প্ৰাচীন আৰু ঐতিহাসিক অনন্ত থান, বৰ্তমান ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দক্ষিণ প্ৰান্তৰ গোহাঁই চাপৰিত অৱস্থিত। স্থানীয় লোকৰ মুখে মুখে ইয়াৰ নাম অনন্ত আশ্ৰম বুলিও জনা যায়।
ইতিহাস
শংকৰদেৱৰ শিষ্য অনন্ত কন্দলিয়ে এই ঠাইত ধৰ্মীয় ঐতিহাসিক থান স্থাপন কৰিছিল। অনন্ত কন্দলিৰ নামেৰেই এই থানৰ নাম অনন্ত থান হয় বুলি ভৱা হয়।১
স্থাপত্য
অনন্ত থানৰ মূল থানখন পূৰ্বে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক অনন্ত কন্দলিয়ে স্থাপন কৰিছিল বাবে প্ৰথম অৱস্থাত বাঁহ-বেতেৰেই নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰিব পাৰি। বৰ্তমান আধুনিক ধৰণেৰে ভক্তসকলৰ দান বৰঙণিৰে আধুনিক পকী নামঘৰৰ আৰ্হিত গঢ় দিয়া হৈছে।
মণিকূট আৰু কীৰ্ত্তন ঘৰ বৰ্তমান পকী কৰা হৈছে। মণিকূটত পকী গুৰু আসন এখনৰ অৱস্থিতি আছে।
বাটচ'ৰাতে এখন পকী তোৰণ আছে। বাটচ'ৰাৰপৰা মূল থানলৈ দূৰত্ব প্ৰায় ১০০ মিটাৰ। এই থানৰ কাষতে এটা শিৱ মন্দিৰ আছে। থানৰ ওচৰতে এটা পুৰণি পুখুৰীৰ অৱস্থিতি দেখা যায়।
বিবিধ পৰম্পৰা
প্ৰতি দেওবাৰে গাওঁৰ বয়োজ্যেষ্ঠ সকলৰ দ্বাৰা ভাগৱত পাঠ কৰা হয়।দূৰ দূৰণিৰ পৰা বিশ্বাসী লোকসকলে আশিস বিচাৰি এই স্থানলৈ অহা দেখা যায়। বছেৰকীয়া কৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত, ভাওনা, জন্মাষ্টমী, শিৱৰাত্ৰি (কাষৰ শিৱ মন্দিৰত) আদি পালন কৰা হয়। ২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনন্ত থান (আশ্ৰম)” প্ৰবন্ধৰ সংশোধন ২৭৬৭৮৮ (১৪ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।