অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আজহিকাল সমুদ্ৰতট

আজহিকাল সমুদ্ৰতট (Azheekal Beach) ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ কৰুণাগাপল্লী তালুকত আৰৱ সাগৰৰ পাৰত অৱস্থিত এটা উপকূলীয় ভূ-আকাৰ। ই আলাপ্পাড উপদ্বীপৰ উত্তৰ প্ৰান্তত অৱস্থিত। আলাপ্পাড হৈছে সাগৰ আৰু টি. এছ. কেনেলৰ মাজত থকা এটা দীঘলীয়া ভূমিখণ্ড।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ৪১৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আজহিকাল সমুদ্ৰতট (Azheekal Beach) ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ কৰুণাগাপল্লী তালুকত আৰৱ সাগৰৰ পাৰত অৱস্থিত এটা উপকূলীয় ভূ-আকাৰ।১২৩ ই আলাপ্পাড উপদ্বীপৰ উত্তৰ প্ৰান্তত অৱস্থিত। আলাপ্পাড হৈছে সাগৰ আৰু টি. এছ. কেনেলৰ মাজত থকা এটা দীঘলীয়া ভূমিখণ্ড। আজহিকাল অঞ্চলটোত আজহিকাল মাছমৰা বন্দৰ অৱস্থিত আৰু ই স্থানীয় মাছমৰা উদ্যোগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ২০০৪ চনৰ ভাৰত মহাসাগৰীয় ভূমিকম্প আৰু ছুনামিৰ পিছত এই সমুদ্ৰতটক অধিক বিপদাপন্ন উপকূলীয় অঞ্চল হিচাপে চিনাক্ত কৰা হয়। বৰ্তমান এই অঞ্চলটো উপকূলীয় খহনীয়া আৰু খনিজ বালি খননৰ প্ৰভাৱৰ বাবে পৰিৱেশবিজ্ঞানীসকলৰ গৱেষণাৰ বিষয় হৈ পৰিছে। ৪

স্থান আৰু ভূগোল

এই সমুদ্ৰতট আৰব সাগৰ আৰু ৰাষ্ট্ৰীয় জলপথ–৩-ৰ টি. এছ. কেনেলৰ মাজত অৱস্থিত আলাপ্পাড উপদ্বীপত অৱস্থিত।৫ উপদ্বীপটোৰ কেইবাটাও স্থানত প্ৰস্থ ৫০ মিটাৰতকৈও কম। আজহিকাল সমুদ্ৰতট কায়ামকুলামৰপৰা প্ৰায় ১২ কিলোমিটাৰ আৰু কৰুণাগাপল্লীৰপৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰত অৱস্থিত। সমুদ্ৰতটটোৰ দৈৰ্ঘ্য প্ৰায় ৬৬০ মিটাৰ।

মৎস্য উদ্যোগ

স্থানীয় অৰ্থনীতি মূলত আজহিকাল মাছ ধৰা বন্দৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। এই বন্দৰে প্ৰায় ১৮০খন মটৰচালিত নাওক সহায়তা কৰে। ইয়াৰে অধিকাংশ নাও ১৫ হৰ্চপাৱাৰতকৈ কম ক্ষমতাসম্পন্ন আৰু মন’ফিলামেণ্ট গিলনেট ব্যৱহাৰ কৰে। ৬ বন্দৰটো কোল্লাম জিলাৰ মৎস্য উদ্যোগৰ মাছ অৱতৰণ আৰু বিতৰণৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। এই মৎস্যখণ্ডত প্ৰত্যক্ষভাৱে অনুমাণিক ১ লাখ লোক কৰ্মৰত।৬

পৰিৱেশ পৰিৱৰ্তন আৰু খনন

তথ্য অনুসৰি আলাপ্পাড উপদ্বীপৰ মাটি-কালি যথেষ্ট হ্ৰাস পাইছে। ১৯৫৫ চনৰ লিথ’গ্ৰাফিক মানচিত্ৰত গাঁওখনৰ মাটি-কালি ৮৯.৫ বৰ্গকিলোমিটাৰ বুলি নথিভুক্ত কৰা হৈছিল; ৭ কিন্তু ২০১৮ চনত ইয়াৰ মাটি-কালি মাত্ৰ ৮.৯ বৰ্গকিলোমিটাৰ বুলি জোখা হয়। ১৯৭৩ চনৰপৰা ২০২০ চনৰ ভিতৰত উপকূলৰ ৫৯.২৪ শতাংশ অংশত খহনীয়া সংঘটিত হৈছে।৮

স্থানীয় বাসিন্দাসকলে এই ভূমি হ্ৰাসৰ বাবে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান, যেনে ইণ্ডিয়ান ৰেয়াৰ আৰ্থছ লিমিটেড (IREL) আৰু কেৰালা মিনাৰেলছ এণ্ড মেটালছ লিমিটেড (KMML)-এ কৰা খনিজ বালিৰ খননক দায়ী কৰে। এই প্ৰতিষ্ঠানসমূহে অনুমাণিক ১২.৭ কোটি টন মজুত থকা খনিজ বালিৰপৰা ইলমেনাইট, ৰুটাইল আৰু জিৰকন আদি খনিজ আহৰণ কৰে। গৱেষণাৰপৰা এইটোও ইংগিত পোৱা গৈছে যে খনন কাৰ্যই স্থানীয় ভূ-গৰ্ভস্থ জলাধাৰত লৱণীয়া পানীৰ অনুপ্ৰৱেশ বৃদ্ধি কৰাত অৰিহণা যোগাব পাৰে।৯

২০০৪ চনৰ চুনামীৰ প্ৰভাৱ

আজহিকাল আৰু আলাপ্পাড অঞ্চলত ২০০৪ চনৰ ভাৰত মহাসাগৰীয় ভূমিকম্প আৰু ছুনামিৰ ফলত ১৩২ৰপৰা ১৪৯জন লোকৰ মৃত্যু হৈছিল। এই দুৰ্যোগত গাঁওখনৰ ২,১৯৪টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয় আৰু আন প্ৰায় ৩,০০০টা ঘৰ ক্ষতিগ্ৰস্ত হয়।১০

গৱেষণাৰপৰা জানিব পৰা যায় যে অঞ্চলটোৰ ভৌগোলিকভাৱে সংকীৰ্ণ অৱস্থান আৰু প্ৰাকৃতিক বালিৰ বাধসমূহ হ্ৰাস পোৱাৰ ফলত বসতিপূৰ্ণ অঞ্চলসমূহ ছুনামিৰ ঢৌৰ প্ৰতি অধিক অসুৰক্ষিত হৈ পৰিছিল। দীৰ্ঘম্যাদী অধ্যয়নত ছুনামিৰপৰা বাচি যোৱা লোকসকলৰ মাজত প’ষ্ট-ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (PTSD)-ৰ লক্ষণো চিনাক্ত কৰা হৈছিল; এই সম্পৰ্কে ছুনামিৰ প্ৰায় এটা দশকৰ পাছত কৰা মূল্যায়নসমূহত উল্লেখ কৰা হয়।১১

আজহিকাল সমুদ্ৰতট
আজহিকাল সমুদ্ৰতটছবি: Vis M · CC BY-SA 4.0

পৰ্যটন আৰু জনগাঁথনি

এই সমুদ্ৰতটটো স্থানীয় পৰ্যটনৰ এক আকৰ্ষণীয় স্থান আৰু ইয়াত সাগৰৰফালে আগবঢ়া এটা জেটী আছে। ইয়াত সাঁতোৰা আৰু সৰু নাও চলোৱাৰ দৰে কাৰ্যকলাপ কৰা হয়। সাধাৰণ বতৰ আৰু স্বাভাৱিক পৰিস্থিতিত সংশ্লিষ্ট সংস্থাসমূহে অঞ্চলটোৰ বিপদৰ মাত্ৰা কম বুলি নিৰ্ধাৰণ কৰে।১২১৩

এই অঞ্চলৰ জনসংখ্যাৰ এটা বৃহৎ অংশ পৰম্পৰাগত মৎস্যজীৱী সম্প্ৰদায়ৰ। ইয়াৰ ভিতৰত হিন্দু ধীৱৰা আৰু আৰায়া সম্প্ৰদায় উল্লেখযোগ্য। ইয়াৰ উপৰি লেটিন কেথলিক আৰু এঝাভা সম্প্ৰদায়ৰ লোকো ইয়াত বসবাস কৰে।১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Azheekal Beach (Azheekal Mangrove Forest) · DTPC. DTPC kollam
  2. ↑ Azheekal Beach Kerala Retreat - Kollam · Timings, Entry Fee, Best Time To Visit · Traveleva. traveleva.in
  3. ↑ Biju E. Paul. (2024-03-05). Kerala's Nooranad leprosy asylum marks historic first: Residents enjoy a day out at Azheekal Beach. The New Indian Express
  4. ↑ Save Alappad, Stop Sand Mining, Kerala, India. EJAtlas
  5. ↑ Elankath, J. (13 December 2020). Kerala village Alappad: Sea erosion continues despite coastal defences. Onmanorama
  6. ↑ Sudhakaran, S.; Varsha, C. Climate Change Vulnerabilities on Livelihood of Fishing and Allied Communities of Southwest Coast of India. ResearchGate
  7. ↑ Anonymous. The Area of Village Has Shrunk From 89.5 Sq Km to 7.6 Sq Km. in 20 Years. International Journal of Scientific Research
  8. ↑ Selvan, C. C. (2020). Shoreline change analysis along the Kerala coast. Journal of Coastal Conservation. পৃ. 1–15
  9. ↑ Sajan, S.; Sreebha, S. (2013). Tsunami on Kerala coast: a study of groundwater quality. Environmental Monitoring and Assessment. পৃ. 9907–9925
  10. ↑ Roos, D. (2 October 2018). The 2004 Tsunami Wiped Away Towns. HISTORY
  11. ↑ Kumar, M. S. (2017). Long-term mental health outcomes following the 2004 Asian tsunami disaster. Indian Journal of Psychiatry. পৃ. 438–444
  12. ↑ Azheekkal South Beach. Sandee
  13. ↑ Azheekal Beach Weather. World Beach Guide
  14. ↑ Menon, A. S. (25 November 2018). Coastal community life under threat. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজহিকাল সমুদ্ৰতট” প্ৰবন্ধৰ সংশোধন ৬৩০০৮১ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।