
আঞ্চল (Anchal)১ ২ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ পুনালুৰ তালুকৰ অন্তৰ্গত এখন ক্ৰমবৰ্ধমান নগৰ আৰু গ্ৰাম পঞ্চায়ত। ই পুনালুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত।৩৪
ব্যুৎপত্তিবিজ্ঞান
‘আঞ্চল’ নামৰ উৎপত্তি সম্পৰ্কে কেইবাটাও কিংবদন্তি প্ৰচলিত আছে। এটা কিংবদন্তি অনুসৰি, বৰ্তমানৰ ৰেঞ্জ অফিচ জংচনৰ স্থানত এসময়ত এটা ‘আঞ্চলাপিছ’ আছিল। সেই ‘আঞ্চলাপিছ’ৰপৰাই ঠাইখনৰ নাম ‘আঞ্চল’ হোৱা বুলি কোৱা হয়। আন এটা কিংবদন্তি অনুসৰি, এই অঞ্চলত পাঁচটা বিবাদৰ সৃষ্টি হৈছিল আৰু সেইবাবেই ইয়াক ‘পাঁচটা বিবাদ, প্ৰবাদ বা সাঁথৰৰ ভূমি’ অৰ্থৰ নামৰ সৈতে সম্পৰ্কিত কৰা হয়।৫ আন এক লোকবিশ্বাস অনুসৰি, অঞ্চলটোত থকা পাঁচজোপা বটগছৰপৰাই ‘আঞ্চল’ নামটো উৎপত্তি হৈছে। এই ব্যাখ্যাত ‘আঞ্চ’ শব্দৰ অৰ্থ পাঁচ আৰু ‘আল’ শব্দৰ অৰ্থ বটগছ; ৫ এই দুটা শব্দৰ সংমিশ্ৰণৰপৰাই ‘আঞ্চল’ নামটো গঠিত হোৱা বুলি কোৱা হয়।
পৰিবহণ
আঞ্চলৰ নিকটতম ৰে’ল ষ্টেচনসমূহ হৈছে পুনালুৰ ৰে’ল ষ্টেচন আৰু কোল্লাম জংচন ৰে’ল ষ্টেচন। এই দুয়োটা ষ্টেচন ক্ৰমে প্ৰায় ১৪ কিলোমিটাৰ আৰু ৩৮ কিলোমিটাৰ দূৰত অৱস্থিত। কোল্লাম জংচন এলেকাৰ হিচাপত কেৰালাৰ দ্বিতীয় বৃহত্তম ৰে’ল ষ্টেচন আৰু ই ৰাজ্যখনৰ অন্যতম পুৰণি ৰে’ল ষ্টেচন। ৬ পুনালুৰ ৰে’ল ষ্টেচন আঞ্চলৰপৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত আৰু বৰ্তমান ই কোল্লাম, তিৰুৱনন্তপুৰম, কোট্টায়ম, এৰ্ণাকুলাম, ত্ৰিছূৰ, পালাক্কাড, নাগৰকইল, কন্যাকুমাৰী, তিৰুনেলভেলি আৰু মাদুৰাইৰ সৈতে ৰে’ল যোগাযোগ স্থাপন কৰে। আঞ্চলৰ নিকটতম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, যি তিৰুৱনন্তপুৰম চহৰত আঞ্চলৰপৰা প্ৰায় ৫৫ কিলোমিটাৰ দূৰত অৱস্থিত। ই কেৰালাৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ইয়াৰপৰা দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা উপলব্ধ।৭ আঞ্চল ৰাষ্ট্ৰীয় ঘাইপথ ৭৪৪ আৰু মেইন চেণ্ট্ৰেল ৰোডৰ মাজত অৱস্থিত। হিলি হাইৱেও আঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে। স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া দাবী হিচাপে নিৰ্মাণ কৰা নতুন বাইপাছটো ২০২৪ চনৰ ১৭ মে’ৰপৰা যান-বাহনৰ চলাচলৰ বাবে মুকলি কৰা হয়। আঞ্চল আৰু কেৰালাৰ বিভিন্ন স্থানৰ মাজত একাধিক বাছ সেৱাও চলাচল কৰে।
জনগাঁথনি
২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি, আঞ্চলৰ মুঠ জনসংখ্যা আছিল ৩৩,০৯৮ জন। ইয়াৰে ১৫,৭৩২ জন পুৰুষ আৰু ১৭,৩৫৬ জন মহিলা। অঞ্চলটোৰ সাক্ষৰতাৰ হাৰ ৯৫%; পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৬.৭% আৰু মহিলাৰ ৯৩.৪৯%।২ মুঠ ১১,৯৬০ জন লোক কৰ্মৰত আছিল। কৰ্মৰত জনসংখ্যাৰ ৭১% পুৰুষ আৰু ২৯% মহিলা। অনুসূচিত জাতিৰ লোক মুঠ জনসংখ্যাৰ ৯.০৪%, আনহাতে অনুসূচিত জনজাতিৰ লোক ০.২৫%।৮
উল্লেখযোগ্য ব্যক্তি
- ৰাজীৱ আঞ্চল - এজন চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু ভাস্কৰ্য শিল্পী যিয়ে মালয়ালম ভাষাৰ চিনামাত কাম কৰে।
- বি কেমল পাছা - কেৰালাৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৯
- ৰেচুল পুকুটি - একাডেমী বঁটা বিজয়ী শব্দ অভিযন্তা
- কে ৰাজু- কেৰালাৰ প্ৰাক্তন বন আৰু বন্যপ্ৰাণী মন্ত্ৰী কে ৰাজু
তথ্যসূত্ৰ
- ↑ Bhaskaran, P Bhaskaran. Kollam: A Historic Perspective
- ↑ Anchal Population - Kollam, Kerala. Census2011.co.in
- ↑ Anchal, Anchal Panchayat, Kollam District, Kerala, India. Kerala Tourism
- ↑ Anchal. maps.apple.com
- ↑ അഞ്ചല് ഗ്രാമപഞ്ചായത്ത് (Anchal Grama Panchayat) » ചരിത്രം . Lsgkerala.in
- ↑ RAIL NEWS CENTER: At a glance: Longest railway platforms in India
- ↑ Trivandrum Airport, International Airport Trivandrum, Thiruvananthapuram International Airport, Thiruvananthapuram Airport, kerala, india
- ↑ Anchal Village Population - Pathanapuram - Kollam, Kerala
- ↑ Website High Court of Kerala
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঞ্চল” প্ৰবন্ধৰ সংশোধন ৬২৮৬৫৬ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।