অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আচানকোভিল নদী

অচানকোভিল নদী (Achankovil River) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মাজেদি বৈ যোৱা ১২৮ কিলোমিটাৰ (৮০ মাইল) দীঘল এখন পশ্চিমমুখী প্ৰৱাহিত নদী। এই নদীখন কেৰালাৰ কোল্লাম, পাথানামথিট্টা আৰু আলাপ্পুঝা জিলাৰ মাজেৰে বৈ গৈছে।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৮০২ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অচানকোভিল নদী (Achankovil River) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মাজেদি বৈ যোৱা ১২৮ কিলোমিটাৰ (৮০ মাইল) দীঘল এখন পশ্চিমমুখী প্ৰৱাহিত নদী। এই নদীখন কেৰালাৰ কোল্লাম, পাথানামথিট্টা আৰু আলাপ্পুঝা জিলাৰ মাজেৰে বৈ গৈছে। নদীখনে আলাপ্পুঝা আৰু পাথানামথিট্টা জিলাৰ উচ্চ কুট্টানাড (Upper Kuttanad) অঞ্চলৰ বিস্তীৰ্ণ উৰ্বৰ সমভূমিৰ পানী নিষ্কাশন কৰে। ইয়াৰ উপৰি, নদীখনৰ গতিপথৰ কাষত থকা কোন্নি, পাথানামথিট্টা, পাণ্ডালাম আৰু মাভেলিক্কাৰা আদি বহুতো নগৰীয়া বসতিকো ই পানী আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ যোগান ধৰে।১

গতিপথ

অচনকোভিল নদীৰ উৎপত্তি পশ্চিমঘাটৰ কোন্নি সংৰক্ষিত বনাঞ্চলত অৱস্থিত দেৱৰ মালা শৃংগত। ঋষিমালা, পশুকিডামেট্টু আৰু ৰামাক্কালথেৰী নদী এই নদীখনৰ প্ৰধান উপনদী।২ উৎপত্তিস্থলৰপৰা অচনকোভিল নদীখন দক্ষিণ-পশ্চিম দিশে বৈ আহি অচনকোভিল গাঁৱৰ ওচৰত কোল্লাম জিলাত প্ৰৱেশ কৰে। তাৰ পিছত নদীখনে গতিপথ সলনি কৰি উত্তৰ-পশ্চিম দিশে বৈ কোল্লাম জিলাৰ মাজেৰে প্ৰায় ২০ কিলোমিটাৰ অতিক্ৰম কৰে আৰু পুনৰ পাথানামথিট্টা জিলাৰ কাল্লেলিৰ ওচৰত প্ৰৱেশ কৰে।

ইয়াৰ পিছত নদীখন কোন্নি, কুম্বাঝা, মাইলাপ্ৰা, কোন্নিথাঝাম, ভেট্টুৰ, পাথানামথিট্টা, প্ৰামাদম আৰু ভাল্লিকোডে আদি পাহাৰীয়া অঞ্চলৰ মাজেৰে বৈ আপাৰ কুট্টানাডত প্ৰৱেশ কৰে। তাৰ পিছত ই কৈপট্টুৰ, নাৰিয়াপুৰম, থুম্বামন, ভেনমনি, কুলানাডা, পাণ্ডালম, এদাপ্পন (নুৰানাড), ভেট্টিয়াৰ, কোল্লাক্কাদাভু আৰু চেৰিয়ানাড আদি ঠাইৰ মাজেৰে বৈ যায়। মাভেলিক্কাৰাত উপনীত হোৱাৰ পিছত নদীখনে উত্তৰ দিশলৈ তীব্ৰভাৱে গতিপথ সলনি কৰে। তাৰ পিছত চেন্নিথালা, পাল্লিপ্পাড আৰু পৈপ্পাডৰ মাজেৰে বৈ গৈ অৱশেষত ভিয়াপুৰমত পাম্বা নদীৰ সৈতে মিলিত হয়। পাম্বা, অচনকোভিল আৰু মণিমালা নদী মিলি পিছত দুটা শাখাত বিভক্ত হয়। ইয়াৰে এটা শাখা থোট্টাপল্লীৰ ওচৰত আৰব সাগৰত মিলিত হয় আৰু আনটো শাখা কাইনাকাৰীৰ ওচৰত ভেম্বানাড হ্ৰদত পৰে।৩

পাথানামথিট্টা চহৰ, যিখন পাথানামথিট্টা জিলাৰ প্ৰশাসনিক সদৰ, এই নদীৰ পাৰত অৱস্থিত। চহৰখনৰ নামো নদীৰ সৈতে জড়িত। মালয়ালমৰ ‘Pathanam’ আৰু ‘Thitta’ শব্দ দুটাৰপৰা Pathanamthitta নামটো আহিছে, যাৰ অৰ্থ হৈছে “নদীৰ পাৰত থকা ঘৰসমূহ”।

আচেনকোভিল গাঁও আৰু সংৰক্ষিত বনাঞ্চল

এই নদীখনৰ জলগ্ৰহণ অঞ্চল হিচাপে সামৰি লোৱা বিস্তৃত বনাঞ্চলটোক আচানকোভিল সংৰক্ষিত বনাঞ্চল (Achenkovil Reserve Forest) বুলি কোৱা হয়। এই সংৰক্ষিত বনাঞ্চল অগস্ত্যমালা জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল (Agasthyamala Biosphere Reserve)-ৰ অন্তৰ্গত।৪

নদীখনৰ উজনি অংশৰ পাৰৰ অঞ্চলত অৱস্থিত এখন সৰু গাঁও হৈছে আচানকোভিল গাঁও। এই গাঁওখন শাবৰীমালা তীৰ্থস্থানৰ সৈতে জড়িত কিংবদন্তি আৰু ধৰ্মীয় পৰম্পৰাৰ বাবে এক গুৰুত্বপূৰ্ণ তীৰ্থকেন্দ্ৰ হিচাপে পৰিচিত। ইয়াৰ উপৰি, আচানকোভিল গাঁওখন কেৰালাৰ কোল্লাম জিলা আৰু তামিলনাডুৰ তেনকাছি জিলাৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ আন্তঃৰাজ্যিক সীমান্ত অঞ্চল হিচাপেও পৰিগণিত।৫

আচানকোভিল সাস্থ মন্দিৰ

আচানকোভিল মন্দিৰ।
আচানকোভিল মন্দিৰ।ছবি: Fotokannan · CC BY-SA 3.0

আচানকোভিল সাস্থ মন্দিৰ, যাক ধৰ্মসাস্থ মন্দিৰ বুলিও কোৱা হয়। এই মন্দিৰটো কেৰালাত ভগৱান অয়্যাপ্পাৰ নামত উৎসৰ্গিত পাঁচটা প্ৰধান মন্দিৰৰ অন্যতম। এই মন্দিৰত ভগৱান অয়্যাপ্পাক গৃহস্থাশ্ৰমত থকা গৃহস্থ ব্যক্তি হিচাপে উপস্থাপন কৰা হৈছে। অৰ্থাৎ, ইয়াত তেওঁ বিবাহিত জীৱন-যাপন কৰা ৰূপত পূজিত হয়। মন্দিৰৰ বিগ্ৰহত অয়্যাপ্পাৰ সৈতে তেওঁৰ দুই পত্নী পূৰ্ণা আৰু পুষ্কলাকো দেখুওৱা হৈছে। প্ৰচলিত বিশ্বাস অনুসৰি, মন্দিৰৰ মূল বিগ্ৰহটো পৰশুৰাম মুনিয়ে প্ৰতিষ্ঠা কৰিছিল।৬

আচানকোভিল সাস্থ মন্দিৰ সাপৰ বিষৰ চিকিৎসাৰ সৈতে জড়িত বিশ্বাসৰ বাবে বিশেষভাৱে বিখ্যাত। মন্দিৰত থকা অয়্যাপ্পাৰ বিগ্ৰহৰ বাঁওহাতত সদায় ‘চন্দন’ (চন্দন কাঠৰ পেষ্ট) আৰু ‘তীৰ্থ’ (পৱিত্ৰ জল) ৰখা হয়।৭ ভক্তসকলৰ মাজত বিশ্বাস আছে যে এই চন্দন আৰু তীৰ্থৰ ঔষধি গুণ আছে আৰু সাপৰ কামোৰৰ বিষ নিৰাময়ত ই সহায় কৰে। মন্দিৰ চৌহদত অয়্যাপ্পাৰ কিংবদন্তিৰ সৈতে জড়িত আন দেৱ-দেৱীৰ বিগ্ৰহো আছে। ইয়াৰ উৎসৱ আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহত তামিল সাংস্কৃতিক পৰম্পৰাৰ গভীৰ প্ৰভাৱ দেখা যায়।

শাবৰীমালা তীৰ্থযাত্ৰাৰ সময়তো বহু ভক্তই আচানকোভিল সাস্থ মন্দিৰলৈ আহি প্ৰাৰ্থনা আৰু পূজা আগবঢ়ায়। প্ৰচলিত বিশ্বাস অনুসৰি, এই মন্দিৰৰ মূল বিগ্ৰহো ঋষি পৰশুৰামৰদ্বাৰা প্ৰতিষ্ঠিত। অয়্যাপ্পা বা সাস্থৰ বিগ্ৰহৰ দুয়োকাষে তেওঁৰ সহধৰ্মিণী পূৰ্ণা আৰু পুষ্কলাৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা হৈছে। মন্দিৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাৰ্ষিক উৎসৱ মালয়ালম পঞ্জিকাৰ ধনু মাহৰ প্ৰথম দিনৰপৰা দশম দিনলৈ উদ্‌যাপন কৰা হয়। সাধাৰণতে এই সময়ছোৱা ডিচেম্বৰ–জানুৱাৰী মাহৰ ভিতৰত পৰে।

আচানকোভিল শ্বিয়াৰ জ’ন

ভূতত্ত্বত আচানকোভিল শ্বিয়াৰ জ’ন (Achankovil Shear Zone) হৈছে প্ৰ’টেৰ’জ’ইক যুগৰ এক গুৰুত্বপূৰ্ণ ভূত্বকীয় বিচ্ছিন্নতা। ই দক্ষিণৰ কেৰালা খণ্ডালাইট বেল্ট (Kerala Khondalite Belt—KKB), অৰ্থাৎ ত্ৰিবান্দ্ৰম ব্লক, আৰু উত্তৰৰ চাৰ্ন’কাইট (Charnockite) শিলাখণ্ড, অৰ্থাৎ মাদুৰাই ব্লকৰ মাজত সীমাৰেখা হিচাপে অৱস্থিত।৮ আচানকোভিল নদী এই ভূ-গাঁথনিগত উপত্যকাৰ মাজেৰে বৈ গৈছে।৯

কিছুমান ভূ-তত্ত্ববিদৰ মতে, এই শ্বিয়াৰ জ’নটো ভাৰত আৰু মাদাগাস্কাৰৰ মাজত অতীতৰ স্থল-সংযোগৰ এক গুৰুত্বপূৰ্ণ ভূ-তাত্ত্বিক প্ৰমাণ বহন কৰে। সেই সময়ত দুয়োটা ভূ-খণ্ড গণ্ডোৱানালেণ্ড নামৰ বৃহৎ প্ৰাচীন মহাদেশৰ অংশ আছিল।১০ এই শ্বিয়াৰ জ’নত সংৰক্ষিত ভূ-তাত্ত্বিক চিহ্নসমূহে সেই প্ৰাচীন ভূ-খণ্ডসমূহৰ পাৰস্পৰিক সংযোগ আৰু পিছলৈ হোৱা বিচ্ছিন্নতাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে।

কাইপাটুৰৰ ওচৰৰ আচানকোভিল নদী
কাইপাটুৰৰ ওচৰৰ আচানকোভিল নদীছবি: Stephen Samuel · CC BY 3.0

আকৰ্ষণৰ কাৰণ

এই নদীখনৰ এক বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ গতিপথৰ কাষে কাষে বহুতো প্ৰাচীন মন্দিৰ অৱস্থিত। ইয়াৰপৰা বুজিব পাৰি যে প্ৰাচীন কালৰপৰাই মানুহে নদী অৱবাহিকাখনৰ উৰ্বৰতা আৰু সমৃদ্ধি উপলব্ধি কৰিছিল। সেয়েহে তেওঁলোকে এই অঞ্চলত বসতি স্থাপন কৰিবলৈ পছন্দ কৰিছিল, যাতে উৰ্বৰ মাটিত বিভিন্ন শস্যৰ খেতি কৰিব পাৰে।

  • কেৰিংগালিচাল জলভূমি পাণ্ডালম পৌৰসভা, নুৰানাড আৰু পালামেল পঞ্চায়তৰ বিস্তৃত অঞ্চলজুৰি অৱস্থিত। উদ্ভিদ আৰু প্ৰাণীজগতৰ বৈচিত্ৰ্যৰ বাবে বিখ্যাত এই জলাভূমি অচনকোভিল নদীৰ পাৰত অৱস্থিত।১১
  • অচনকোভিল নদীৰ অৱবাহিকাত মধ্যযুগত বৌদ্ধ বসতি সক্ৰিয়ভাৱে গঢ় লৈ উঠিছিল। বৰ্তমান ভেনমনিৰ ওচৰত থকা চামাক্কাভু শাৰংগাকাভু দেৱী মন্দিৰ এটা হিন্দু মন্দিৰ যদিও অতীতত ই এটা বৌদ্ধ উপাসনাস্থলী আছিল। পিছলৈ ইয়াক প্ৰথমে বিষ্ণু মন্দিৰলৈ ৰূপান্তৰ কৰা হয়, যিটো তেতিয়া শাৰংগ-কাভু নামেৰে পৰিচিত আছিল, আৰু পৰৱৰ্তী সময়ত ই দেৱী মন্দিৰলৈ ৰূপান্তৰিত হয়। ইয়াত অনুষ্ঠিত বাৰ্ষিক ৰথোৎসৱ আৰু অন্যান্য পৰম্পৰাসমূহ কেৰালাৰ প্ৰাচীন বৌদ্ধ পৰম্পৰা কেট্টু কাজ্চাৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয়, যিবোৰ পৰৱৰ্তী সময়ত হিন্দু ধৰ্মীয় পৰম্পৰাৰ সৈতে একীভূত হৈছিল। মাভেলিক্কাৰাৰ ওচৰত উদ্ধাৰ হোৱা কৰুমাডিক্কুট্টনৰ মূৰ্তি আৰু অন্যান্য বৌদ্ধ অৱশেষেও এই অঞ্চলত বৌদ্ধ ধৰ্মৰ ঐতিহাসিক উপস্থিতিৰ প্ৰমাণ অধিক শক্তিশালী কৰে।১২১৩
  • কুম্ভাভুৰুট্টি জলপ্ৰপাত কেৰালাৰ কোল্লাম জিলাত অৱস্থিত আৰু ই অচনকোভিল নদীৰ উজনি গতিপথত পৰে।

তথ্যৰ উৎস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kuttoor, Radhakrishnan. (2014-08-04). Flood situation grim in Upper Kuttanad. The Hindu
  2. ↑ Achencoil. www.kerenvis.nic.in
  3. ↑ ഭാസ്‌കര്‍, സാജു. എഴുന്നൂറ് സ്ത്രീകള്‍ ഒരു പുഴയുടെ ജീവന്‍ തിരിച്ചെടുത്ത കഥ. Mathrubhumi
  4. ↑ Mathew, Jose. (2013-12-01). Morpho-ecotypes of endemic flowering plants from Achankovil Shear Zone in Agasthyamalai Biosphere Reserve, Western Ghats, Kerala. Annals of Plant Sciences. পৃ. 514–519
  5. ↑ (2018-03-17). Walk on the wild side!. Deccan Chronicle
  6. ↑ (2021-02-14). Forest road to be opened to traffic. The Hindu
  7. ↑ (September 13, 2014). This Kollam temple offers unique cure for snakebites. The Times of India
  8. ↑ Fig. 1. Geology of south India (modi? ed after Santosh and Sajeev,... ResearchGate
  9. ↑ Figure 1. a, A general map showing location of Achankovil Shear Zone... ResearchGate
  10. ↑ Praharaj, P.; S, R. (2018-12-01). The Achankovil Shear Zone, Southern India: Extension into Madagascar. AGU Fall Meeting Abstracts. পৃ. T33C–0420
  11. ↑ KLSO News Updates 2015. www.wwfindia.org
  12. ↑ Mavelikkara's tourism charms are unknown. OnManorama
  13. ↑ Local History of Mavelikkara. University of Kerala

সম্পৰ্কিত শ্ৰেণী

নদীভাৰতৰ নদীকেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আচানকোভিল নদী” প্ৰবন্ধৰ সংশোধন ৬২৬৩৪৫ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।