অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আট্টপ্পাদি থুৱৰা

আট্টাপ্পাডি থুৱৰা (Attappady Thuvara) হৈছে ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা ৰহৰ মাহৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত শস্যৰ জাত। এই জাতটো মূলতঃ পালাক্কাড জিলাৰ আট্টাপ্পাডি জনজাতীয় তালুকত খেতি কৰা হয়। ভৌগোলিক সূচক (GI) স্বীকৃতিৰ অধীনত এই শস্যজাতক আট্টপ্পাদি থুৱৰা নামেৰে নিবন্ধিত কৰা হৈছে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৬৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আট্টাপ্পাডি থুৱৰা (Attappady Thuvara) হৈছে ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা ৰহৰ মাহৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত শস্যৰ জাত। এই জাতটো মূলতঃ পালাক্কাড জিলাৰ আট্টাপ্পাডি জনজাতীয় তালুকত খেতি কৰা হয়।১ ২৩

ভৌগোলিক সূচক (GI) স্বীকৃতিৰ অধীনত এই শস্যজাতক আট্টপ্পাদি থুৱৰা নামেৰে নিবন্ধিত কৰা হৈছে।৪

নাম

আট্টাপ্পাডি থুৱৰা হৈছে আট্টাপ্পাডি তালুকৰ এক অতি মূল্যৱান কৃষিজ উৎপাদন, আৰু এই অঞ্চলৰ নাম অনুসৰিয়েই ইয়াৰ নামকৰণ কৰা হৈছে। কেৰালাৰ ৰাজ্যভাষা মালয়ালমত ইয়াক "থুভৰা" (Thuvara) বুলি কোৱা হয়, আনহাতে স্থানীয় জনজাতীয় ভাষাত ইয়াক "থোমাৰা" (Thomara) নামেৰে জনা যায়। ৫৬

বৰ্ণনা

আট্টাপ্পাডি থুৱৰা কেৰালাৰ পালাক্কাঁড় জিলাৰ আট্টাপ্পাডি জনজাতীয় অঞ্চলৰ এক পৰম্পৰাগত কৃষিজ শস্য।৭ এই শস্য আট্টাপ্পাডিত প্ৰায় ৭০০ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ বীজ ডাঙৰ আকাৰৰ, অধিক ওজনযুক্ত আৰু উচ্চ পুষ্টিগুণসম্পন্ন হোৱাৰ বাবে বিশেষভাৱে সমাদৃত।

আট্টাপ্পাডি থুভৰা আৰু আন পৰম্পৰাগত শস্যসমূহ সংৰক্ষণ কৰাৰ লগতে জনজাতীয় লোকসকলৰ জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কেৰালা চৰকাৰে আট্টাপ্পাডি মিলেট ভিলেজ (Attappady Millet Village) কাৰ্যসূচী আৰম্ভ কৰিছে। নীলগিৰি জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ অন্তৰ্গত আট্টাপ্পাডি অঞ্চল বহুতো স্থানীয় শস্যৰ প্ৰজাতি আৰু পশুজাতিৰ আৱাসস্থল। এই অঞ্চলত মূলতঃ জনজাতীয় জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে।৮৯

গ্ৰীষ্মকালীন বৰষুণ আৰম্ভ হোৱাৰ কিছুদিন পাছতে, সাধাৰণতে বিষু উৎসৱৰ সময়ছোৱাত, আট্টাপ্পাডিৰ প্ৰায় প্ৰতিখন গাঁৱতেই আট্টাপ্পাডি থুভৰাৰ বীজ ৰোপণ আৰম্ভ হয়।১০ ব্যাপক পৰিসৰত ইয়াৰ খেতি কৰা হোৱাৰ ফলত এই শস্য স্থানীয় বজাৰসমূহতো সহজে উপলব্ধ হয়। ২০১৭ চনত কৃষি বিভাগে আট্টাপ্পাডিৰ ৪০খন জনজাতীয় বসতিত মুঠ ৪৮৫ হেক্টৰ ভূমিত বিভিন্ন শস্যৰ খেতি কৰিছিল, যাৰ ফলত ১,৬০৫ জন জনজাতীয় লোক উপকৃত হৈছিল। এই খেতিৰ অন্তৰ্গত আছিল ২২৫ হেক্টৰত মিলেট (ক্ষুদ্ৰ শস্য), ১৫০ হেক্টৰত দাইলজাতীয় শস্য, ৫০ হেক্টৰত শাক-পাচলি আৰু ৬০ হেক্টৰত তৈলবীজ (বাদাম)ৰ খেতি। ১১১২

ভৌগোলিক সূচক

২৯ জুলাই ২০২২ তাৰিখে ভাৰত চৰকাৰৰ অধীনস্থ ভৌগোলিক সূচক পঞ্জীয়ন কাৰ্যালয় (Geographical Indications Registry)-এ আট্টাপ্পাডি থুভৰাক ভৌগোলিক সূচক (GI) স্বীকৃতি প্ৰদান কৰে।১৩১৪

আগালিৰ আট্টাপ্পাডি থুভৰা উৎপাদক সংঘম (Attappady Thuvara Uthppadhaka Sangham)-এ ‘আট্টাপ্পাডি থুভৰা’ৰ GI পঞ্জীয়নৰ বাবে প্ৰস্তাৱ দাখিল কৰিছিল। ২০২০ চনৰ মাৰ্চ মাহত আবেদন দাখিল কৰাৰ পাছত, ২০২২ চনত চেন্নাইস্থিত ভৌগোলিক সূচক পঞ্জীয়ন কাৰ্যালয়ে এই শস্যক GI টেগ প্ৰদান কৰে। ইয়াৰ ফলত ‘আট্টাপ্পাডি থুভৰা’ নামটো কেৱল আট্টাপ্পাডি অঞ্চলত উৎপাদিত এই বিশেষ থুভৰা জাতিৰ বাবেহে সংৰক্ষিত হৈ পৰে।

ইয়াৰ লগে লগে আট্টাপ্পাডি থুৱৰা কেৰালাৰ প্ৰথম GI স্বীকৃতিপ্ৰাপ্ত ৰহৰ মাহৰ জাত আৰু কেৰালাৰ ৪০তম GI স্বীকৃতিপ্ৰাপ্ত সামগ্ৰী হিচাপে পৰিগণিত হয়। GI টেগে আট্টাপ্পাডি থুৱৰাক অবৈধ বিক্ৰী আৰু ভুৱা বিপণনৰপৰা সুৰক্ষা প্ৰদান কৰে। লগতে এই শস্যক আইনগত সুৰক্ষা, এক সুকীয়া পৰিচয় আৰু ভৌগোলিক উৎপত্তিৰ স্বীকৃতি প্ৰদান কৰে।

তথ্যসূত্ৰ

  1. ↑ (16 December 2022). State’s five agricultural products get GI Tag. The Hindu
  2. ↑ Velluva, Sanathanan. (2006). Land Settlement and Degradation: Dynamics of Land Use in Recently Settled Forest Areas of Kerala. Serials Publications
  3. ↑ General, India Office of the Registrar. (1966). Census of India, 1961. Manager of Publications
  4. ↑ Attappady Thuvara. ip
  5. ↑ The Calling... State Goods and Services Tax Department. Kerala GST
  6. ↑ (1900). Census of India, 1981: pt. 2A. General population tables. Controller of Publications
  7. ↑ Rajendran, Nanu. (1986). Muduga Language. Ennes Publications
  8. ↑ Nair, K. N.; Menon, Vineetha. (2007). Social Change in Kerala: Insights from Micro-level Studies. Daanish Books
  9. ↑ Singh, V. (2007). Indian Folk Medicines and Other Plant-based Products. Scientific Publishers (India). ISBN 978-81-7233-481-9
  10. ↑ (25 April 2020). Attappady products make it to GI registry just before lockdown. The Times of India
  11. ↑ Conversation, The. (11 November 2024). New research shows young men objectifying women more likely to be violent towards their partners. The New Indian Express
  12. ↑ There is virtually everything on the menu for tribals in Attappady, except nutrition. Onmanorama
  13. ↑ Attappady Thuvara. Intellectual Property India
  14. ↑ Kerala tops GI tag list in FY 2022-23 - ET LegalWorld. ETLegalWorld.com

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতিকেৰালাৰ খাদ‍্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আট্টপ্পাদি থুৱৰা” প্ৰবন্ধৰ সংশোধন ৬২৪৫২৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।