সমজিলা (Co-District) ভাৰতৰ অসম ৰাজ্যৰ জিলা-স্তৰৰ তলৰ এক প্ৰশাসনিক একক। ৰাজ্যখনৰ প্ৰশাসনিক সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ অধিক সহজে লৈ যোৱা আৰু জিলা সদৰৰ ওপৰত প্ৰশাসনিক চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে অসমত সমজিলা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। সমজিলাসমূহে জিলা প্ৰশাসনৰ বিকেন্দ্ৰীকৃত একক হিচাপে ভূমি ৰাজহ, প্ৰমাণ-পত্ৰ জাৰি, দণ্ডাধীশ সম্পৰ্কীয় কাম-কাজ, দুৰ্যোগ ব্যৱস্থাপনা আৰু অন্যান্য চৰকাৰী সেৱা প্ৰদান কৰে।১
সমজিলাৰ প্ৰশাসনৰ মুৰব্বীক সমজিলা আয়ুক্ত (Co-District Commissioner) বুলি কোৱা হয়। ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত অসম চৰকাৰে সমজিলা আয়ুক্তক সংশ্লিষ্ট সমজিলাৰ পূৰ্ণকালীন প্ৰশাসনিক মুৰব্বী হিচাপে কাৰ্য কৰিবলৈ নিৰ্দেশ জাৰি কৰে।২
২০২৪ চনত প্ৰথম পৰ্যায়ত ৩৯টা আৰু ২০২৫ চনত দ্বিতীয় পৰ্যায়ত ১০টা সমজিলা কাৰ্যকৰী কৰাৰ পাছত অসমত সমজিলাৰ সংখ্যা ৪৯ হৈছিল।৩ ২০২৬ চনৰ আগষ্ট মাহত আৰু ৮টা সমজিলা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সেইকেইটা কাৰ্যকৰী হোৱাৰ পাছত ৰাজ্যখনত মুঠ সমজিলাৰ সংখ্যা ৫৭ হয়।৪
ইতিহাস
অসমত সমজিলা ব্যৱস্থা প্ৰশাসনিক বিকেন্দ্ৰীকৰণৰ এক পদক্ষেপ হিচাপে প্ৰৱৰ্তন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে নাগৰিকসকলক জিলা সদৰলৈ যাবলগীয়া প্ৰয়োজন হ্ৰাস কৰি ওচৰৰ প্ৰশাসনিক কেন্দ্ৰৰ জৰিয়তে বিভিন্ন চৰকাৰী সেৱা লাভৰ সুবিধা প্ৰদান কৰা।২
প্ৰথম পৰ্যায়
২০২৪ চনৰ ৪ আৰু ৫ অক্টোবৰ তাৰিখে অসম চৰকাৰে ২১খন জিলাত ৩৯টা সমজিলা কাৰ্যকৰী কৰে।১ এই সমজিলাসমূহৰ জৰিয়তে ভূমি আৰু ৰাজহ প্ৰশাসন, প্ৰমাণ-পত্ৰ, দণ্ডাধীশ সম্পৰ্কীয় কাম-কাজ আৰু অন্যান্য নাগৰিক সেৱা জিলা সদৰৰ পৰিৱৰ্তে অধিক ওচৰৰ প্ৰশাসনিক পৰ্যায়ত প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়।
দ্বিতীয় পৰ্যায়
২০২৫ চনৰ আগষ্ট মাহত আৰু ১০টা নতুন সমজিলা কাৰ্যকৰী কৰা হয়। ইয়াৰ ফলত ৰাজ্যখনত সমজিলাৰ সংখ্যা ৪৯লৈ বৃদ্ধি পায়।৩
তৃতীয় পৰ্যায়
২০২৬ চনৰ ১৮ আগষ্টত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত আঠটা নতুন সমজিলা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত অনুমোদন কৰা হয়।৫ নতুন সমজিলাকেইটা হ'ল—
- কামৰূপ জিলাৰ কামালপুৰ
- নগাঁও জিলাৰ বঢ়মপুৰ
- লখিমপুৰ জিলাৰ ৰঙানদী
- ধেমাজি জিলাৰ চিচিবৰগাঁও
- ডিব্ৰুগড় জিলাৰ চাবুৱা–লাহোৱাল
- গোলাঘাট জিলাৰ খুমটাই
- কাছাৰ জিলাৰ কাটিগড়া
- কাছাৰ জিলাৰ বৰখলা৪
এই আঠটা সমজিলা কাৰ্যকৰী হোৱাৰ ফলত অসমৰ মুঠ সমজিলাৰ সংখ্যা ৫৭লৈ বৃদ্ধি পায়।৪ নতুন আঠটা সমজিলাৰ মুখ্য কাৰ্যালয় সংশ্লিষ্ট জিলা উপায়ুক্তসকলে অভিভাৱক মন্ত্ৰীৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয় স্থানত নিৰ্ধাৰণ কৰিব বুলি চৰকাৰে জনায়।৫
প্ৰশাসন
সমজিলাসমূহ সংশ্লিষ্ট জিলাৰ প্ৰশাসনিক গাঁথনিৰ অংশ। সমজিলা আয়ুক্তই সমজিলাৰ প্ৰশাসনিক কাম-কাজৰ নেতৃত্ব দিয়ে। ২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ চৰকাৰী নিৰ্দেশ অনুসৰি সমজিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট সমজিলাৰ পূৰ্ণকালীন প্ৰশাসনিক মুৰব্বী হিচাপে কাৰ্য কৰে।২
সমজিলাৰ প্ৰশাসনিক কাৰ্যালয়ৰ জৰিয়তে নাগৰিকসকলে জিলা সদৰলৈ নোযোৱাকৈ বিভিন্ন চৰকাৰী সেৱা লাভ কৰাৰ সুবিধা লাভ কৰে।
কাৰ্যসমূহ
সমজিলাসমূহে স্থানীয় পৰ্যায়ত বিভিন্ন প্ৰশাসনিক আৰু ৰাজহুৱা সেৱা প্ৰদান কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য—
- ভূমি আৰু ৰাজহ প্ৰশাসন
- ভূমি-সম্পৰ্কীয় নথি আৰু সেৱা
- জাতি, আয়, বাসস্থান আদি বিভিন্ন প্ৰমাণ-পত্ৰ জাৰি
- কাৰ্যবাহী দণ্ডাধীশৰ ক্ষমতাৰ প্ৰয়োগ
- দুৰ্যোগ ব্যৱস্থাপনা
- বান আৰু অন্যান্য দুৰ্যোগৰ সময়ত সাহায্য আৰু প্ৰশাসনিক সমন্বয়
- বিভিন্ন চৰকাৰী আঁচনিৰ স্থানীয় পৰ্যায়ত ৰূপায়ণ
- অন্যান্য নাগৰিক-কেন্দ্ৰিক চৰকাৰী সেৱা১
অসমৰ সমজিলাসমূহ
২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈ অসমত মুঠ ৫৭টা কাৰ্যকৰী সমজিলা আছে। ইয়াৰে ৪৯টা ২০২৪–২০২৫ চনত কাৰ্যকৰী কৰা হৈছিল আৰু ৮টা ২০২৬ চনত নতুনকৈ কাৰ্যকৰী কৰা হয়।৪
| ক্ৰমিক নং | জিলা | সমজিলা | মুখ্য কাৰ্যালয় |
|---|---|---|---|
| 1 | ধুবুৰী জিলা | বিলাসীপাৰা | বিলাসীপাৰা |
| 2 | গোলকগঞ্জ | গোলকগঞ্জ | |
| 3 | বঙাইগাঁও জিলা | অভয়াপুৰী | অভয়াপুৰী |
| 4 | কামৰূপ জিলা | ৰঙিয়া | ৰঙিয়া |
| 5 | বকো–ছয়গাঁও | বকো | |
| 6 | পলাশবাৰী | মিৰ্জা | |
| 7 | কামালপুৰ | — | |
| 8 | নগাঁও জিলা | কলিয়াবৰ | কলিয়াবৰ মহকুমা |
| 9 | ৰহা | ৰহা | |
| 10 | বঢ়মপুৰ | — | |
| 11 | বিশ্বনাথ জিলা | গহপুৰ | গহপুৰ |
| 12 | বিহালী | বিহালী | |
| 13 | লখিমপুৰ জিলা | ঢকুৱাখানা | ঢকুৱাখনা |
| 14 | ৰঙানৈ | — | |
| 15 | ধেমাজি জিলা | জোনাই | জোনাই |
| 16 | চিচিবৰগাঁও | — | |
| 17 | তিনিচুকীয়া জিলা | মাৰ্ঘেৰিটা | মাৰ্ঘেৰিটা মহকুমা |
| 18 | শদিয়া | শদিয়া | |
| 19 | ডুমডুমা | ডুমডুমা | |
| 20 | মাকুম | মাকুম | |
| 21 | ডিগবৈ | পানবাৰী পথ | |
| 22 | শিৱসাগৰ জিলা | নাজিৰা | নাজিৰা |
| 23 | ডিমৌ | ডিমৌ | |
| 24 | যোৰহাট জিলা | তিতাবৰ | তিতাবৰ মহকুমা |
| 25 | মৰিয়নী | শুকানজনীয়া | |
| 26 | টিয়ক | কেন্দুগুৰি | |
| 27 | গোলাঘাট জিলা | বোকাখাট | বোকাখাত |
| 28 | সৰুপথাৰ | ধনশিৰি | |
| 29 | দেৰগাঁও | দেৰগাঁও | |
| 30 | খুমটাই | — | |
| 31 | কাছাৰ জিলা | লক্ষিপুৰ | লক্ষিপুৰ |
| 32 | ধলাই | ধলাই বজাৰ | |
| 33 | কাটিগড়া | — | |
| 34 | বৰখলা | — | |
| 35 | গোৱালপাৰা জিলা | গোৱালপাৰা পশ্চিম | আগিয়া |
| 36 | দুধনৈ | দুধনৈ | |
| 37 | কামৰূপ মহানগৰ জিলা | দিছপুৰ | দিছপুৰ |
| 38 | ডিমৰীয়া | সোণাপুৰ | |
| 39 | নতুন গুৱাহাটী | হেঙৰাবাৰী | |
| 40 | জালুকবাৰী | জালুকবাৰী | |
| 41 | দৰং জিলা | ছিপাঝাৰ | ছিপাঝাৰ |
| 42 | দলগাঁও | দলগাঁও | |
| 43 | মৰিগাঁও জিলা | জাগীৰোড | জাগী ভকত গাঁও |
| 44 | লাহৰিঘাট | লাহৰিঘাট | |
| 45 | হোজাই জিলা | লামডিং | বামুণগাঁও |
| 46 | শোণিতপুৰ জিলা | ঢেকীয়াজুলি | ঢেকীয়াজুলি |
| 47 | নাদুৱাৰ | কুসুমতোলা | |
| 48 | বৰছলা | ঠেলামৰা | |
| 49 | ৰঙাপৰা | ৰঙাপাৰা | |
| 50 | ডিব্ৰুগড় জিলা | খোৱাং | খোৱাং |
| 51 | দুলীয়াজান | দুলীয়াজান | |
| 52 | টিংখাং | টিংখাং | |
| 53 | নাহৰকটীয়া | নাহৰকটীয়া | |
| 54 | চাবুৱা–লাহোৱাল | — | |
| 55 | চৰাইদেউ জিলা | মাহমৰা | মৰাণহাট |
| 56 | শ্ৰীভূমি জিলা | পথাৰকান্দি | পথাৰকান্দি |
| 57 | ৰামকৃষ্ণ নগৰ | ৰামকৃষ্ণ নগৰ |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ (2024-09-30). Assam: 39 sub-districts to become operational from October 4. India Today NE
- ↑ (2026-09-12). Assam government aims to ensure full-fledged and effective functioning of co-districts. The Sentinel
- ↑ (2025-08-12). Assam to have 10 new co-districts. The Hindu
- ↑ (2026-09-2026). Eight New Co-Districts Become Functional Across Assam, Total Rises to 57. Guwahati Plus
- ↑ (2026-08-18). Assam Cabinet approves operationalisation of 8 new co-districts. India Today NE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ সমজিলাসমূহৰ তলিকা” প্ৰবন্ধৰ সংশোধন ৬৩৬৪৬২ (২১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।