অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

কল্পনা চাওলা

কল্পনা চাওলা (ইংৰাজী: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা। ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে।

হালনাগাদ: ৫ আগষ্ট ২০২৬ ৬৯৯ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কল্পনা চাওলা (ইংৰাজী ভাষা: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা।১২ ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে।৩ ১৯৯৭ চনত এগৰাকী অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'বটিক আৰ্ম অপাৰেটৰ হিচাপে স্পেছ শ্বাটল্ কলম্বিয়াত কল্পনা চাওলাই প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰে। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলত পুনঃ প্ৰৱেশ কৰাৰ সময়ছোৱাতেই মহাকাশ যানখন ধ্বংসপ্ৰাপ্ত হৈ ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়।৪ মৰণোত্তৰভাৱে কল্পনা চাওলাক কংগ্ৰেছনেল স্পেছ মেডেল অৱ অন'ৰ, নাছাৰ মহাকাশ উৰণ পদক আৰু নাছাৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে।৫ ইয়াৰোপৰি তেওঁৰ সন্মানাৰ্থে ভালেমান পথ, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।৬৭৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬২ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতৰ কৰ্নাল নামে ঠাইত কল্পনা চাওলাৰ জন্ম হৈছিল।৪৩ কল্পনা চাওলাৰ আনুষ্ঠানিক জন্ম তাৰিখ ১৯৬১ চনৰ ১ জুন। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ তেওঁৰ জন্মৰ তাৰিখ সলনি কৰা হৈছিল।৯১০ কল্পনা চাওলাৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে বনাৰসী লাল চাওলা আৰু সংগীতা চাওলা। কল্পনা চাওলা আছিল তেওঁলোকৰ আটাইতকৈ সৰু সন্তান। কল্পনা চাওলাৰ সুনীতা আৰু দীপা নামে দুজনী ভনী আৰু সঞ্জয় নামে এজন ভাতৃ আছিল।৯ উল্লেখযোগ্য যে জন্মৰ পাছতেই কল্পনা চাওলাৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম “ম’ণ্টু” ৰাখিছিল, কিন্তু তিনি বছৰ বয়সত কল্পনা চাওলাই “কল্পনা” নামটো আনুষ্ঠানিক নাম হিচাপে বাছি লয়।৯৩

কল্পনা চাওলাই কৰ্নালৰ টেগোৰ বাল নিকেতন স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰোপৰি তেওঁ কৰ্নালৰ দয়াল সিং কলেজ আৰু ডাভ কলেজ ফৰ ৱুমেনতো শিক্ষা গ্ৰহণ কৰিছিল।৩ ভাৰতৰ পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈমানিকী অভিযান্ত্ৰিকী বিষয়ত স্নাতক ডিগ্ৰী (BSc) লাভ কৰাৰ পাছত তেওঁ ১৯৮২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ১৯৮৪ চনত ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট্ আৰ্লিংটনৰ পৰা এৰ'স্পেছ অভিযান্ত্ৰিকী বিষয়ত স্নাতকোত্তৰ (MSc) ডিগ্ৰী লাভ কৰে।৪৫১১ ১৯৮৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু ১৯৮৮ চনত ইউনিভাৰ্ছিটি অৱ ক’ল'ৰাড’ বোল্ডাৰৰ পৰা এৰ'স্পেছ অভিযান্ত্ৰিকী বিষয়ত পি এইচ ডি লাভ কৰে।৪৫১২

জীৱিকা

]]

১৯৮৮ চনত কল্পনা চাওলাই কেলিফ'ৰ্ণিয়াত অৱস্থিত নাছাৰ এমিছ গৱেষণা কেন্দ্ৰত গৱেষক বিজ্ঞানী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।৫ ১৯৯১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ নাছাৰ মহাকাশচাৰী সংগঠনলৈ আৱেদন দিয়ে। হাউষ্টনত অৱস্থিত জনছন মহাকাশ কেন্দ্ৰত বহুতো পৰীক্ষা-নিৰীক্ষা আৰু আনুষ্ঠানিক সাক্ষাৎকাৰৰ অন্তত ১৯৯৪ চনৰ ডিচেম্বৰ মাহত সংগঠনটোৱে তেওঁক নিৰ্বাচিত কৰে। ১৯৯৫ চনৰ মাৰ্চ মাহত এজন মহাকাশচাৰী প্ৰাৰ্থী হিচাপে তেওঁ নাছাৰ মহাকাশচাৰী সংগঠনত যোগদান কৰে।৩ এবছৰীয়া প্ৰশিক্ষণ আৰু মূল্যাংকন সম্পূৰ্ণ কৰাৰ পাছত মহাকাশচাৰী কাৰ্যালয়ত ইভিএ/ৰ'ব'টিক্স আৰু কম্পিউটাৰ শাখাত কাৰিকৰী কাৰ্যসমূহ কৰিবলৈ কল্পনা চাওলাক কৰ্মচাৰীৰ প্ৰতিনিধিত্বকাৰী হিচাপে নিযুক্ত কৰা হৈছিল। ১৯৯৬ চনৰ নৱেম্বৰ মাহত এছ টি এছ-৮৭ (STS-10) -ৰ অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'ব'টিক আৰ্ম অপাৰেটৰ হিচাপে কল্পনা চাওলাক নিযুক্তি দিয়া হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহত শ্বাটল্ এণ্ড্ ষ্টেশ্ব’ন ফ্লাইট্ ক্ৰূ ইকুইপমেণ্টৰ প্ৰতিনিধিত্বকাৰী হিচাপে কল্পনা চাওলাক নিযুক্তি দিয়া হয়। ১৯৯৭ চনৰ এছ টি এছ-৮৭ (STS-87) আৰু ২০০৩ চনৰ এছ টি এছ-১০৭ (STS-107) অভিযানত কল্পনা চাওলা মহাকাশলৈ গৈছিল। কল্পনা চাওলাই মহাকাশত সৰ্বমুঠ ৩০/৩১ দিন ১৪ ঘণ্টা আৰু ৫৪ মিনিট সময় অতিবাহিত কৰিছে।৫

প্ৰথম মহাকাশ অভিযান

১৯৯৬ চনৰ নৱেম্বৰ মাহত এছ টি এছ-৮৭ (STS-87) -ৰ অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'ব'টিক আৰ্ম অপাৰেটৰ হিচাপে কল্পনা চাওলা নিৰ্বাচিত হয়। উক্ত অভিযানত কল্পনা চাওলাই ৩৭২ ঘণ্টা আৰু ৩৪ মিনিট সময় মহাকাশত পৰিভ্ৰমণ কৰে।৫

দ্বিতীয় মহাকাশ অভিযান

২০০০ চনত এছ টি এছ-১০৭ (STS-107) অভিযানৰ মহাকাশচাৰী হিচাপে কল্পনা চাওলা তেওঁৰ দ্বিতীয় মহাকাশ অভিযানৰ বাবে নিৰ্বাচিত হয়। ২০০৩ চনৰ ১৬ জানুৱাৰী তাৰিখে এছ টি এছ-১০৭ (STS-107) অভিযানৰ বাবে তেওঁ স্পেছ শ্বাটল্ কলম্বিয়াত মহাকাশলৈ প্ৰত্যাৱৰ্তন কৰে। ১৬ দিনীয়া উক্ত অভিযানটোত সফলতাৰে প্ৰায় আশীটা পৰীক্ষা সম্পন্ন কৰা হৈছিল। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে অভিযানটোৰ হঠাৎ পৰিসমাপ্তি ঘটে যেতিয়া আমেৰিকান মহাকাশযান স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীত অৱতৰণ কৰাৰ নিৰ্দিষ্ট সময়তকৈ ১৬ মিনিট আগতেই ধ্বংসপ্ৰাপ্ত হয়।৫

মৃত্যু

মূল প্ৰবন্ধ: স্পেছ শ্বাটল্ কলম্বিয়া দুৰ্ঘটনা

২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত সংঘটিত স্পেছ শ্বাটল্ কলম্বিয়া দুৰ্ঘটনাত ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়। মহাকাশত এছ টি এছ-১০৭ (STS-107) অভিযান সমাপ্ত কৰি পৃথিৱীত অৱতৰণ কৰাৰ কেইমুহূৰ্তমান আগতে স্পেছ শ্বাটল্ কলম্বিয়া ধ্বংসপ্ৰাপ্ত হয়।৪ দুৰ্ঘটনাটোত কল্পনা চাওলাৰ সৈতে নিহত হোৱা বাকী ছয়জন মহাকাশচাৰী আছিল ক্ৰমে কমাণ্ডাৰ ৰিক ডি. হাজবেণ্ড, পাইলট উইলিয়াম চি. মেককুল, পেলোড কমাণ্ডাৰ মাইকেল পি. এণ্ডাৰছন, পেলোড বিশেষজ্ঞ ইলান ৰামোন (প্ৰথম ইজৰাইলী মহাকাশচাৰী), অভিযান বিশেষজ্ঞ ডেভিড এম. ব্ৰাউন আৰু আন এজন অভিযান বিশেষজ্ঞ লৰেল বি. ক্লাৰ্ক।২

সন্মান আৰু স্বীকৃতি

  • Asteroid 51826 Kalpana chawla, one of seven named after the Columbias crew.১৩
  • On February 5, 2003, the ভাৰতৰ প্ৰধানমন্ত্ৰী announced that the meteorological series of satellites, MetSat, was to be renamed "Kalpana". The first satellite of the series, "MetSat-1", launched by India on September 12, 2002 was renamed "Kalpana-1".১৪
  • 74th Street in Jackson Heights, Queens, নিউয়ৰ্ক মহানগৰ has been renamed "Kalpana Chawla Way" in her honor.৬
  • The Kalpana Chawla Award was instituted by the Government of Karnataka in 2004 to recognize young women scientists.১৫
  • NASA has dedicated a supercomputer to Chawla.১৬
  • One of Florida Institute of Technology's student apartment complexes, Columbia Village Suites, has halls named after each of the astronauts, including Chawla.
  • The NASA Mars Exploration Rover mission has named seven peaks in a chain of hills, named the Columbia Hills, after each of the seven astronauts lost in the Columbia shuttle disaster. One of them is Chawla Hill, named after Chawla.
  • Steve Morse from the band Deep Purple created the song "Contact Lost" in memory of the Columbia tragedy along with her interest in the band. The song can be found on the album Bananas.১৭
  • Novelist Peter David named a shuttlecraft, the Chawla, after the astronaut in his 2007 Star Trek novel, Star Trek: The Next Generation: Before Dishonor.১৮
  • The Kalpana Chawla ISU Scholarship fund was founded by alumni of the International Space University (ISU) in 2010 to support Indian student participation in international space education programs.১৯
  • The Kalpana Chawla Memorial Scholarship program was instituted by the Indian Students Association (ISA) at the University of Texas at El Paso (UTEP) in 2005 for meritorious graduate students.২০
  • The Kalpana Chawla Outstanding Recent Alumni Award at the University of Colorado, given since 1983, was renamed after Chawla.২১
  • The University of Texas at Arlington, where Chawla obtained a Master of Science degree in aerospace engineering in 1984, opened a Dormitory named Kalpana Chawla Hall in 2004.২২
Kalpana Chawla Hall, University of Texas Arlington
Kalpana Chawla Hall, University of Texas Arlingtonছবি: Kllwiki · CC BY-SA 4.0

In addition, the university dedicated the Kalpana Chawla Memorial on May 3, 2010, in Nedderman Hall, one of the primary buildings in the College of Engineering.২৩

  • The girls' hostel at Punjab Engineering College is named after Chawla. In addition, an award of INR twenty-five thousand, a medal, and a certificate is instituted for the best student in the Aeronautical Engineering department.২৪
  • The Government of হাৰিয়ানা established the Kalpana Chawla Planetarium in Jyotisar, Kurukshetra.৮
  • The Indian Institute of Technology, Kharagpur, named the Kalpana Chawla Space Technology Cell in her honor.৭২৫
  • Delhi Technological University named a girls' hostel block after Chawla.২৬
  • A military housing development at Naval Air Station Patuxent River, Maryland, has been named Columbia Colony, and includes a street named Chawla Way.
  • Hostel blocks in Maulana Azad National Institute of Technology, SRM Institute of Science and Technology, Sagar Institute of Research & Technology, VIT University, Samrat Ashok Technological Institute and Pondicherry University have been named after Chawla.২৭২৮২৯
  • Kalpana Chawla Government Medical College (KCGMC) is a Medical College located in Karnal, হাৰিয়ানা, India named after Chawla.
  • Kalpana Chawla Chowk is a name given/dedicated to a crossroad in Borivli, Mumbai in memory of the astronaut.
  • The Kalpana One Space Settlement is named in her honor.৩০
  • A block is named as Kalpana Chawla Block in her honor in ABES Engineering college Ghaziabad(Uttar Pradesh) India.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rizvi, Salim. (December 11, 2006). Indo-US astronaut follows Kalpana's footsteps. http://news.bbc.co.uk/. BBC News
  2. ↑ Taylor Redd, Nola. (December 19, 2017). Kalpana Chawla: Biography & Columbia Disaster. Space.com
  3. ↑ Basu, Biman. (2012). Book Review: Biography of Kalpana Chawla. Science Reporter. পৃ. 40-41
  4. ↑ Dismukes, Kim. (March 12, 2004). Kalpana Chawla – STS-107 Crew Memorial. https://spaceflight.nasa.gov/. National Aeronautics and Space Administration (NASA)
  5. ↑ Lyndon, B. (2004). Astronaut Bio: Kalpana Chawla 5/04. https://www.jsc.nasa.gov/. Johnson Space Center (NASA)
  6. ↑ Rajghatta, Chidanand. (Jul 12, 2004). NY has Kalpana Chawla Way. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ Saxena, Ambuj. Kalpana Chawla Space Technology Cell | Flickr – Photo Sharing!. Flickr
  8. ↑ (2010-02-03). IBN News. Ibnlive.in.com
  9. ↑ Harrison, Jean-Pierre. The Edge of Time: The Authoritative Biography of Kalpana Chawla. http://harrisonpublishing.net/. Harrison Publishing. ISBN 978-0-9768279-0-0 (Hardcover)
  10. ↑ Salwi, Dilip M. (February 20, 2004). Did you know Kalpana was called Monto?. http://www.rediff.com/
  11. ↑ Chawla, Kalpana. (1984). MS Thesis Optimization of cross flow fan housing for airplane wing. installation. University of Texas at Arlington. পৃ. 97
  12. ↑ Chawla, Kalpana. (1988). PhD Thesis Computation of dynamics and control of unsteady vortical flows.. University of Colorado at Boulder. পৃ. 147
  13. ↑ Tribute to the Crew of Columbia. NASA JPL
  14. ↑ ISRO METSAT Satellite Series Named After Columbia Astronaut Kalpana Chawla. Spaceref.com
  15. ↑ (2004-03-23). Kalpana Chawla Award instituted. The Hindu
  16. ↑ NASA Names Supercomputer After Columbia Astronaut. About.com
  17. ↑ (2005-08-31). Space Music – Rock/Pop. HobbySpace
  18. ↑ David, Peter; Star Trek: Next Generation: Before Dishonor; Page 24
  19. ↑ Kalpana Chawla International Space University Scholarship
  20. ↑ Kalpana Chawla Memorial Scholarship. UTEP
  21. ↑ Kalpana Chawla Award. University of Colorado
  22. ↑ Kalpana Chawla Hall. University of Texas at Arlington
  23. ↑ Kalpana Chawla Display Dedicated at Nedderman Hall. The University of Texas at Arlington
  24. ↑ Punjab Engineering College remembers Kalpana. The Indian Express
  25. ↑ Space Technology Cell. Kcstc.iitkgp.ernet.in
  26. ↑ Delhi University
  27. ↑ SIRT
  28. ↑ Pondicherry University
  29. ↑ Truba
  30. ↑ KalpanaOne

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান মহাকাশচাৰীভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা চাওলা” প্ৰবন্ধৰ সংশোধন ৬২৩৫৪৫ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।