ. 5
  4. ↑ Bannerjee 1992, পৃ. 5–6
  5. ↑ Bannerjee 1992, পৃ. 6
  6. ↑ "The territory on the (west)—Biswanath to Goalpara—was known as western Assam; but another name—Lower Assam—gradually came into use" Bannerjee 1992, পৃ. 9
  7. ↑ Bannerjee 1992, পৃ. 53

সম্পৰ্কিত শ্ৰেণী

গোৱালপাৰা জিলাঅসমধুবুৰী জিলাবঙাইগাঁও জিলাকোকৰাঝাৰ জিলাচিৰাং জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অবিভক্ত গোৱালপাৰা জিলা” প্ৰবন্ধৰ সংশোধন ৬১৩৭৪৭ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।