অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আজমেৰ-মেৰৱাৰা

আজমেৰ-মেৰৱাৰা (আজমীৰ প্ৰদেশ আৰু আজমেৰ-মেৰৱাৰা-কেকৰী বুলিও জনা যায়) ঐতিহাসিক আজমেৰ অঞ্চলৰ ব্ৰিটিছ ভাৰতৰ এখন পূৰ্বৰ প্ৰদেশ আছিল। ১৮১৮ চনৰ ২৫ জুনত দৌলত ৰাও সিন্ধিয়াই এই ভূখণ্ড ব্ৰিটিছৰ হাতত অৰ্পণ কৰে। ১৮৬১ চনত উত্তৰ-পশ্চিম প্ৰদেশৰ অংশ হৈ পৰাৰ আগলৈকে ই বেংগল প্ৰেচিডেঞ্চিৰ অধীনত আছিল আৰু।

হালনাগাদ: ৩১ আগষ্ট ২০২৫ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আজমেৰ-মেৰৱাৰা (আজমীৰ প্ৰদেশ১ আৰু আজমেৰ-মেৰৱাৰা-কেকৰী বুলিও জনা যায়) ঐতিহাসিক আজমেৰ অঞ্চলৰ ব্ৰিটিছ ভাৰতৰ এখন পূৰ্বৰ প্ৰদেশ আছিল। ১৮১৮ চনৰ ২৫ জুনত দৌলত ৰাও সিন্ধিয়াই এই ভূখণ্ড ব্ৰিটিছৰ হাতত অৰ্পণ কৰে। ১৮৬১ চনত উত্তৰ-পশ্চিম প্ৰদেশৰ অংশ হৈ পৰাৰ আগলৈকে ই বেংগল প্ৰেচিডেঞ্চিৰ অধীনত আছিল আৰু।২ শেষত ১৮৭১ চনৰ ১ এপ্ৰিলত ই ''আজমেৰ-মেৰৱাৰা-কেকৰ নামেৰে এখন সুকীয়া প্ৰদেশত পৰিণত হৈছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ইংৰাজে ভাৰত এৰি যোৱাৰ সময়ত ই স্বাধীন ভাৰতৰ অংশ হৈ পৰে।৩

এই প্ৰদেশখনত আজমেৰ আৰু মেৰৱাৰ জিলা অন্তৰ্ভূক্ত হৈ আছিল, যি ব্ৰিটিছ ৰাজৰ বাকী অংশৰ পৰা ভৌতিকভাবে পৃথক আছিল আৰু ৰাজপুতনাৰ বহু কেইখন দেশীয় ৰাজ্যৰ মাজত এটা পৰিক্ষেত্ৰ বা এনক্লেভ গঠন কৰিছিল। ব্ৰিটিছৰ আধিপত্য স্বীকাৰ কৰা স্থানীয় সম্ভ্ৰান্ত লোকসকলে শাসন কৰা এই ৰাজ্যসমূহৰ বিপৰীতে আজমেৰ-মেৰৱাৰা প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ দ্বাৰা পৰিচালিত হৈছিল।

১৮৪২ চনত জিলা দুখন ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ হৈ ৰাজপুতনা এজেঞ্চিৰএজেণ্ট, এজন আয়ুক্তৰ অধীনত আছিল আৰু তাৰ পিছত ১৮৫৬ চনত পৃথক হৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা প্ৰশাসিত হৈছিল। অৱশেষত ১৮৫৮ চনৰ পিছত এজন মুখ্য আয়ুক্তৰ অধীনস্থ হৈছিল।

ব্ৰিটিছ শাসন

১৮২৩ চনত ১৮১৮ চনৰ ২৫ জুন তাৰিখৰ সন্ধিমতে গোৱালিয়ৰৰ দৌলত ৰাও সিন্ধিয়াই মেৰৱাৰা (মেৱাৰ) অংশ ব্ৰিটিছৰ হাতত অৰ্পণ কৰে। পাছলৈ আজমেৰ-মেৰৱাৰা পোনপটীয়াকৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ আহিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ১৮৫৮ চনত কোম্পানীৰ ক্ষমতা ব্ৰিটিছ মুকুট আৰু ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ হাতলৈ হস্তান্তৰ কৰা হয়। আজমেৰ-মেৰৱাৰাৰ প্ৰশাসন এজন মুখ্য আয়ুক্তৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল, যি ৰাজপুতনা এজেন্সিৰ ব্ৰিটিছ এজেণ্টৰ অধীনস্থ আছিল।৪

স্বাধীনোত্তৰ কাল

১৯৪৭ চনত বিভাজন আৰু স্বাধীনতাৰ দিনৰ পৰা ১৯৫০ চনলৈকে আজমেৰ-মেৰৱাৰা নকৈ গঠিত ভাৰত ডমিনিয়নৰ প্ৰদেশ হৈ থাকিল। ১৯৫০ চনত ই আজমেৰ ৰাজ্য হয় আৰু ১৯৫৬ চনৰ ১ নৱেম্বৰত আজমেৰক ৰাজস্থান ৰাজ্যত একত্ৰিত কৰা হয়।

ৰাজস্থানৰ ভূমি সংস্কাৰ আৰু জাগীৰ পুনৰ আৰম্ভ আইন, ১৯৫২ ৰাজস্থানৰ ভূমি সংস্কাৰৰ আইনী ইতিহাসৰ মাইলৰ খুটি আছিল, পৰৱৰ্তী সময়ত ৰাজস্থান ভাড়াতীয়া আইন, ১৯৫৫ সমগ্ৰ ৰাজস্থানৰ বাবে প্ৰযোজ্য হৈ পৰিছিল। এই আইনখনৰ অতিক্ৰমণীয় প্ৰভাৱে বৰ্তমানৰ ভাড়াতীয়াসকলক সকাহ দিছিল আৰু সেই অনুসৰি ভাড়াতীয়াসকলক সেই অনুসাৰে অধিকাৰসমূহ প্ৰদান কৰিছিল। এতিয়া জাটসকল অঞ্চলটোৰ প্ৰধান ভূস্বামী।

তথ্যসূত্ৰ

  1. ↑ Geography of India
  2. ↑ The Imperial Gazetteer of India, Oxford, Clarendon Press, 1908-1931
  3. ↑ Provinces of British India
  4. ↑ Ajmer Merwara The Imperial Gazetteer of India, 1909, v. 5, p. 137-146

সম্পৰ্কিত শ্ৰেণী

ব্ৰিটিছ ভাৰতৰ প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজমেৰ-মেৰৱাৰা” প্ৰবন্ধৰ সংশোধন ৫৩৬০৯০ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।