আনন্দ বজাৰ (Ananda Bazar), অসমৰ বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদবড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত বাক্সা জিলাৰ পশ্চিম প্ৰান্তত শালবাৰী মহকুমাৰ অন্তৰ্ভুক্ত এখন অঞ্চল। আনন্দ বজাৰ অঞ্চলটো বিশেষকৈ সাপ্তাহিক বজাৰ, শিক্ষা আৰু আন আন দিশৰ বাবে বিখ্যাত। বাক্সা জিলাৰ (সদৰ) পৰা ইয়াৰ দূৰত্ব প্ৰায় ৩৬ কিলোমিটাৰ। নামনি অসমৰ মধ্যত ইয়াৰ অৱস্থিতি।১
চাৰিসীমা
আনন্দ বজাৰৰ পূবে সাউদৰভিটা, পশ্চিমে গোবৰ্ধনা, উত্তৰে মানস ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে সৰুপেটা অৱস্থিত।
যাতায়াত
পথেৰে: আনন্দ বজাৰখন গুৱাহাটীৰ পৰা ১১৯ কিলোমিটাৰ( ৩ ঘণ্টা), কোকৰাঝাৰৰ পৰা ১১৫ কিলোমিটাৰ (৩.২০ ঘণ্টা) দূৰত্বত গাড়ী বা বাছেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উপস্থিত হব পাৰি। ৰেলযোগে: নিকটতম ৰেল ষ্টেচন হৈছে বৰপেটা ৰোড (BPRD)। বৰপেটাৰোডৰ পৰা বহুকেইখন লোকেল আৰু মেইল ৰেলগাড়ী দৈনিক অসম তথা আন আন ৰাজ্যলৈ যাতায়াত কৰে। বৰপেটাৰোড ৰেল ষ্টেচনখন ১৮ কিলোমিটাৰ (আনন্দ বজাৰৰ পৰা ৪০ মিনিট যাত্ৰা)
শৈক্ষিক প্ৰতিষ্ঠান
- দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক) আনন্দ বজাৰ
- দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (বাক্সা)২ আনন্দ বজাৰ
- ৰাজেন্দ্ৰ অকাডেমী, (ইংৰাজী মাধ্যম)
- শঙ্কৰদেৱ শিশু নিকেতন, আনন্দ বজাৰ
- গীৰিশ বিদ্যাপীঠ (বিশেষ) উচ্চ মাধ্যমিক বিদ্যালয়,
- গড়আলী ভোলানাথ উচ্চ মাধ্যমিক বিদ্যালয়
- ইউ কেন অকাডেমী (ইংৰাজী মাধ্যম)
বেংক
- অসম গ্ৰামীণ বিকাশ বেংক, আনন্দ বজাৰ শাখা
তথ্যসূত্ৰ
- ↑ Baksa district
- ↑ College. dbdcollege.mydurable.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দ বজাৰ (বাক্সা)” প্ৰবন্ধৰ সংশোধন ৫৪২৫৩৫ (৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।