অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আইনষ্টাইন-জিলাৰ্ডৰ চিঠি

আইনষ্টাইন-জিলাৰ্ডৰ চিঠি "ই. ফাৰ্মি আৰু এল. জিলাৰ্ডৰ কিছুমান শেহতীয়া কামৰ পৰা, যিবিলাকৰ বিষয়ে মোক পাণ্ডুলিপিৰে জনোৱা হৈছে, মই এই আশা কৰিব পৰা হৈছো যে নিকট ভৱিষ্যতত ইউৰেনিয়াম মৌলটোক এটা নতুন আৰু গুৰুত্বপূৰ্ণ শক্তিৰ উৎসলৈ পৰিণত কৰা হ'ব পাৰে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৪ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

আইনষ্টাইন-জিলাৰ্ডৰ চিঠি "ই. ফাৰ্মি আৰু এল. জিলাৰ্ডৰ কিছুমান শেহতীয়া কামৰ পৰা, যিবিলাকৰ বিষয়ে মোক পাণ্ডুলিপিৰে জনোৱা হৈছে, মই এই আশা কৰিব পৰা হৈছো যে নিকট ভৱিষ্যতত ইউৰেনিয়াম মৌলটোক এটা নতুন আৰু গুৰুত্বপূৰ্ণ শক্তিৰ উৎসলৈ পৰিণত কৰা হ'ব পাৰে। পৰিস্থিতিৰ কিছুমান গড়-গতিয়ে সতৰ্কতা বজাই ৰখাৰ লগতে,যদি প্ৰয়োজন হয়, প্ৰশাসনৰ ফালৰ পৰা খৰতকীয়া কাৰ্যব্যৱস্থা গ্ৰহণৰ হকে কয়। গতিকে মই বিশ্বাস কৰোঁ যে নিম্নোলিখিত তথ্যসমূহ আৰু দিহাসমূহ আপোনাৰ দৃষ্টিগোচৰ কৰাটো মোৰ কৰ্তব্যৰ ভিতৰত পৰে। যোৱা চাৰিমাহৰ ভিতৰত ফ্ৰান্সৰ জলিয়টৰ লগতে আমেৰিকাৰ ফাৰ্মি আৰু জিলাৰ্ডৰ কামৰ দ্বাৰা এই কথা বিশ্বাসযোগ্য কৰা হৈছে যে― এটা ডাঙৰ পৰিমাণৰ ইউৰেনিয়ামত নিউক্লীয় শৃঙ্খল বিক্ৰিয়া ঘটোৱাটো সম্ভৱ হ'ব পাৰে, যাৰ দ্বাৰা বিশাল পৰিমাণৰ শক্তি আৰু বেছি পৰিমাণে ৰেডিয়ামৰ দৰে মৌল উৎপন্ন হ'ব, এতিয়া এইটো প্ৰায় নিশ্চিত হৈ পৰিছে যে এই কাম নিকট ভৱিষ্যতত সমাধান কৰা হ'ব।

এই নতুন পৰিঘটনাটোৱে বোমা তৈয়াৰ কৰিবলৈও দিশ দেখুৱাব যদিও বৰ নিশ্চিত নহয় যে এইদৰে এবিধ নতুন ধৰণৰ অতিশয় শক্তিশালী বোমা তৈয়াৰ কৰা হ'ব পাৰে। এই ধৰণৰ এটা বোমা, নাৱেৰে কঢ়িয়াই নি এটা বন্দৰত বিস্ফোৰিত কৰিলে আশে-পাশে থকা কিছুমান অঞ্চলৰে সৈতে গোটেই বন্দৰটোৱেই ধ্বংস কৰিব পাৰে। এনেকুৱা বোমাবিলাক বিমানেৰে কঢ়িয়াবলৈ যথেষ্ট গধুৰ হ'ব। " "মই বুজিব পাৰিছো যে, জাৰ্মানীয়ে চেকোশ্লোভাকিয়াৰ, যাক তেওঁলোকে অধিকাৰ কৰিছে, খনিসমূহৰ পৰা ইউৰেনিয়ামৰ বিক্ৰী বন্ধ কৰিছে। তেওঁলোকৰ এনে আগতীয়া কাৰ্যব্যৱস্থাৰ ঔচিত্য বোধকৰো এই ভিত্তিত বুজিব পৰা হ'ল যে জাৰ্মানীৰ উপ-বিদেশ মন্ত্ৰীৰ পুত্ৰ ভন ৱেইজচকাৰক বাৰ্লিনৰ কাইজাৰ উইলহেল্ম ইনষ্টিটিউটৰ লগত সাঙুৰি দিয়া হৈছে য'ত ইউৰেনিয়ামৰ ওপৰত আগতে আমেৰিকাত কৰা কিছুমান কামকে বৰ্তমান পুনৰ কৰা হৈছে। "

ৰুজভেল্টৰ প্ৰত্যুত্তৰ
ৰুজভেল্টৰ প্ৰত্যুত্তৰছবি: Franklin Delano Roosevelt · Public domain

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইনষ্টাইন-জিলাৰ্ডৰ চিঠি” প্ৰবন্ধৰ সংশোধন ৪৩২০০৬ (১৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।