অটল সুৰংগ বা ৰহটাং সুৰংগ হৈছে হিমাচল প্ৰদেশৰ হিমালয়ৰ পীৰপাঞ্জাল মালাৰ লেহ-মানালি ঘাইপথৰ ৰোহটাং গিৰিপথৰ ওপৰত নিৰ্মিত এটা সুৰংগ।১২৩ এই সুৰংগটোৰ দৈৰ্ঘ্য 9.02 কি.মি. সাগৰপৃষ্ঠৰ পৰা আৰু 10000 ফুট উচ্চতাত অৱস্থিত। ই পৃথিৱীৰ আটাইতকৈ দীঘল সুৰংগ। ভাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ নামেৰে সুৰংগটোৰ নামকৰণ কৰা হৈছে৪ এই সুৰংগটোৱে হিমাচল প্ৰদেশৰ মানালী আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেহ মাজৰ দূৰত্ব প্ৰায় ৪৬ কিঃমিঃ হ্ৰাস কৰে আৰু পথ অৱৰোধ বা হিমস্খলনৰ বিপদ অবিহনে ভ্ৰমণৰ সময় ৪ৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰে।৫৬
বৰ্তমান লাডাখলৈ যাবলৈ দুটা পথ আছে। এটা হৈছে অটল সুৰংগৰ মাজেৰে যোৱা লেহ-মানালী ঘাইপথ। শীতৰ মাহত প্ৰবল বৰফ আৰু হিমস্খলনৰ বাবে ৰহটাং গিৰিপথ বছৰি মাত্ৰ চাৰি মাহৰ বাবে খোলা থাকে। সুৰংগৰ মাজত শীতকালত ঘাইপথটো খোলা হ'ব। লেহলৈ যোৱা আন পথটো হৈছে শ্ৰীনগৰ-ড্ৰাছ-কাৰ্গিল-লেহ মহাসৰা পথ যি লাডাখৰ জজিলা গিৰিপথ দ্বাৰা উপনীত হয়। কিন্তু ই বছৰি প্ৰায় চাৰি মাহৰ বাবে বৰফৰ দ্বাৰা অৱৰুদ্ধ হয়। জজিলা গিৰিপথৰ অধীনত ১৪ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই দুটা পথ ভাৰতৰ সামৰিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ।
এই সুৰংগটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ৩ অক্টোবৰ তাৰিখে উদ্বোধন কৰিছিল। এই প্ৰকল্পৰ আনুমানিক ব্যয় ₹৩২০০ কোটি টকা (438 মিলিয়ন আমেৰিকান ডলাৰ।৭.
, ৰাজনাথ সিং, জয় ৰাম ঠাকুৰ আৰু বিপিন ৰাৱাতৰ সৈতে অটল সুৰংগ উদ্বোধন কৰা মুহূৰ্ত]]
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (13 August 2020). Atal Tunnel renamed as ‘Atal Tunnel, Rohtang’. Times of India
- ↑ Polgreen, Lydia. (31 July 2010). India Digs Under Top of the World to Match Rival. The New York Times
- ↑ News, Indian Defence. 9-km-long Atal Tunnel an engineering marvel. Indian Defense News, Indian Armed Forces, IDRW, Defence
- ↑ www.financialexpress.com/infrastructure/roadways
- ↑ Importance of Rohtang Tunnel for Lahaul & Pangi resident. The News Himachal
- ↑ (2020-08-29). Explained: What is the strategic importance of Atal Tunnel at Rohtang?. The Indian Express
- ↑ (2020-10-03). World’s longest highway tunnel opened in Himachal Pradesh. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অটল সুৰংগ” প্ৰবন্ধৰ সংশোধন ২৭০৯০২ (১২ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।