অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অসমৰ ফেৰী দুৰ্ঘটনা

অসমৰ ফেৰী দুৰ্ঘটনা ২০১২ চনৰ ৩০ এপ্ৰিল তাৰিখে অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এক ভয়ংকৰ নৌ-দুৰ্ঘটনা। প্ৰায় ৩৫০জন যাত্ৰী বহন কৰা এখন ফেৰী হঠাৎ অহা ধুমুহাত পৰি নদীত উলটি পৰে। এই দুৰ্ঘটনাত অন্ততঃ ১০৮জন লোকৰ মৃত্যু ঘটে আৰু বহু লোক নিখোঁজ হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৮৪ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অসমৰ ফেৰী দুৰ্ঘটনা ২০১২ চনৰ ৩০ এপ্ৰিল তাৰিখে অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদত সংঘটিত এক ভয়ংকৰ নৌ-দুৰ্ঘটনা। প্ৰায় ৩৫০জন যাত্ৰী বহন কৰা এখন ফেৰী হঠাৎ অহা ধুমুহাত পৰি নদীত উলটি পৰে। এই দুৰ্ঘটনাত অন্ততঃ ১০৮জন লোকৰ মৃত্যু ঘটে আৰু বহু লোক নিখোঁজ হয়।১

দুৰ্ঘটনা

অধিকাৰীসকলৰ মতে, অতিভাৰত পৰিপূৰ্ণ এখন ফেৰী ধুমুহাত পৰি নিয়ন্ত্ৰণ হেৰুৱাই নদীত উলটি যায়। BBC News অনুসৰি ব্ৰহ্মপুত্ৰ নদীত সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ বাবে এইধৰণৰ দুৰ্ঘটনা সাধাৰণ যদিও এইটো সাম্প্ৰতিক সময়ৰ ভিতৰত আটাইতকৈ ভয়াৱহ দুৰ্ঘটনাসমূহৰ ভিতৰত অন্যতম।২

এই দুৰ্ঘটনাটো ধুবুৰী জিলাৰ ফকিৰগঞ্জ গাঁৱৰ ওচৰৰ মেদৰটাৰী অঞ্চলত সংঘটিত হয়, যি গুৱাহাটীৰ পৰা প্ৰায় 350 কি.মি. পশ্চিমে অৱস্থিত।৩

ফেৰীখনত লাইফ জেকেট বা লাইফ বোট নথকা আৰু অধিক যাত্ৰী আৰু সামগ্ৰী বহন কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অধিকাংশ যাত্ৰী আছিল স্থানীয় কৃষক আৰু কৃষি-শ্ৰমিক পৰিয়ালৰ লোক।৪

প্ৰতিক্ৰিয়া

দুৰ্ঘটনাৰ পাছত ভাৰতীয় সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

অসম চৰকাৰে নিহত প্ৰতিজন ব্যক্তিৰ পৰিয়ালক ₹১,৫০,০০০ ক্ষতিপূৰণ ঘোষণা কৰে। গুৰুতৰভাৱে আহত যাত্ৰীসকলক ₹৫০,০০০ সহায় আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হয়।৫

ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু প্ৰধানমন্ত্ৰী মনমোহন সিংয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা অতিৰিক্ত সহায়ৰ ঘোষণা কৰা হয়।

প্ৰভাৱ আৰু গুৰুত্ব

২০১২ চনৰ অসম ফেৰী দুৰ্ঘটনাই ৰাজ্যখনত জলপথ পৰিবহণ ব্যৱস্থাৰ সুৰক্ষা বিষয়টো নতুনকৈ আলোচনাৰ কেন্দ্ৰবিন্দু কৰি তোলে। এই দুৰ্ঘটনাৰ পাছত ব্ৰহ্মপুত্ৰ নদত চলা ফেৰীসমূহৰ অতিভাৰৰ সমস্যা, জীৱন ৰক্ষাৰ সঁজুলি নথকা, আৰু প্ৰতিকূল বতৰৰ সময়ত যাত্ৰা বন্ধ নকৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ পোহৰলৈ আহে। বহু সামাজিক সংগঠন আৰু সংবাদ মাধ্যমে ফেৰী সেৱাত কঢ়া সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ দাবী তোলে। এই ঘটনাই স্থানীয় জনসাধাৰণৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰাৰ লগতে চৰকাৰক জলপথ পৰিবহণ নীতি পুনৰীক্ষণ কৰিবলৈ বাধ্য কৰে। পৰৱৰ্তী সময়ত কিছুমান ঘাটত সুৰক্ষা নিৰ্দেশনা কটকটীয়া কৰা হয় আৰু দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি ন্যায় আৰু সহায়ৰ দাবী জনাই আহে। এই দুৰ্ঘটনাটো অসমৰ ইতিহাসত এক উল্লেখযোগ্য নৌ-দুৰ্ঘটনা।

তথ্যসূত্ৰ

  1. ↑ Search for survivors after India ferry sinking. BBC News
  2. ↑ (1 May 2012). Assam boat tragedy: 103 killed, over 100 missing. The Times of India
  3. ↑ Nath, Anupam. (1 May 2012). 103 die as Indian ferry capsizes. The West Australian
  4. ↑ (1 May 2012). Overloaded ferry capsizes in Assam killing at least 103. Reuters
  5. ↑ (1 May 2012). Assam govt announces compensation for boat tragedy victims. DNA

সম্পৰ্কিত শ্ৰেণী

ধুবুৰী জিলাব্ৰহ্মপুত্ৰ নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ ফেৰী দুৰ্ঘটনা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৪৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।